আৰাৱলীৰ ক্ৰন্দন
দেশৰ আটাইতকৈ পুৰণি পৰ্বতমালা আৰাৱলীৰ পাৰিপাশ্বিৰ্ক অৱক্ষয় হৈছে আমোলাতান্ত্ৰিক উদাসীনতা আৰু মানৱ সমাজৰ ক্ৰমবৰ্ধিত লালসাই যৌথভাৱে কিদৰে ভাৰতৰ প্ৰাকৃতিক সম্পদসমূহৰ লুণ্ঠনত অৱতীৰ্ণ হৈছে, তাৰ এক জ্বলন্ত উদাহৰণ৷ বিগত দশকবোৰত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অবৈধ খনন কাৰ্য আৰু বনাঞ্চল ধবংসৰ গৰাহত পৰি সেই পৰ্বতমালাৰ বিভিন্ন শিলাখণ্ডসমূহ নিশ্চিহ্ন হৈ পৰিছিল; যাৰ পৰিপ্ৰেক্ষিতত মানৱ জাতি আৰু বন্য প্ৰজাতিৰ বসতিৰ বাবে অতিশয় প্ৰয়োজনীয় পৰিৱেশতন্ত্ৰ ক্ৰমান্বয়ে বিনষ্ট হৈ পৰিছিল৷ এসময়ত পাহাৰ, বনাঞ্চল, প্ৰাণী, জলাধাৰা আৰু প্ৰাকৃতিক নিষ্কাশনৰ এক সমৃদ্ধিশালী পৰিৱেশ-তন্ত্ৰ হিচাপে পৰিচিত আৰু ৰাজস্থান, হাৰিয়ানা, দিল্লী আৰু গুজৰাট ৰাজ্যসমূহক সামৰি লোৱা এই আৰাৱলী পৰ্বতমালা এতিয়া দেশৰ সবাতোকৈ অধিক অৱক্ষয়ী পৰ্বতমালা হিচাপে পৰিচিত হোৱাৰ খ্যাতি অৰ্জন কৰিছে৷ এই পৰ্বতমালাৰ অৱশিষ্ট গুৰুত্ব আৰু অৱদান আছিল, সেইখিনিকো সম্পূৰ্ণৰূপে নিঃশেষ কৰি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ে এক নতুন সংজ্ঞা উদ্ভাৱন কৰিলে৷ পৰিৱেশ মন্ত্ৰণালয়ৰ সচিবৰ নেতৃত্বত গঠন কৰা এখন উচ্ছ ক্ষমতাসম্পন্ন সমিতিয়ে আগবঢ়োৱা এই নতুন সংজ্ঞা অনুসৰি, ১০০ মিটাৰ বা ততোধিক স্থানীয়ভাৱে সৃষ্টি হোৱা যিকোনো ভূ-খণ্ডসমূহ, গৰাসমূহ আৰু ইয়াৰ কাষৰীয়া ভূমিসমূহহে আৰাৱলী পৰ্বতমালাৰ অংশ হিচাপে গণ্য কৰা হ’ব৷ উচ্ছতাৰ ক্ষেত্ৰত আগবঢ়োৱা এই নতুন সংজ্ঞাৰ ফলত আৰাৱলী পৰ্বতমালাৰ ৯০ শতাংশ পৰ্বতমালাক খনন কাৰ্য আৰু নিৰ্মাণকাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব৷ অৰ্থাৎ এই সংজ্ঞাৰ অধীনত আৰাৱলী পৰ্বাতমালাৰ ১২,০৮১টাৰ ভিতৰত ১,০৫০টাহে সুৰক্ষিত হৈ থাকিব৷ এই ক্ষেত্ৰত সকলোতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল– কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰস্তাৱত দেশৰ উচ্ছতম ন্যায়ালয়েও সহমত পোষণ কৰিলে৷
আৰাৱলী পৰ্বতমালৰ ৫৫০ কিলোমিটাৰ অঞ্চল ৰাজস্থানৰ অন্তৰ্ভুক্ত হৈ আছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গঠিত কমিটীখনে আগবঢ়োৱা প্ৰস্তাৱত উচ্ছতম ন্যায়ালয়েও ছীল-মোহৰ মাৰি দিয়াৰ ফলত সমগ্ৰ ৰাজ্যখনে ইয়াৰ প্ৰতিবাদত এক ব্যাপক গণ আন্দোলন গঢ়ি উঠা দেখা গ’ল৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ লগতে পৰিৱেশ কৰ্মীসকল আৰু সামাজিক মাধ্যমৰ প্ৰভাৱশালী লোকসকল মুখৰ হৈ পৰিছিল৷ আৰাৱলীক সুৰক্ষাৰ দিয়াৰ স্বাৰ্থত জনতাই গ্ৰহণ কৰা ৰুদ্ৰ ৰূপ দেখি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ঘোষণা কৰিলে যে, আৰাৱলীৰ সুৰক্ষা সম্পৰ্কে অধ্যয়ন সম্পূৰ্ণ নোহোৱালৈকে কোনোধৰণৰ নতুন খনন কাৰ্যৰ অনুমতি প্ৰদান কৰা নহ’ব৷ তদুপৰি, তেওঁ এই কথাও উল্লেখ কৰিছিল যে, আৰাৱলী পৰ্বতমালাৰ মাত্ৰ ০.১৯ শতাংশ অঞ্চলহে খনন কাৰ্যৰ বাবে মুকলি কৰি দিয়া হ’ব৷ কিন্তু অবৈধ খননৰ পৰিসৰ, ১০০ মিটাৰ সংজ্ঞাৰ অধীনত বাদ দিয়া অঞ্চলসমূহত খননৰ ভৱিষ্যৎ পৰিসৰ আৰু চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰতিটো খনন ব্লকৰ দ্বাৰা পৰিব পৰা প্ৰভাৱ সম্পৰ্কে নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হৈ থাকিব৷ খনন কাৰ্যৰ উপৰি এনে কিছুমান বিষয় আছে, যিবোৰেও পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাইছে৷ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৌপাশে থকা আৰাৱলী পৰ্বতমালাৰ অধিকাংশই এই নতুন সংজ্ঞাৰ ফলত নিজৰ অস্তিত্ব হেৰুৱাই পেলাব, যিহেতু এই অঞ্চলত আৰাৱলী পৰ্বতমালাৰ উচ্চতা নতুনকৈ নিৰ্ধাৰিত উচ্ছতাতকৈ কম৷ ইয়াৰ ফলত নিৰ্মাণকাৰ্য আগবঢ়াই নিবৰ বাবে অধিক অঞ্চল মুকলি হৈ পৰিব৷ আৰাৱলী পৰ্বতমালা হৈছে দেশৰ জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে এক অতিশয় গুৰুত্বপূৰ্ণ স্থান৷ দেশৰ উত্তৰ-পশ্চিম অঞ্চলৰ জলবায়ুৰ ওপৰত এই পৰ্বতমালৰ ব্যাপক প্ৰভাৱ আছে৷ এনে প্ৰেক্ষাপটত আৰাৱলীক সুৰক্ষা দিয়াটো দেশৰ পৰিৱেশ-তন্ত্ৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷






