Logo
image

এজেপিয়ে বিজেপিৰ জয় সুগম কৰিব

... এজেপি আৰু কৃষক মুক্তিৰ মতাদৰ্শৰ মিল নাই৷ মিল নথকাৰ কাৰণ থাকিব নালাগে৷ কিয়নো দুয়োটাই জাতীয়তাবাদী সংগঠন৷ খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষা দুয়োটাৰে লক্ষ্য৷ দুয়োটাৰে উদ্দেশ্য বিজেপিক পৰাভূত কৰা৷ অৱশ্যে, আছুৰ নেতৃত্বই তেনে এটা মত পোষণ কৰিছিল দল গঠনৰ প্ৰস্তুতি পৰ্বত৷ পৰৱৰ্তী সময়ত বৰফ গলাৰ সম্ভাৱনা নথকা নহয়৷ পাহৰিব নালাগিব, আছুৱে এসময়ত গঠন কৰা অগপ দলে সম্পূৰ্ণভাৱে মানুহৰ আস্থা হেৰুৱাইছে৷ তেনেস্থলত আছুৱে নতুনকৈ গঠন কৰা এজেপি দলে অতি সহজে ৰাজ্যবাসীৰ পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি কৈ দিব নোৱাৰি৷ এজেপি আৰু কৃষক মুক্তিৰ দলৰ যৌথ প্ৰচেষ্টাইহে বিজেপিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব৷ ইয়াৰ অবিহনে বিজেপিৰ জয়ৰ পথ প্ৰশস্ত হ’ব  ...

আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিয়েহে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব, অগপ দলৰ ৰাজত্বৰ আগলৈকে অসমৰ জনসাধাৰণে এই ধাৰণাটো মনত পুহি ৰাখিছিল৷ ইয়াৰ বাবেই তেওঁলোকে বিপুল উৎসাহেৰে অগপক শাসনৰ গাদীত বহুৱাইছিল৷ তেওঁলোকে পৰম আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে অগপৰ ৰাজত্বকালত অসমৰ অৱস্থা জয়জয়-ময়ময় হ’ব, অসমৰ দীৰ্ঘকালীন সমস্যাসমূহৰ অন্ত পৰিব৷ কিন্তু উন্নতি দূৰৰে কথা, অগপৰ দহ বছৰীয়া ৰাজত্বকালত অসম বহু পিছুৱাই গ’ল৷ ৰাজ্যখনে সন্মুখীন হৈ অহা এটা সমস্যাৰো সমাধান সূত্ৰ নোলাল৷ আটাইতকৈ পৰিতাপৰ কথা, সমস্যাসমূহৰ সমাধানৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দলটোৰ নেতৃবৰ্গ ব্যস্ত হৈ পৰিল স্বাৰ্থ সিদ্ধিত৷ অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ প্ৰতিটো ক্ষেত্ৰতে আঞ্চলিক দলটোৰ চৰকাৰখনে চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিলে৷ দলটোৰ প্ৰতি ৰাইজৰ বিশ্বাস ইমানেই গাঢ় আছিল যে প্ৰথম পাঁচ বছৰীয়া শাসনকালত প্ৰদৰ্শন কৰা চূড়ান্ত ব্যৰ্থতাৰ পাছতো ৰাইজে দলটোক দ্বিতীয়বাৰৰ কাৰণে শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল৷ কিন্তু দ্বিতীয়বাৰৰ শাসনকালতো দলটোৰ ব্যৰ্থতাৰ ধাৰা অব্যাহত থাকিল৷ ৰাইজৰ মোহভংগ হ’ল৷ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ প্ৰতি ৰাইজৰ আস্থা হেৰাল৷ অৱশেষত সৰ্বভাৰতীয় ৰাজনৈতিক দল বিজেপিৰে অগপৰ মিত্ৰতাই, অগপৰ কেইজনমান নেতাই বিজেপি মন্ত্ৰীসভাত যোগদান কৰা কাৰ্যই আঞ্চলিকতাবাদী ৰাজনীতিত কুঠাৰাঘাত কৰিলে৷ অসমত আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ মৃত্যু ঘটিল বুলি বহুতে ধৰি ল’লে৷

২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনলৈ মাথোন কেইটামান মাহহে আছে৷ নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰাৰ লগে লগে আকৌ নতুন আঞ্চলিক দল গঠনৰ ধুম উঠিছে৷ এটা এটাকৈ কেইবাটাও আঞ্চলিক দলে ইতিমধ্যে জন্মলাভ কৰিছে৷ প্ৰশ্ন হ’ল– অগপৰ প্ৰতি মানুহৰ আস্থা সমূলি নাইকিয়া হৈ যোৱাৰ পাছত এই দলসমূহে আঞ্চলিক দলৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰাই আনিব পাৰিব বুলি ভবাৰ থল আছেনে? এই প্ৰশ্নৰ উত্তৰৰ কাৰণে বিগত প্ৰায় কুৰি বছৰীয়া শাসনকালত সৰ্বভাৰতীয় ৰাজনৈতিক দলে অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানত, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ ক্ষেত্ৰত কিধৰণৰ ভূমিকা গ্ৰহণ কৰিলে, সেই বিষয়ে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে৷ অগপৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতালৈ অহা কংগ্ৰেছ দলে একেলেথাৰিয়ে পোন্ধৰ বছৰ ৰাজত্ব কৰিলে৷ কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালত অসমে সন্মুখীন হৈ অহা সবাতোকৈ জটিল সমস্যাটোৰ প্ৰতি অৰ্থাৎ বিদেশীৰ সমস্যাটোৰ প্ৰতি বিন্দুমাত্ৰও গুৰুত্ব আৰোপ নকৰিলে৷ তদুপৰি, ৰাজ্যখনৰ সৰ্বস্তৰতে গা কৰি উঠা অবাধ দুৰ্নীতিয়ে জনসাধাৰণক অতিষ্ঠ কৰি তোলাৰ পাছতো দুৰ্নীতি ৰোধ কৰাৰ বাবে চৰকাৰখনে কোনোধৰণৰ পদক্ষেপেই গ্ৰহণ নকৰিলে৷ এ পি এছ চি পৰীক্ষাত হোৱা দুৰ্নীতি ইয়াৰ এটা উদাহৰণ৷ ৰাজ্যখনৰ প্ৰধান সমস্যাসমূহৰ আৰু প্ৰধানকৈ বিদেশী সমস্যাটোৰ তৎকালীন সমাধানৰ প্ৰতিশ্ৰুতিৰে জনসাধাৰণক আশ্বস্ত কৰি বিজেপিয়ে শাসনৰ গাদী অধিকাৰ কৰিলে৷ কিন্তু শাসনৰ গাদীত বহাৰ পাছতেই দলটোৱে নিৰ্বাচনৰ আগে আগে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি বিদেশী সমস্যাটোৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা স্থিতি গ্ৰহণ কৰিলে৷ বিদেশীক বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰি ৰাজ্যবাসীক প্ৰতাৰণা কৰিলে৷ সিমানেই নহয়, ২৩ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাতো দলটো শোচনীয়ভাৱে ব্যৰ্থ হ’ল৷ সংস্থাপনৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ সুকলমে পৰিচালনা কৰিব নোৱৰাৰ উপৰি পৰীক্ষাসমূহৰ ফলাফল ডেৰ-দুই বছৰলৈ ঘোষণা কৰিব নোৱাৰি দলটোৱে যি অকৰ্মণ্যতাৰ পৰিচয় দিলে, তাৰ দৃষ্টান্ত বিৰল৷ আনকি, ২০১৮ চনতেই অনুষ্ঠিত এ পি এছ চি পৰীক্ষাৰ ফলাফলেই এতিয়ালৈকে ঘোষিত নহ’ল৷ তাতোকৈ আচৰিত কথা, দুৰ্নীতিৰ ক্ষেত্ৰত ‘শূন্য সহনশীল’ নীতি গ্ৰহণ কৰা বুলি প্ৰতিদিনে দোহাৰি থকা চৰকাৰখনৰ আমোলত অনুষ্ঠিত পৰীক্ষাকেইটাই দুৰ্নীতিৰ পৰা মুক্ত নহ’ল৷ আন বিভাগৰ কথা বাদেই, আইন-শৃংখলাৰ দায়িত্বত থকা স্বয়ং আৰক্ষী বিভাগৰ পৰীক্ষাতেই আটাইতকৈ ডাঙৰ কেলেংকাৰী সংঘটিত হ’ল৷ কংগ্ৰেছৰ আমোলত এ পি এছ চি পৰীক্ষাৰ কেলেংকাৰীয়ে ৰাজ্য কঁপাইছিল৷ বিজেপিৰ আমোলত আৰক্ষী বিভাগৰ পৰীক্ষাৰ দুৰ্নীতিয়ে ৰাজ্য কঁপালে৷ পাৰ্থক্য ক’ত? আৰক্ষী বিভাগৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই কিহৰ ইংগিত দিছে? মন কৰিবলগীয়া কথা যে আৰক্ষী বিভাগটো মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত থকা গৃহ বিভাগৰ অন্তৰ্গত৷ নিৰ্বাচনৰ আগে আগে দলটোৱে ধনৰ লোভ দেখুৱাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টাৰে অনেক আঁচনি ঘোষণা কৰিছে৷ আঁচনিসমূহ কিমান দিনলৈ বৰ্তি থাকিব কোৱা টান৷ তৎসত্ত্বেও, আঁচনিসমূহৰ জৰিয়তে অৰ্থ-সংকটত ভুগি থকা এচাম লোকৰ সঁহাৰি লাভ কৰাত বিজেপি যে সফল হ’ব, সেই কথা নিশ্চিতভাৱে ক’ব পাৰি৷

সৰ্বভাৰতীয় ৰাজনৈতিক দলে অসম আৰু অসমীয়াৰ স্বাৰ্থৰক্ষাৰ হকে কাম কৰিব নোৱাৰে৷ ইয়াৰ প্ৰমাণ কংগ্ৰেছৰ নিৰৱচ্ছিন্ন পোন্ধৰ বছৰীয়া আৰু বিজেপিৰ পাঁচ বছৰীয়া শাসনকালৰ পৰা পোৱা গৈছে৷ কেন্দ্ৰীয় নেতৃবৰ্গৰ ওচৰত আত্মসমৰ্পণ নকৰি নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা সবল ব্যক্তিত্বৰ সাহসী ৰাজনীতিক ৰাজ্যিক বিজেপি আৰু কংগ্ৰেছত যে নাই, সেই কথা প্ৰতিজন অসমীয়াই বুজি পাইছে৷ এই ৰাজনীতিকসকলৰ দুৰ্বল ব্যক্তিত্বৰ বাবেই যুগ যুগ ধৰি ৰাজ্যখনে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ পথ আজিলৈকে মুকলি নহ’ল৷ ৰাজ্যিক নেতৃত্বৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই৷ গতিকে, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ কৰি থাকি এটাৰ পাছত এটাকৈ আন্দোলন গঢ়ি তুলিলেই নহ’ব৷ তাৰ কাৰণে অৰ্থনৈতিক, শৈক্ষিক আদি সকলো দিশৰ পৰা ৰাজ্যখন ক্ষতিগ্ৰস্ত হ’ব৷ কিন্তু বঞ্চনাৰ কোনোকালে অন্ত নপৰিব৷ এই কথা উপলব্ধি কৰি সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন এচাম লোকে আগন্তুক নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধান কৰিছে৷ এই বিকল্প শক্তি নিঃসন্দেহে হ’ব লাগিব আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তি৷ অগপ চৰকাৰৰ অদক্ষতা আৰু চৰম ব্যৰ্থতাৰ কথা এওঁলোকে পাহৰা নাই৷ কিন্তু এওঁলোকৰ কথা হ’ল, অগপ চৰকাৰখন গঠিত হৈছিল ৰাজনৈতিক ক্ষেত্ৰখনত সম্পূৰ্ণভাৱে অনভিজ্ঞ কেইজনমান যুৱনেতাৰে৷ ৰাজনৈতিক অনভিজ্ঞতাই আছিল তেওঁলোকৰ ব্যৰ্থতাৰ মুখ্য কাৰণ৷ অগপ এতিয়া প্ৰায় অস্তিত্বহীন৷ নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিত অন্তৰ্ভুক্ত হ’ব লাগিব ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্বতা থকা লোক৷ ইতিমধ্যে এটা এটাকৈ কেইবাটাও ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে৷ এই দলসমূহৰ মাজৰ এটা দলে ইতিমধ্যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিছে৷ খুব সম্ভৱ, বিজেপিক যিকোনোপ্ৰকাৰে ক্ষমতাচ্যুত কৰাই দলটোৰ একমাত্ৰ লক্ষ্য৷ আন দলকেইটাৰ ভিতৰত আছে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম দিয়া এজেপি দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুই-এদিনতে জন্ম দিবলগীয়া দল৷ এই সংগঠন তিনিটাৰ বাহিৰে অন্যান্য সংগঠনে জন্ম দিয়া অথবা জন্ম দিবলৈ বিচৰা দলৰ প্ৰভাৱ ভোটদাতাৰ ওপৰত পৰিব বুলি আমাৰ মনে নধৰে৷ জনা কথা এজেপি আৰু কৃষক মুক্তিৰ দলেও সুকীয়া সুকীয়াকৈ ৰাজনৈতিক যুঁজত নামিলে সুফল লাভ কৰিব নোৱাৰিব৷ দল দুটাৰ ঐক্যবদ্ধতাৰ ওপৰতে আঞ্চলিকতাবাদী ৰাজনীতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷ কৃষক মুক্তিয়ে আৰম্ভণিতে একেখন মঞ্চৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ নেতৃবৰ্গলৈ আহ্বান জনাইছে৷ আছুৰ নেতৃত্বই এই আহ্বানৰ প্ৰতি এতিয়ালৈ সঁহাৰি জনোৱা নাই৷ এওঁলোকৰ মতে, সংগঠন দুটাৰ মতাদৰ্শৰ মিল নাই৷ মিল নথকাৰ কাৰণ থাকিব নালাগে৷ কিয়নো দুয়োটাই জাতীয়তাবাদী সংগঠন৷ খিলঞ্জীয়াৰ স্বাৰ্থৰক্ষা দুয়োটাৰে লক্ষ্য৷ দুয়োটাৰে উদ্দেশ্য বিজেপিক পৰাভূত কৰা৷ অৱশ্যে, আছুৰ নেতৃত্বই তেনে এটা মত পোষণ কৰিছিল দল গঠনৰ প্ৰস্তুতি পৰ্বত৷ পৰৱৰ্তী সময়ত বৰফ গলাৰ সম্ভাৱনা নথকা নহয়৷ পাহৰিব নালাগিব, আছুৱে এসময়ত গঠন কৰা অগপ দলে সম্পূৰ্ণভাৱে মানুহৰ আস্থা হেৰুৱাইছে৷ তেনেস্থলত আছুৱে নতুনকৈ গঠন কৰা এজেপি দলে অতি সহজে ৰাজ্যবাসীৰ পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি কৈ দিব নোৱাৰি৷ এজেপি আৰু কৃষক মুক্তিৰ দলৰ যৌথ প্ৰচেষ্টাইহে বিজেপিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব৷ ইয়াৰ অবিহনে বিজেপিৰ জয়ৰ পথ প্ৰশস্ত হ’ব৷

[লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক]

ফোনঃ ৯৭০৬২-৩১৫৪৬