বৰদিন ম্লান, জুবিনৰ স্মৃতিত হেৰাল কেৰল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ডিচেম্বৰঃ মানৱতা, ক্ষমা আৰু শান্তিৰ বাৰ্তাৰে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে উদ্যাপন কৰা হ’ব পৱিত্ৰ বৰদিন৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ উদ্যাপনৰ বাবে সাজু হৈছে৷ প্ৰভু যীশুখ্ৰীষ্টৰ শুভ জন্মদিনটো উদ্যাপনৰ বাবে অসমৰ প্ৰতিটো গীৰ্জাঘৰেই ৰং-বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে৷ বৰদিন উপলক্ষে বজাৰতো দৃষ্টিনন্দন খ্ৰীষ্টমাছ ট্ৰী, কেক, চকলেট আৰু চাণ্টাক্ল’জৰ পোছাকেৰে ভৰি পৰিছে৷ বিশ্বৰ লগতে সমগ্ৰ ভাৰততে কাইলৈ বৰদিন উদ্যাপনৰ বাবে চাৰ্চসমূহত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলেও অসমত এইবাৰৰ বৰদিন উদ্যাপনৰ ক্ষেত্ৰত সেমেকা পৰিৱেশেহে বিৰাজ কৰিছে৷ অসমীয়াৰ আৱেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ অসমীয়া খ্ৰীষ্টান সমাজৰ মাজত পূৰ্বৰ দৰে এইবাৰ বৰদিন পালনত বৰ বিশেষ উৎসাহ নাই৷ প্ৰিয় শিল্পীজনৰ অবৰ্তমানত নিয়মমাফিক ভাবেহে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি বৰদিন পালন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ গীৰ্জসমূহে৷ এক কথাত জুবিনৰ মৃত্যুত বৰদিন ম্লান পৰাই নহয়, গুঞ্জৰিত নহ’ব কেৰলৰ ধবনি৷ বিশেষকৈ গুৱাহাটী মহানগৰীৰ বেপ্টিষ্ট চাৰ্চসমূহৰ লগতে ডনবস্ক’ চেইণ্ট যোচেফ, গুৱাহাটী খ্ৰীষ্ট চাৰ্চ আৰু পল্টন বজাৰ, সোণাইঘূলী গীৰ্জা কৰ্তৃপক্ষই কাইলৈ বৰদিনৰ দিনটোত হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই কেৰল পৰিৱেশনৰ পৰা বিৰত থাকি অনুষ্টুপীয়াকৈ বৰদিন পালন কৰিব৷ বৰদিন উপলক্ষে গুৱাহাটীৰ প্ৰতিটো গীৰ্জতে পৰম্পৰা ৰক্ষা কৰি এইবাৰ ধৰ্মীয় উপাসনাৰহে ব্যৱস্থা কৰিছে খ্ৰীষ্টান সমাজে৷
তদুপৰি বৰদিন উপলক্ষে গীৰ্জাসমূহত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যি প্ৰীতিভোজৰ আয়োজন কৰি আহিছে এইবাৰ সেই ৰাজহুৱা প্ৰীতি ভোজৰ পৰা বিৰত থাকিব৷ মহানগৰীৰ পল্টন বজাৰ আৰু খ্ৰীষ্টানবস্তিৰ বেপ্টিষ্ট চাৰ্চ কৰ্তৃপক্ষই বৰদিনৰ সন্ধ্যা উদ্যাপিত গীত-মাতৰ অনুষ্ঠানৰ লগতে প্ৰীতিভোজৰ পৰা বিৰত থাকিব বুলি জানিবলৈ দিছে৷ উল্লেখ্য, প্ৰচলিত বিশ্বাস অনুসৰি খ্ৰীষ্টপূৰ্ব ৩৩৬ চনত যীশুখ্ৰীষ্টৰ অনুগামী প্ৰথম খ্ৰীষ্টান ৰোমান সম্ৰাটে প্ৰথমবাৰৰ বাবে ২৫ ডিচেম্বৰত যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰিছিল৷ পৰৱৰ্তী সময়ত পোপ জুলিয়াছেও এই দিনটোত যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰাৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছিল৷ সেই তেতিয়াৰে পৰাই প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনটো যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰাৰ পৰম্পৰা চলি আহিছে৷ ইফালে, পৱিত্ৰ বৰদিন উদ্যাপনৰ সময়ত সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰীক সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে৷ প্ৰেম-শান্তি আৰু পুনৰ আৰম্ভণিৰ পৱিত্ৰ বৰদিনৰ আনন্দ উপভোগৰ নামত আনন্দত আত্মহাৰা হৈ অত্যধিক সুৰাপান কৰি বাহন চলাই কোনোৱে যাতে ভয়ংকৰ দুৰ্যোগ-দুৰ্ঘটনাৰ অন্ধকাৰ কঢ়িয়াই আনিবলগীয়া নহয়, তাৰ বাবে পৰিবহণ বিভাগে সকলোৰে প্ৰতি কাতৰ আহ৩ান জনাইছে৷ ইফালে, ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে৷ গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে৷ বৰদিন উপলক্ষে উত্তৰ পূবৰ অনান্য ৰাজ্যকেইখন বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই পবিত্ৰ বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণ বিশেষ খ্ৰীষ্টধৰ্মী লোকসকলক ওলগ জনাইছে৷ এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপাল আচাৰ্যই কয় যে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিস্বাৰ্থ সেৱাৰ অমূল্য-প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে৷ এই উৎসৱে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰি মৰম, ভালপোৱা, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানেৰে ভৰা এখন সমাজ গঢ়াৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়৷






