১০.৫৬ লাখ ভোটাৰ কৰ্তন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ডিচেম্বৰঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই দেশৰ নিৰ্বাচন আয়োগে শনিবাৰে প্ৰকাশ কৰে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ২০২৬ খচৰা তালিকা৷ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত নাম কটা গ’ল অসমৰ সৰ্বমুঠ ১০ লাখ ৫৬ হাজাৰ ২৯১জন ভোটাৰৰ৷ অৱশ্যে, প্ৰায় ১০ লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ বিপৰীতে খচৰা ভোটাৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হ’ল ১০ লাখ ৫৫ হাজাৰ ১৪০জন ভোটাৰৰ নাম৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ ২,৫২,০২,৭১৫জন ভোটাৰৰ ভিতৰত ‘ডি’ ভোটাৰক বাদ দি মুঠ ২,৫১,০৯,৭৫৪জন ভোটাৰক সামৰি লোৱা হৈছিল৷ বিশেষ সংশোধনী নিৰ্বাচন আয়োগৰ বিএলঅ’সকলে ১০০ শতাংশ ভোটাৰকে সামৰি ল’বলৈ সক্ষম৷ বিএলঅ’সকলে ৰাজ্যৰ মুঠ ৬১ লাখ ৩ হাজাৰ ১০৩টা পৰিয়ালৰ ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পুনৰীক্ষণ কৰে৷ এই পুনৰীক্ষণ প্ৰক্ৰিয়াৰ ভিত্তিত নিৰ্বাচন আয়োগে সৰ্বমুঠ ১০,৫৬,২৯১জন ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰে৷ আয়োগে প্ৰকাশ কৰা মতে ভোটাৰ তালিকাৰ খচৰাৰ পৰা নাম বাদ পৰা সকলৰ ভিতৰত ৪,৭৮,৯৯২জন ভোটাৰক মৃত ভোটাৰ হিচাপে চিনাক্ত কৰিছে৷ তদুপৰি ৫,২৩,৬৮০জন ভোটাৰে পূৰ্বৰ ঠিকনা সলনি কৰিছে৷ একেদৰে বিভিন্ন স্থানৰ ভোটাৰ তালিকাত নাম থকা ৫৩,৬১৯জন ভোটাৰৰো তালিকাৰ পৰা নাম কৰ্তন কৰিছে৷ অৱশ্যে, ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগে বিশেষ সংশোধনীৰ জৰিয়তে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা বা পূৰ্বে ভোটাৰ তালিকাত নাম নুঠা অথবা স্থান সলনি কৰা মুঠ ১০,৫৫,১৪০জন ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিছে৷ ইয়াৰ ভিত্তিত আয়োগে প্ৰকাশ খচৰা ভোটাৰ তালিকা অনুসৰি বৰ্তমান ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪জন৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,২৫,৭২,৫৮৩জন৷ মহিলা ভোটাৰৰ সংখ্যা ১,২৬,২৮,৬৬২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৩৭৯জন৷ নিৰ্বাচন আয়োগে সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পাছতেই ২২ জানুৱাৰীপৰ্যন্ত দাবী আৰু আপত্তি দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি যদিহে কোনো অৰ্হতাসম্পন্ন ব্যক্তিৰ নাম খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই অথবা অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত কোনো আপত্তি থাকে, প্ৰবিষ্ট বিৱৰণৰ শুধৰণি বা নাম স্থানান্তৰ কৰিব বিচাৰে, তেন্তে ইচ্ছুক ব্যক্তি বিশেষে ২২ জানুৱাৰীৰ ভিতৰত দাবী-আপত্তি দাখিল কৰিব পাৰিব৷ ইয়াৰ বাবে ব্যক্তিজনে নিৰ্দিষ্ট প্ৰ-পত্ৰ নং-৬, ৬ [ক], ৭ আৰু ৮ কৰি আবেদন কৰিব লাগিব৷ যিসকল ভাৰতীয় নাগৰিকে ২০২৬ চনৰ ১ এপ্ৰিল, ১ জুলাই অথবা ১ অক্টোবৰৰ ভিতৰত ১৮ বছৰ বয়স সম্পূৰ্ণ কৰিব, তেওঁলোকে আগতীয়াকৈ প্ৰ-পত্ৰ নং-৬ৰ যোগে নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল কৰিব পাৰিব৷ পূৰ্বে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা ব্যক্তিসকলেও প্ৰ-পত্ৰ নং-৬১ জৰিয়তে আবেদন কৰিব পাৰিব৷ তদুপৰি প্ৰকাশিত খচৰা তালিকাৰ পৰা নাম কৰ্তন বা প্ৰস্তাৱিত নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে প্ৰ-পত্ৰ নং-৭১ জৰিয়তে আপত্তি দাখিল কৰিব পাৰিব৷ একেদৰে বাসস্থান স্থানান্তৰ [সমষ্টিৰ ভিতৰত বা বাহিৰত], সংশোধন বা অন্তৰ্ভুক্ত তথ্যৰ উন্নীতকৰণ, ভোটাৰৰ পৰিচয়পত্ৰ সলনি, দিব্যাংগ অৱস্থা চিহ্নিতকৰণৰ বাবে প্ৰ-পত্ৰ নং-৮১ জৰিয়তে আবেদন কৰিব পাৰিব৷ নিৰ্বাচন আয়োগে দাবী-আপত্তি ২ ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰি অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব৷ এই ভোটৰ তালিকাৰ ভিত্তিতে ২০২৬ৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অহা ১০ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতেই দেশৰ নিৰ্বাচন আয়োগে অসমৰ বিধান সভাৰ দিন-বাৰ তথা অধিসূচনা জাৰি কৰিব৷ উল্লেখ্য, ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত নিৰ্বাচন আয়োগে ২৯,৬৫৬জন বিএলঅ’ নিয়োগ কৰিছিল৷ তদুপৰি এই প্ৰক্ৰিয়াটোত ৰাজনৈতিক দলৰ ৬১,৫৩৩জন এজেণ্টে সহায় কৰিছিল৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি অসমত ‘ডি’ ভোটাৰৰ সংখ্যা হৈছে ৯৩,০২১জন৷
কামৰূপ মহানগৰ জিলাত বৃদ্ধি পালে ১৭ হাজাৰ নতুন ভোটাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ লগত শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও জিলাখনৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা প্ৰকাশ কৰে৷ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে এখন সংবাদমেলযোগে সদীৰ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ৫টা সমষ্টিত খচৰা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৭৫,৫৭৬জন৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৫,২১,৩৮৮ জন, মহিলা ভোটাৰৰ সংখ্যা ৫,৫৪,১৫২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৩৭জন৷ খচৰা ভোটাৰ তালিকাৰ পৰা ২২,১৪৩ জন মৃত ভোটাৰ আৰু ২১,১৫৪ জন ঠিকনা স্থানান্তৰিত কৰা ভোটাৰৰ নাম কৰ্তন কৰে৷ অৱশ্যে ইয়াৰ বিপৰীতে জিলাখনৰ পাঁচোটা সমষ্টিত ৬,৬৮২ জন পুৰুষ আৰু ১০,৮৬৭ গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ ১৭,৫৪৮ জন নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়৷ এইবাৰ জিলাখনত নতুনকৈ ১০৫টা ভোট কেন্দ্ৰ বৃদ্ধি কৰাত ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাইছে ১,২১৮টালৈ৷ সংবাদমেলত জিলা আয়ুক্ত সুমিত ছাত্তাৱনে কয়, ‘খচৰা ভোটাৰ তালিকা অনুসৰি দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ৪৯ হেজাৰ ৭৪৬ জন৷ তাৰ ভিতৰত পুৰুষ ভোটাৰ ১২১১৮০ জনৰ বিপৰীতে মহিলা ভোটাৰ ১২৮৫৫২ গৰাকী আৰু তৃতীয় লিংগৰ ১৪ জন আছে৷ একেদৰে, ডিমৰীয়া সমষ্টিত ভোটাৰ সংখ্যা ২ লাখ ২১ হেজাৰ ৯৯ জন৷ তাৰ ভিতৰত পুৰুষ ভোটাৰ ১০৭৫২৬ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১১৩৫৬৭ আৰু তৃতীয় লিংগৰ ৬ গৰাকী ভোটাৰ আছে৷ নিউ গুৱাহাটী সমষ্টিত ১ লাখ ৯৬ হেজাৰ ১৬ জন ভোটাৰ আছে৷ তাৰ ভিতৰত পুৰুষ ভোটাৰ ৯৪৩৯০জন বিপৰীতে মহিলা ভোটাৰ ১০১৬২১ গৰাকী আৰু তৃতীয় লিংগৰ ৫ গৰাকী আছে৷ গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত ভোটাৰ ৰ লাখ ৯৮ হেজাৰ ৯১ জন৷ তাৰ ভিতৰত পুৰুষ ভোটাৰ ৯৭৮৮৫জনৰ বিপৰীতে মহিলা ভোটাৰ ১০০২০২ গৰাকী আৰু তৃতীয় লিংগৰ ৪ গৰাকী আছে৷ আনহাতে, জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১০ হেজাৰ ৬২৪ জন৷ তাৰ ভিতৰত পুৰুষ ভোটাৰ ১০০৪০৭জন মহিলা ভোটাৰ ১১০২০৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৮ গৰাকী আছে৷ ‘খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আজিৰে পৰা ২২ জানুৱাৰী পৰ্যন্ত ৰাইজে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব৷ একেদৰে, খচৰা ভোটাৰ তালিকা সন্দৰ্ভত অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ’ব৷ তদুপৰি দাবী-আপত্তি সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা বুথ পৰ্যায়ৰ বিষয়াক দাখিল কৰিব পাৰিব৷ অনলাইনৰ জৰিয়তেও voters.eci.gov.in অথবা voter helpline ahpৰ জৰিয়তে দাবী, আপত্তি দাখিলৰ সুবিধা উপলব্ধ আছে৷’
শোণিতপুৰৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’টাৰঃ এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন৷ বিভাগীয়ভাৱে শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ মৃত ব্যক্তি আৰু নথকা ব্যক্তিৰ নাম যাতে ভোটাৰ তালিকাত সন্নিৱিষ্ট নহয় তাৰ বাবে সকলোৱে বিশেষ দৃষ্টি ৰাখিব লাগিব৷ আজি বিয়লি শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মিলন কক্ষত খচৰা ভোটাৰ তালিকা মুকলি কৰি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই আহ্বান জনায়৷ আজি বিয়লি ভোটাৰ তালিকা বিশেষ সংশোধনীৰ অধীনত খচৰা নিৰ্বাচনী তালিকা-২০২৬খন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে৷ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাস, নদুৱাৰৰ সম জিলা আয়ুক্ত তথা অতিৰিক্ত জিলা আয়ুক্ত [নিৰ্বাচন] মানস শইকীয়া; নিৰ্বাচনী বিষয়া আহমদুল্লা ঠাকুৰীয়া; জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ সদস্য সকল খচৰা ভোটাৰ তালিকা মুকলি অনুষ্ঠানত উপস্থিত থাকে৷ ফটো যুক্ত ভোটাৰ তালিকা, ২০২৬ৰ বিশেষ পুনৰীক্ষণৰ বাবে যোগ্যতা অৰ্জনৰ তাৰিখ ১জানুৱাৰী ২০২৬৷ চলিত বৰ্ষৰ ২৭ ডিচেম্বৰলৈকে খচৰা নিৰ্বাচনী তালিকা আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো প্ৰকাশ কৰা হৈছে৷ নিৰ্বাচনী তালিকা-২০২৫ চূড়ান্ত প্ৰকাশৰ পাছৰে পৰা মুঠ ২১, ৪৯০জন নতুন ভোটাৰ নামভৰ্তি কৰাৰ বিপৰীতে ১৫, ২০৩জন স্থানান্তৰিত বা মৃত ভোটাৰক কৰ্তন কৰা হৈছে, যাৰ ফলত শোণিতপুৰ জিলাৰ পাঁচোটা বিধানসভা সমষ্টিতে ৬, ২৮৭জন ভোটাৰ সংখ্যা বৃদ্ধি পাইছে৷ ইফালে জিলাখনত ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাত ভোটকেন্দ্ৰৰ সংখ্যা ৮০টা বৃদ্ধি পাই আৰু শোণিতপুৰ জিলাৰ বিশেষ পুনৰীক্ষণ ২০২৬ৰ অধীনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১২৩১টালৈ বৃদ্ধি পাইছে৷ চলিত বৰ্ষৰ ২৭ ডিচেম্বৰলৈকে প্ৰ-পত্ৰ সংশোধনৰ পাছত ২৮৫টা ভোটকেন্দ্ৰ থকা ৬৫নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত ৫,৩৭৬জন ভোটাৰ নামভৰ্তি কৰা হয় আৰু ৪,৩৫৭ জনক কৰ্তন কৰা হয়, যাৰ ফলত ১,০১৯জন ভোটাৰ সংখ্যা বৃদ্ধি হয়৷ ঢেকিয়াজুলি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,২৮,৫০১৷ ২৫১টা ভোটকেন্দ্ৰ থকা ৬৬ নংবৰছলা বিধানসভা সমষ্টিত ৪,৪৯৫জন ভোটাৰ নামভৰ্তিৰ বিপৰীতে ২,৯০৮জন ভোটাৰৰে নাম কৰ্তন কৰা হয়, যাৰ ফলত ১,৫৮৭জন ভোটাৰ সংখ্যা বৃদ্ধিৰে মুঠ ভোটাৰৰ সংখ্যা ১,৯৫,৭৪৪ জন৷ ৬৭নংতেজপুৰ বিধানসভা সমষ্টিত ২২৫টা ভোটকেন্দ্ৰৰ ৩,৫৩১জন ভোটাৰ নামভৰ্তি কৰা হয় আৰু ২,৪৬৩জন ভোটাৰৰ নাম কৰ্তন কৰা হয়, যাৰ ফলত ১,০৬৮জন ভোটাৰ সংখ্যা বৃদ্ধি হয় আৰু সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৮৮৫ জন৷ ২১৪টা ভোটকেন্দ্ৰ থকা ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিত ৩,৯১০জন ভোটাৰ নামভৰ্তি কৰা হয় আৰু ২,৩৩৫জন কৰ্তন কৰা হয়, যাৰ ফলত ১,৫৭৫জন ভোটাৰ সংখ্যা বৃদ্ধিৰে সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৭১,৯৬৫ জন৷ ২৫৬টা ভোটকেন্দ্ৰ থকা ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিত ৪,১৭৮জন ভোটাৰ নামভৰ্তি কৰা হয় আৰু ৩, ১৪০জন ভোটৰ কৰ্তন কৰা হয়, যাৰ ফলত ১,০৩৮জন ভোটাৰৰ সংখ্যা বৃদ্ধি হয় আৰু মুঠ ভোটাৰৰ সংখ্যা ২,০৪,৭২৮জন হয়৷ সেই অনুসৰি আজিলৈকে শোণিতপুৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ৯,৮১,৮২৩ জন, ইয়াৰে ৪,৮৫,১৫৫জন পুৰুষ ভোটাৰ, ৪,৯৬,৬৪৬জন মহিলা ভোটাৰ, আৰু ২২জন তৃতীয় লিংগৰ ভোটাৰ আছে৷ উল্লেখ্য যে - দাবী আৰু আপত্তি দাখিলৰ সময়সীমা চলিত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে৷ ভোটাৰ সকলে অনলাইনত উপলব্ধ খচৰা নিৰ্বাচনী তালিকাত নিজৰ নাম পৰীক্ষা কৰি নিৰ্ধাৰিত প্ৰ-পত্ৰ ব্যৱহাৰ কৰি দাবী বা আপত্তি দাখিল কৰিব পাৰিব বুলি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত সদৰী কৰে৷ খচৰা নিৰ্বাচনী তালিকাখন জিলাৰ চৰকাৰী ৱেবছাইট sonitpur.assam.gov.inত উপলব্ধ৷ ২০২৬ চনৰ বিশেষ পুনৰীক্ষণৰ বাবে চূড়ান্ত নিৰ্বাচনী তালিকা ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব৷
কাৰ্বি আংলং জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কাৰ্বি আংলং জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বোকাজান, হাওৰাঘাট আৰু ডিফু সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়৷ কাৰ্বি আংলং জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে এক সংবাদমেলৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰি কয় যে তিনিটা বিধানসভা সমষ্টিত মুঠ ১৪,৬৭৩ গৰাকী ভোটাৰ বৃদ্ধি পাইছে৷ ভোটাৰ তালিকা প্ৰস্তুত সন্দৰ্ভত আয়ুক্ত গৰাকীয়ে কয় যে বিএলঅ’ সকলে ১০৮নং বোকাজান সমষ্টিত ঘৰে ঘৰে গৈ কৰা সমীক্ষাৰ পাছত ৭৮৬২৭ গৰাকী পুৰুষ আৰু ৭৯৫৭৫ গৰাকী মহিলাসহ মুঠ ৰলাখ ৫৮হেজাৰ ২০২ গৰাকী ভোটাৰ সন্নিৱিষ্ট কৰিছে৷ একেইভাৱে ১০৯নং হাওৰাঘাট বিধানসভা সমষ্টিত ৯৫৮৬৮ গৰাকী পুৰুষ আৰু ৯৯১১০ গৰাকী মহিলা তথা প্তগৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ ৰলাখ ৯৪হাজাৰ ৯৮৩গৰাকী ভোটাৰৰ তালিকা প্ৰস্তুত কৰিছে৷ ১১০নং ডিফু বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ৯২৩২৭ আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল ৯৪৭৬৫গৰাকী৷ তৃতীয় লিংগৰ ১১জনসহ ডিফু বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৰলাখ ৮৬হাজাৰ ৯০৩জন৷ কাৰ্বি আংলং জিলাৰ তিনিটা বিদানসভা সমষ্টি মুঠ ভোটাৰৰ সংখ্যা ৫লাখ ৪০হাজাৰ ৮৮গৰাকী৷ ইয়াৰ মাজত পুৰুষৰ সংখ্যা ২লাখ ৬৬হাজাৰ ৮২২৷ মহিলা ভোটাৰৰ সংখ্যা ২লাখ ৭৩হাজাৰ ২৪৯জন৷ তৃতীয় লিংগৰ ১৬গৰাকী৷ পুৰুষ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৬,৬৬৮গৰাকী, মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৮০২১গৰাকী৷ তৃতীয় লিংগৰ ভোটাৰ বৃদ্ধি পাইছে ১৬গৰাকী৷ ভোটাৰসকলে নিজৰ নিজৰ ভোট কেন্দ্ৰত নিজৰ নাম খচৰা ভোটাৰ তালিকাত পৰীক্ষা কৰিব পাৰিব৷ যদি যোগ্যতাসম্পন্ন কোনো ব্যক্তিৰ নাম অন্তভুক্তৰ্ হোৱা নাই বা আপত্তি, নাম স্থানান্তৰৰ বিষয় থাকে তেনেহ’লে নিৰ্ধাৰিত প্ৰ-পত্ৰ ৬,৬[ক], ৭ আৰু ৮ পূৰণ কৰি অহা ২২ জানুৱাৰীৰ ভিতৰত আৱেদন দাখিল কৰিব পাৰিব৷ ইয়াৰোপৰি ২০২৬ চনৰ ১ এপ্ৰিল, ১ জুলাই অথবা ১ অক্টোবৰত যিসকল ভাৰতীয় নাগৰিকে ১৮ বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকে প্ৰ-পত্ৰ ৬১ জৰিয়তে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব৷ দাবী, আপত্তিসমূহ সংশ্লিষ্ট নিৰ্বাচনী অধিকাৰী বা বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব৷ বিতং তথ্যৰ বাবে voters.eci.gov.in অথবা Voter Helpline Ahp জৰিয়তে অনলাইন যোগেও আৱেদন জনাব পাৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷






