Logo
image

উক্তি-বক্ৰোক্তি

এছ আই আৰ হৈছে গণতান্ত্ৰিক অধিকাৰ সীমাবদ্ধ কৰাৰ নিৰ্বাচন আয়োগৰ এক অতি সুপৰিকল্পিত ষড়যন্ত্ৰ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে পদক্ষেপ ল’ব৷ তদুপৰি মহাত্মা গান্ধী এন্‌ৰেগা আঁচনি বন্ধ কৰাৰ বিৰুদ্ধে কংগ্ৰেছে পাঁচ জানুৱাৰীৰ পৰা দেশজুৰি আন্দোলন গঢ়ি তুলিব৷ 

– মল্লিকাৰ্জুন খৰ্গে, সভাপতি, কংগ্ৰেছ

অসমত বাংলাদেশৰ প্ৰব্ৰজিত মুছলমানৰ সংখ্যা ৩১ শতাংশ৷ ২০২৭ চনৰ লোকপিয়লত মুছলমানৰ সংখ্যা ৪০ শতাংশৰ ওচৰলৈ যাব৷ সভ্যতাৰ যুঁজত এক নিৰ্ণায়ক ভূমিকা লৈ ১,৪০,০০০ বিঘা মাটি দখলমুক্ত কৰিছোঁ৷ ধৰ্মনিৰপেক্ষতাৰ আৱৰণ পৰিধান নকৰাকৈ জাতি-মাটি-ভেটি ৰক্ষা কৰিছোঁ৷ 

– হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী 

তাৰেক ৰহমানে অনলাইনৰ জৰিয়তে ভোটাৰৰ পঞ্জীয়ন সম্পন্ন কৰিছিল৷ আজি তেওঁ নেচনেল আইডেণ্টিটী ৰেজিষ্টে˜শ্বন কাৰ্যালয়লৈ আহি হাতৰ আঙুলিৰ চাপ দি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে৷ এতিয়া তেওঁ বাংলাদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত কোনো বাধা নাই৷ 

– হুমায়ুন কবিৰ, নেচনেল ৰেজিষ্ট্ৰেশ্বন বিষয়া 

এইবাৰ নিৰ্বাচনত মই ‘টপ-৩’ত থাকিম৷ প্ৰথম হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ দ্বিতীয় স্থানত থাকিব পীয়ূষ হাজৰিকা৷ তৃতীয় স্থানত থাকিম মই৷ 

– ৰমাকান্ত দেউৰী, বিধায়ক


মই আদৱানিজীৰ সৈতে মজিয়াত নৰেন্দ্ৰ মোদী বহি থকা এখন পুৰণি ফটো পালোঁ৷ তেওঁ আছিল আৰ এছ এছৰ তৃণমূল পৰ্যায়ত কাম কৰা এজন কৰ্মী৷ এতিয়া সেইজন ব্যক্তি আহি দেশৰ প্ৰধানমন্ত্ৰী হ’ল৷ বিজেপি দলটোৰ এনে সংস্কাৰ প্ৰশংসাৰ যোগ্য৷ কংগ্ৰেছ দলত এনেধৰণৰ সংস্কাৰ কেতিয়া হ’ব বুলি মই আকৌ এবাৰ প্ৰশ্ন কৰিলোঁ৷ 

–দ্বিগ্বিজয় সিং,  কংগ্ৰেছ নেতা 

২০২৬ চনৰ নিৰ্বাচনক লৈ অসমত বিজেপিৰ কোনো অসুবিধা মই দেখা নাই৷ অৱশ্যে সকলোকে সংযমী হ’বলৈ আৰু অত্যুৎসাহ নেদেখুৱাবলৈ মই অনুৰোধ জনালোঁ৷ দলৰ ভিতৰত খেলিমেলি নকৰিব৷ জনতা আমাৰ লগত আছে৷ আমাৰ দলৰ ভিতৰত যাতে কোনোধৰণৰ খেলিমেলি নহয়, তাত গুৰুত্ব দিব লাগে৷ 

– সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী

আমাৰ দলত গণতন্ত্ৰ আছে৷ সেয়ে দলৰ সকলো নেতা-কৰ্মীয়ে নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰিব পাৰে৷ শশী থাৰুৰে বিজেপিৰ পক্ষত যি মন্তব্য কৰিছে সেয়া দলীয় মন্তব্য নহয়৷ অৱশ্যে তাৰ বাবে তেওঁক জৱাবদিহি কৰা নহয়৷ 

–  হি হনুমন্ত ৰাও, কংগ্ৰেছ নেতা

কাৰ্বি আংলঙত কাৰ্বি সমাজৰ বিৰুদ্ধে দিয়া শে¡াগানসমূহ শুনি মই হতবাক হৈছোঁ৷ এই শে¡াগান দিয়াসকলে অসমৰ মূল্যবোধক প্ৰতিনিধিত্ব নকৰে৷ চৰকাৰে ব্যৱস্থা ল’ব লাগে৷ 

– গৌৰৱ গগৈ, সভাপতি, প্ৰদেশ কংগ্ৰেছ