একৈশ শতিকা লক্ষ্যহীন, অনিশ্চিত যাত্ৰা
একৈশ শতিকাই ২৫ বছৰ অতিক্ৰম কৰিলে৷ একৈশ শতিকাৰ এক চতুৰ্থাংশ অতিক্ৰম কৰা মানুহ আজি আহি ক’ত উপনীত হৈছেহি, আৰু অনাগত দিনত ক’ত উপনীত হ’বগৈ? কুৰি শতিকাৰ আৰম্ভণিতেই ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ পৃথিৱীয়ে এখন বিশ্বযুদ্ধ দেখিছিল৷ একৈশ শতিকাই ইয়াৰ প্ৰথম ২৫টা বছৰ অন্তত কোনো বৃহৎ বিশ্বজোৰা যুদ্ধৰ কবলত নপৰাকৈ পাৰ কৰিলে৷ এই ২৫ বছৰত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধকে আদি কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন যুদ্ধ হৈছে, কিন্তু সেই যুদ্ধবোৰ স্থানীয় পৰ্যায়তে সীমিত হৈ ৰৈছে৷ ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পাছৰ পৰা পৃথিৱীৰ মানুহে যোৱা ৮০ বছৰ পুনৰ এখন বিশ্বজোৰা যুদ্ধত লিপ্ত হোৱাৰ পৰা বিৰত থাকিবলৈ সক্ষম হৈছে৷ স্থানীয় পৰ্যায়ত বহু সংঘাত এই ৮০ বছৰত পৃথিৱীয়ে দেখিছে৷ কিন্তু সেইবোৰক স্থনীয় পৰ্যায়তে আৱদ্ধ ৰখাত পৃথিৱীৰ মানুহ সফল হৈছে৷ নিঃসন্দেহে এই সময়ছোৱা পৃথিৱীৰ বুৰঞ্জীৰ আটাইতকৈ শান্তিপূৰ্ণ সময়৷
বুৰঞ্জীবিদ নোৱা হাৰৰিয়ে কৈছে বুৰঞ্জী কেৱল অতীতৰ অধ্যয়ন নহয়, লগতে ই পৰিৱৰ্তনৰো অধ্যয়ন৷ মানুহৰ কোনবোৰ সিদ্ধান্তৰ বাবে কোনবোৰ পৰিৱৰ্তন হৈছিল তাৰ অধ্যয়নে দুটা সম্ভৱনাৰ বিষয়ে আমাক অৱগত কৰে৷ প্ৰথমতে মানুহে আন ধৰণে সিদ্ধান্ত ল’লে আন ধৰণৰ পৰিণতি দেখিবলৈ পোৱা গ’লহেঁতেন আৰু বুৰঞ্জী আপৰিহাৰ্য ঘটনাৰ সমষ্টি নহয়৷ মানুহে সামুহিক সিদ্ধান্তৰে বুৰঞ্জীক নিজে বিচৰা ধৰণে গঢ়াৰ সম্ভৱনা থাকে৷ মানুহে আন ধৰণে সিদ্ধান্ত ল’লে হয়তো প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ নহ’লহেঁতেন৷ গতিকে মানুহৰ হাতত তৃতীয় বিশ্বযুদ্ধ ৰোধ কৰাৰ উপায় আছে৷ এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছুমান মানুহৰ সিদ্ধান্ত, বিশেষকৈ যিসকলৰ হাতত ৰাজনৈতিক ক্ষমতা আছে তেওঁলোকৰ সিদ্ধান্তই ক্ষমতাহীন সাধাৰণ মানুহ এজনতকৈ বহু বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ক্ষমতাশালী সকলৰ ক্ষমতা খামুচি ধৰি থকাৰ প্ৰৱণতা পৃথিৱীৰ আটাইতকৈ অধিক যুদ্ধ আৰু অশান্তিৰ কাৰণ৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীজুৰি গণতন্ত্ৰৰ প্ৰসাৰ ঘটিছিল৷ গণতন্ত্ৰত একোজন শাসকৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ থাকে, কাৰণ তেওঁ নিজৰ ইচ্ছাৰ পৰিৱৰ্তে আইনৰ মতেহে শাসন পৰিচালনা কৰিব লাগে আৰু নিিৰ্দিষ্ট সময়ৰ বাবেহে তেওঁ ক্ষমতাত অধিষ্ঠিত হয় আৰু ৰাইজৰ দ্বাৰা নিৰ্দিষ্ট সময়ৰ অন্তত পুনৰ নিৰ্বাচিত হ’লেহে ক্ষমতাত অধিষ্ঠিত হ’ব পাৰে৷ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ বাবেই পৃথিৱীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৮০ বছৰজোৰা এক তুলনামূলকভাৱে শান্তিপূৰ্ণ সময় দেখিবলৈ পাইছে৷
কিন্তু একৈশ শতিকাই ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষ অদিক্ৰম কৰাৰ পাছত আজি পৃথিৱী অলেখ সংকটেৰে ভাৰাক্ৰান্ত৷ নোৱা হাৰাৰিয়ে তিনিটা কাহিনী বা ধ্যান-ধাৰণাৰ কথা উল্লেখ কৰিছে, যিকেইটাই পৃথিৱীৰ বিভিন্ন দেশত ৰাজনৈতিক ক্ষমতা দখল কৰিছিল৷ প্ৰথমটো হ’ল ফেচিজ্ম৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই কাহিনীটোৰ অন্ত পৰে আৰু তাৰ ঠাইত এফালে লিবাৰেল বা উদাৰবাদী কাহিনীটো আৰু আনফালে কমিউনিষ্ট কাহিনীটোৰ শক্তিশালী ৰূপত আবিৰ্ভাৱ ঘটে৷ দুয়োটাৰ মাজত প্ৰচণ্ড সংঘাতো দেখা দিয়ে৷ কুৰি শতিকাৰ আশীৰ দশকটোত ছোভিয়েট ৰাছিয়া আৰু পূৱ ইউৰোপৰ দেশবোৰত কমিউনিষ্ট শাসনৰ পতনৰ লগে লগে কমিউনিষ্ট কাহিনীটোৰ অন্ত পৰে আৰু একমাত্ৰ লিবাৰেলিজ্মৰ কাহিনাটো থাকেগৈ৷ কিন্তু একৈশ শতিকাত এই লিবাৰেল কাহিনীটোও প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু বহুতৰ মতে তাৰ ইতিমধ্যে অন্ত পৰিছে৷ সমগ্ৰ পৃথিৱীজুৰি গণতন্ত্ৰৰ নামত গণতোষণকাৰী-পপুলিষ্ট আধিপত্যবাদী শাসকৰ উত্থান ঘটিছে, তেওঁলোকে বিপুল গণ সমৰ্থন লাভ কৰিছে৷
পৃথিৱী তিনিটা সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ আনবিক অস্ত্ৰৰ ব্যৱহাৰেৰে সমগ্ৰ পৃথিৱী ধবংস হোৱাৰ সম্ভাৱনা নিতৌ বাঢ়ি গৈ আছে৷ প্ৰদূষণৰ সমস্যাই প্ৰায় সমাধানহীন পৰ্যায় পাইছেগৈ৷ আৰু প্ৰযুক্তিৰ বিশেষকৈ তথ্য প্ৰযুক্তিৰ শেহতীয়া উদ্ভাৱনবোৰে মানৱ প্ৰজাতিটোকেই চিনিব নোৱাৰাকৈ সলনি কৰি পেলোৱাৰ সম্ভৱনা সৃষ্টি কৰিছে৷ মাত্ৰ কেইটামান ‘বিগ ডেটা’ কোম্পানীয়ে সমগ্ৰ পৃথিৱীৰ মানুহৰ আবেগ-অনুভূতি, চিন্তা-চেতনাৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পৰা প্ৰযুক্তিৰ অধিকাৰী হৈছে৷
একৈশ শতিকাৰ ২৫টা বছৰ অতিক্ৰম কৰাৰ পাছত আজি পৃথিৱীৰ মানুহে নাজানে যে পাঁচ বছৰ পাছত পৃথিৱীখনৰ কি হ’ব, মানুহ ক’ত উপনীত হ’ব৷ যিসময়ত মানুহৰ মাজত নিমিষতে যোগাযোগ সম্ভৱ কৰি তোলা প্ৰযুক্তিৰ বিকাশ ঘটিছে, সেই সময়তে মানুহৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক, সমাজিক, সাংস্কৃতিক বৈষম্য তীব্ৰ ৰূপত বাঢ়ি গৈ আছে৷ ক’লৈ গৈ আছে নজনা পৃথিৱীখনৰ মানুহক বাট দেখুৱাব পৰা কোনো ধ্যান-ধাৰণা, আদৰ্শ বা কাহিনীৰ অভাৱ মানুহে বৰুকৈ উপলব্ধি কৰিছে৷






