অগপৰ পাখি কটাৰ ইংগিত মুখ্যমন্ত্ৰীৰ, ইউপিপিএলক বিদায় দিয়াৰ যো-জা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰঃ বিধানসভাৰ আগন্তুক নিৰ্বাচনত মিত্ৰদল অগপৰ পাখি কটাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে হিমন্তবিশ্ব শৰ্মাই৷ আনহাতে, অন্য এক মিত্ৰদল ইউ পি পি এলক বিধানসভাৰ নিৰ্বাচনত বিদায় দিয়াৰ যেন যোজা চলাইছে গেৰুৱা দল বিজেপিয়ে৷ ইতিমধ্যে বি টি চিত ইউ পি পি এলৰে মিত্ৰতা ভংগ কৰি বি পি এফক মিত্ৰ হিচাপে গ্ৰহণ কৰিছে বিজেপি দলে৷ দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মাজতে সাংবাদিকৰ আগত মিত্ৰদলক আসন এৰি দিয়া নিদিয়া সন্দৰ্ভত মতপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৮ ডিচেম্বৰত গুৱাহাটীত আহিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনা বিলাক চলি থাকিব৷ কেইটা আসন কোনে পাব, কাক কি দিয়া হ’ব, সেইটো ১৫ ফেব্ৰুৱাৰীৰ আগতে সম্পূৰ্ণ নহ’ব৷
কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ নিৰ্বাচন আমি এন ডি এ বুলি খেলিম৷ বিজেপি বুলি নেখেলো৷ বি টি আৰত বিজেপিৰ বিজেপিৰ লগত ইউ পি পি এলো আছে বি পি এফো আছে৷ কিন্তু বি পি এফ আৰু ইউ পি পি এল একেলগে থকাটো সম্ভৱ নহয়৷ সেইকাৰণে তাত কিবা এটা নতুনত্ব বিচাৰি উলিয়াব লাগিব৷ গৃহমন্ত্ৰীৰ লগত আলোচনা হ’লে কিবা এটা নতুনত্ব থাকিব৷ এটা কথা ঠিক যে বি পি এফ বা ইউ পি পি এল কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই৷ গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ’ব পাৰে তাক গণ পৰিষদ দলে জানে৷ বিজেপিৰ য’ত বিধায়ক আছে আৰু বিজেপিয়ে য’ত ইতিমধ্যে জয় লাভ কৰিছে, তেনেকুৱা আসন ৰাষ্ট˜ীয় ৰাজনৈতিক দলে সাধাৰণতে কাকো এৰি নিদিয়ে৷ কিৱা বিশেষ আসনত, কিবা বিশেষ আৰ্জিত, কিবা বিশেষ দাবীৰ ক্ষেত্ৰত বিবেচনা কৰা হয় সেইটো বেলেগ কথা৷ এনেকুৱা ৩৫টা যদি আছে আৰু অগপক যদি ৩৫টা সমষ্টি দিও তেন্তে বিজেপিয়ে ২০টা সমষ্টিত খেলিব লাগিব৷ বাকী ২১য২৫টাৰ আমি ক’তো খেলিব নোৱাৰো৷ অসমত ৩৫খন জিলা আছে৷ বাগসা জিলাত অগপই ক’ৰপৰা আসন পাব৷ চিৰাং, তামুলপুৰত ক’ৰ পৰা আসন পাব৷ তাত আমিয়ে আসন পাওঁ নে নাই ঠিক নাই৷ গতিকে আমি তেওঁলোকক ক’ৰপৰা আসন দিম৷ এটা বুজাবুজি ২০২১ত হৈছিল৷ গতিকে ২০২১ টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ’ব৷ ২০২১ৰপৰা এখন দুখন আসন আগ পিছ হ’ব পাৰে৷ কিন্তু ভিত্তিবৰ্ষ ২০২১য়ে হ’ব৷






