কেৱল মিঞাই বিপজ্জনকনে
অসমত এতিয়া যেন কোনো সমস্যাই নাই৷ সমস্যা মাথোঁ এটাই, সেয়া হৈছে মিঞা৷ এই মিঞা শব্দৰ প্ৰকৃত অৰ্থ এই মুহূৰ্তত বৰ স্পষ্ট নহয় যেন অনুভৱ হৈছে৷ ইয়াৰ জৰিয়তে সমগ্ৰ মুছলমান সমাজক বুজোৱা হৈছে নে কিছুমান বিশেষ মুছলমানক বুজোৱা হৈছে সেয়া ধাৰণা কৰা টান হৈ পৰিছে৷ বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীৰ কথা-বতৰাৰ পৰা এই কথা স্পষ্ট যে সমগ্ৰ মুছলমান সমাজেই তেওঁলোকৰ বাবে এক প্ৰকাৰৰ এলাৰ্জী৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃস্বৰূপ হোৱা বাবেই বিজেিয়ে মুছলমান সমাজৰ প্ৰতি তেনে এটা মানসিকতা পূৰ্বৰে পৰা পোষণ কৰি আহিছে৷ তথাপি এই কথা ভাবি আচাৰিত লাগে এতিয়াও বহু মছলমান লোক বিজেপি দলৰ সমৰ্থক আৰু কৰ্মকৰ্তা৷ এই সমীকৰণটোহে বুজিবলৈ বৰ অসুবিধা হয় যে বিজেপিয়ে বিচৰা হিন্দু ৰাষ্ট্ৰ স্থাপন কৰাত এই সকল মুছলমান লোকে কিদৰে সহায় কৰিব পাৰিব৷
অসমীয়া হেম কোষ অভিধানত মিঞা শব্দৰ অৰ্থ হৈছে -- মুছলমান ভদ্ৰলোকক সম্বোধন কৰা মাত [ a term used in addressing a Mahommedan gentleman -- পৃষ্ঠা ১০৯৩ -- হেমকোষ নতুন সংস্কৰণ]৷ কিন্তু যি দেখা গৈছে অসমত মিঞা শব্দটো তুচ্ছাৰ্থতহে ব্যৱহাৰ কৰা হয়৷ তদুপৰি কোনখিনি মুছলমান লোকক মিঞা বোলা হয় সেয়াও নিশ্চিত নহয়৷ অসমৰ খিলঞ্জীয়া মুছলমান সকলকৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ ব্যৱহাৰ নহয় যেন লাগিলেও অভিধানিক সংজ্ঞা মতে খিলঞ্জীয়া ভদ্ৰ মুছলিম সম্প্ৰদায়ৰ লোক সকলকো মিঞা বুলিয়েই সম্বোধন কৰিব পাৰি৷ সেয়ে এই মিঞা খেদা আন্দোলনটোত কোনখিনি লোকক প্ৰকৃততে সাঙুৰি লোৱা হৈছে সেয়া সম্পূৰ্ণ অস্পষ্ট৷ তদুপৰি ৰাজনীতিৰ ৰহন লাগি মিঞাৰ সংজ্ঞা যে অসমত ব্যাপক ভাবে সলনি হৈছে সেয়া ঠিক৷ যদিও মিঞা বুলি ক’লে বাংলাদেশী প্ৰব্ৰজনকাৰীসকলকে বুজোৱা যেন লাগিছে৷ তথাপি দেশৰ ৰাজনৈতিক পৰিস্থিতিলৈ লৈ চাই এই কথাও অসত্য বুলি কব নোৱাৰি যে ইয়াৰ দ্বাৰা বিষয়টো সৰ্বজনীনহে কৰা হৈছে৷ অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীজনৰ কথা বতৰাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে তেৱোঁ এখন হিন্দু প্ৰধান বা সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰৰহে পোষকতা কৰিছে৷ কেন্দ্ৰৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰীজনে মুকলিকৈ সাম্প্ৰদায়িক মন্তব্য কৰাটোৱে দুটা গোষ্ঠীৰ মাজত যে বিভেদ আনিছে সেয়া খাটাং৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰীৰ মুখত এনে কথাই শোভা নাপায় যদিও এনেবোৰ কথা যে তেঁও ৰাজনৈতিক উদেশ্য সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰিছে সেয়া বহলাই নকলেও হয়৷ হয়তো পৰিস্থিতি যদি আজিৰ দৰে নহ’লহেঁতেন তেৱোঁ ৰাজনীতিৰ নামত সাম্প্ৰদায়িক কথা-বাৰ্তাৰ চেলু ল’ব লগা নহলহেঁতেন৷
এতিয়া বিজেপি দলৰ মিঞাৰ অবিহনে যেন নিৰ্বাচনত জিকিব নোৱাৰা অৱস্থা৷ মানুহৰ মনত মিঞাৰ ভয় সুমুৱাই দি বিজেপিয়ে ক্ষমতা দখলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ অইন যেন কোনো ইছ্যুৱে নিৰ্বাচনত বিজেপিক সহায় কৰিব নোৱাৰে৷ উন্নয়নৰ ইছ্যু লৈ বিজেপিৰ নিৰ্বাচনত নামিবলৈ ভীষণ শংকা হৈছে৷ কিন্তু এই কথা পাহৰি গ’লে নহ’ব যে অসমত মিঞাতকৈ বেছি ভয়ানক পৰিৱেশ সৃষ্টি কৰিব অনা অসমীয়াইহে৷ কাৰণ অসমত চৰকাৰ নিৰ্বাচন কৰিব পৰা অধিকাৰ অসমীয়াতকৈ অনা অসমীয়াৰ বেছি হ’বগৈ৷ বাংলাদেশী মিঞাই অসমৰ ভূমি বেদখল কৰিছে সঁচা কিন্তু অনা অসমীয়াই অসমীয়াৰ হাজাৰ হাজাৰ বিঘা মাটি নীতি মতে নিজৰ কৰি ল’বলৈ সুবিধা পাইছে, যিবোৰ কাহানিও অসমীয়াই ঘূৰাই নাপায়৷ মাটিৰ অধিকাৰ বিচাৰি থকা অসমীয়াৰ সৰহভাগ মাটি অনা অসমীয়াই ক্ৰয় কৰি লৈছে৷ অসমত নিগাজীকৈ থকাৰ অধিকাৰ লাভ কৰিছে কেৱল হিন্দু হোৱাৰ বাবে৷ ইয়াৰ বিপৰীতে অসমীয়াৰ কিন্তু বিৰাট ক্ষতি হৈছে৷ এদিন অসমত অসমীয়া ভগনীয়া হ’ব অনা অসমীয়াৰ বাবেহে মিঞাৰ বাবে নহয়৷ যদি অবৈধ মিঞা মানুহ আছে এদিন আইন কৰি সেইবোৰক খেদি পঠাব পৰা যাব৷ কিন্তু অসমীয়াৰ হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰি অসমত নিগাজীকৈ থাপি লোৱা অনা অসমীয়াৰ পৰা সেই মাটি কোনে উদ্ধাৰ কৰিব?
শেহতীয়াকৈ কাৰ্বি আংলঙৰ খেৰনিত অনা অসমীয়াই ভূমিপুত্ৰক উভতি ধৰাৰ কথা অনুভৱ হ’লে সচেতন অসমীয়াৰ গাৰ নোম শিয়ৰি উঠিব৷ তাৰ পাছতো কেৱল মিঞাক দোষ দি থকাৰ কিবা অৰ্থ আছেনে? মিঞাতকৈ বেছি ভয়াৱহ অনা অসমীয়া হিন্দুসকল৷ যাৰ বাবে এদিন অসমীয়াৰ অস্তিত্ব ভায়নাকভাৱে বিপদাপন্ন হ’ব৷ বিজেপিয়ে এই কথা অনুধাৱন কৰিবলৈ নিদি কেৱল মিঞাক দোষ দি থকাটো কেৱল উদেশ্য প্ৰণোদিত ৰাজনৈতিক চক্ৰান্ত৷ অসমৰ বাবে বিপদ দুয়োটায়েই মিঞা আৰু অনা অসমীয়া৷ উদ্বেগজনক কথাটো হৈছে অনা অসমীয়াই এদিন অসমীয়াৰ কিন্তু সৰ্বনাশ মাতিব৷






