Logo
image

বন্দে মাতৰম

লোকসভাত জাতীয় সংগীত বন্দে মাতৰমৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা ঐতিহাসিক আলোচনা নিঃসন্দেহে দেশৰ জনগণৰ বাবে আৱশ্যকীয় আৰু প্ৰেৰণাদায় পৰিঘটনা আছিল৷ ইতিহাসৰ কোনো এক স্বৰ্ণীম ক্ষণৰ বাবে দেশৰ সংসদত দল-মত নিৰ্বিশেষে সকলো নেতা একত্ৰিত হোৱা বিষয়টোয়ে ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যৰ পৰিপক্ক অৱস্থাটোকে সূচাইছে৷ ভাৰতৰ জাতীয় সংগীতৰ ৰচয়িতা বংকীমচন্দ্ৰ চেটাৰ্জী আৰু ইয়াৰ লগত জড়িত আন মহাপুৰুষসকলকৰ প্ৰতি দেশৰ গণতন্ত্ৰৰ মন্দিৰত যিদৰে শ্ৰধাঘ্যৰ্ অৰ্পণ কৰা হ’ল, সেই ক্ষণটো লোকসভাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ আজিৰ পৰা ৫০ বছৰৰ পাছত যেতিয়া বন্দে মাতৰমৰ ২০০ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰা হ’ব, তেতিয়া লোকসভাত বন্দে মাতৰমৰ সন্দৰ্ভত হোৱা আলোচনা কালত যিসকলে অংশগ্ৰহণ কৰিছিল, তেওঁলোককো শ্ৰদ্ধাসহকাৰে স্মৰণ কৰা হ’ব৷ দেশৰ জাতীয় সংগীত সন্দৰ্ভত লোকসভাত অনুষ্ঠিত হোৱা আলোচনাৰ শুভাৰম্ভ কৰি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্ৰকাশ কৰি উল্লেখ কৰিছিল যে, যেতিয়া এই গীতটো ৰছনাৰ ১০০টা বছৰ সম্পূৰ্ণ হৈছিল, সেই সময়ত ইয়াক যিদৰে স্মৰণ কৰাটো উচিত আছিল, সেয়া কৰা হোৱা নাছিল৷ কাৰণ সেই সময়ত দেশ জৰুৰীকালীন অৱস্থাৰ গ্ৰাসত আছিল, যাৰবাবে দেশৰ সমগ্ৰ গণতান্ত্ৰিক পৰিকাঠামোটয়েই দূৰ্বল হৈ পৰিছিল৷ 

কিন্তু কোনো এক জাতীয় সম্প্ৰদায়ৰ বৰ্তমানৰ বাবে অতীত অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো অতীতত কৰি অহা ভুলৰ পৰাই শিক্ষা লৈ বৰ্তমানটো অধিক গতিশীল আৰু পৰিষ্কাৰ কৰি তুলিব পৰা যায়৷ দেশৰ জাতীয় আন্দোলনে অংশীদাৰিত্বমূলক চিন্তা-চেতানাক জাগ্ৰত কৰি বিভিন্ন জাতি-ধৰ্ম আৰু ভাষিক সম্প্ৰদায়ৰ মাজত এক ৰাজনৈতিক একতা গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল৷ জাতীয় আন্দোলনৰ সেই অনিৰুদ্ধ গতি অতি সাৱলীলভাবেই প্ৰতিৱিম্বিত হৈছে ‘বন্দে মাতৰম’ৰ মাধ্যমেৰে৷ এই জাতীয় সংগীতেও দেশৰ বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ মাজত একতা আৰু পাৰম্পৰিক সন্মানৰ সেই দিশটোক সমৰ্থন কৰিছিল, যাৰ দ্বাৰা সকলোকে একত্ৰিত কৰি দেশ মাতৃৰ প্ৰতি সেৱাৰ মনোভাৱক উদ্বুদ্ধ কৰি তুলিব পৰা যায়৷ ভাৰতবৰ্ষত কোনোটো গীতকেই কোনো ব্যক্তি বা সম্প্ৰদায়ৰ ওপৰত জাপি দিয়া হোৱা নাছিল৷ কিন্তু এই গীতটোৰ সৰ্বজনীন আবেদন থকাৰ বাবেই সকলোৱে ইয়াৰ মাহাত্ম্য অনুধাৱন কৰিছিল আৰু ইয়াৰ দ্বাৰা উদ্বেলিত হৈ পৰিছিল৷

নিঃসন্দেহে ‘বন্দে মাতৰম’ পশ্চিমবংগৰ জনসাধাৰণৰ অন্তৰাত্মা আৰু আৱেগৰ লগত জড়িত এক বিষয়৷  গতিকে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা চালে এই গীতটোৰ ৰাজনৈতিক প্ৰভাৱ আৰু গুৰুত্ব আছে পশ্চিমবংগতে৷ সেইখন ৰাজ্যখনতে অহা বৰ্ষত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু বিজেপিয়ে  এইবাৰৰ নিৰ্বাচনী ৰণত জয়ী হ’বলৈ উঠি-পৰি লাগিছে৷  এই গীতটোক লৈ গেৰুৱা দলটোৱে যিধৰণৰ এক বাতাবৰণ সৃষ্টি কৰিছে, সেয়া দলটোৰ নিৰ্বাচনী ৰণনীতিৰে এক অংশ বুলি ক’ব পাৰি৷ এই গীটটোৰ ওপৰত লোকসভাত আলোচনা অনুষ্ঠিত কৰি বিজেপিয়ে বংগৰ ভোটাৰ ৰাইজক এনে এক বাৰ্তা প্ৰদান কৰিব বিচাৰিছে যাতে তেওঁলোকে ৰাজনৈতিক বতাহ নিজৰ পক্ষে বোৱাবলৈ সক্ষম হয়৷ দেশৰ ৰাজনীতিৰ এক ঐতিহাসিক পৰিঘটনাক কেন্দ্ৰ কৰি তেওঁলোকে ভাৰতৰ বহুধা বিভক্ত সমাজখনক পুনৰাই একত্ৰিত কৰি তোলাৰ সুযোগ লাভ কৰিছিল যদিও, ইয়াক এক নিৰ্বাচনী মুনাফা লাভৰ হাথিয়াৰ হিচাপেহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ বিৰোধী পক্ষই অভিযোগ কৰা মতে সংসদত অন্যান্য বহুতো আলোচনাযোগ্য গুৰুত্বপূৰ্ণ বিষয় আছিল৷  কিন্তু শাসনাধিষ্ঠিত চৰকাৰখনে ৰাষ্ট্ৰীয় আৰু সংসদীয় অগ্ৰাধিকাৰৰ দুৰ্বল প্ৰদৰ্শনেৰে ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিব পৰা বিষয় এটাহে সংসদত আলোচনাৰ বাবে বাছি লোৱা দেখা গ’ল৷ ‘বন্দে মাতৰম’ৰ দৰে ভাৰতৰ ইতিহাসক সমৃদ্ধ কৰা বিষয় এটাৰ যোগেদি দেশক একত্ৰিত কৰি তোলাৰহে প্ৰয়াস কৰা উচিত৷  সংকীৰ্ণ ৰাজনৈতিক পথাৰত নিৰ্বাচনী মুনাফা লাভৰ বাবে এনে বিষয়বোৰ ব্যৱহাৰ কৰিলে এইবোৰৰ গুৰুত্ব লাঘব হৈ পৰিব আৰু পৰবৰ্তী প্ৰজন্মৰ বাবে এক ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ব৷