Logo
image

ধৰ্মনিৰপেক্ষতাৰ স্বৰূপ

দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেমশ্বনত বড়দিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল– ‘এই প্ৰাৰ্থনাই প্ৰেম, শান্তি আৰু দয়াৰ চিৰন্তন বাৰ্তাক প্ৰতিবিম্বিত কৰে৷ বৰদিনৰ ভাবনাই আমাৰ সমাজত সম্প্ৰীতি আৰু সদ্ভাব কঢ়িয়াই আনক’৷ কিন্তু সেই একে সময়তে তেওঁৰ নিজৰ দলৰ আৰু শাখা সংগঠনৰ নেতা-কৰ্মীয়ে ব্যস্ত আছিল ভাৰতৰ বিভিন্ন অঞ্চলৰ সাধাৰণ নিৰীহ খ্ৰীষ্টান নাগৰিকক বিভিন্ন ধৰণে হাৰাশাস্তি প্ৰদান কৰাত৷ গিৰ্জাত চলি থকা বৰদিনৰ প্ৰাৰ্থনাত বাধা প্ৰদান কৰা, বৰদিন উদ্‌যাপনৰ সামগ্ৰী জ্বলাই দিয়া, উৎসৱ পালন কৰা সাধাৰণ খ্ৰীষ্টান মানুহক বাটে-পথে লপা-থপা দিয়া আদি অলেখধৰণৰ কুকৰ্মত প্ৰধানমন্ত্ৰী মোদীৰ দল আৰু শাখা সংগঠনৰ নেতা-কৰ্মীসকলে বীৰদৰ্পে অংশগ্ৰহণ কৰিছে৷ বিশ্বৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টানসকলৰ ওপৰত হোৱা অন্যায়-অত্যাচাৰৰ  খতিয়ান ৰখা আন্তৰ্জাতিক সংস্থা ‘অ’পেন ড’ৰ ইণ্টাৰনেচনেল’ৰ মতে, বৰদিনৰ সময়ছোৱাত ভাৰতত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে  মুঠ  ৬০টা আক্ৰমণাত্মক ঘটনা সংঘটিত হৈছে৷ আনহাতে, ইউনাইটেড খ্ৰীষ্টান ফ’ৰামৰ মতে, ভাৰতত এই বছৰ খ্ৰীষ্টান নাগৰিকৰ বিৰুদ্ধে  ছশৰো অধিক আক্ৰমণাত্মক ঘটনা সংঘটিত হৈছে৷ এই পৰিসংখ্যা ধৰ্মনিৰেপক্ষ গণতান্ত্ৰিক ভাৰতৰ বাবে অতি উদ্বেগজনক৷

বৰদিনৰ দিনা শাসকীয় দলৰ বাবে আটাইতকৈ বিড়ম্বনা সৃষ্টি কৰা ঘটনাটো সংঘটিত হয় যেতিয়া মধ্য প্ৰদেশৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেত্ৰী আঞ্জু ভাৰ্গৱে গিৰ্জাত সোমাই এগৰাকী দিব্যাংগ ছোৱালীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হয়৷ অৱশ্যে, এইবোৰ কামত যে দলৰ ঊধবৰ্তন মহলৰ নীৰৱ সমৰ্থন থাকে সেই কথা সহজতে অনুমেয়৷ বিজেপি দলেও অঞ্জু ভাৰ্গৱৰ বিৰুদ্ধে কোনো তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰি কেৱল স্পষ্টীকৰণ বিচাৰি ক্ষান্ত থাকে৷ তাতোকৈ আমোদজনক কথাটো হ’ল যে, বাংলাদেশৰ পৰা ছানিউৰ ৰহমান উৰফে ‘নষ্ট নবী’ নামৰ এজন বিদেশী নাগৰিকে, বাংলাদেশত মত প্ৰকাশৰ স্বাধীনতা নাই আৰু নাস্তিকসকলৰ জীৱনৰ শংকাজনক বুলি ভাৰতত ৰাজনৈতিক শৰণ বিচাৰে৷ কিন্তু ভাৰতত নাস্তিক হিচাপে বেছি সুবিধা কৰিব নোৱাৰি তেওঁ হঠাতে ‘নষ্ট নবী’ৰ পৰা ‘শ্ৰী সত্যনিষ্ঠ আৰ্য’লৈ ৰূপান্তৰিত হৈ যায় আৰু নিজকে এজন কট্টৰ সনাতনপন্থী বুলি ঘোষণা কৰি ইণ্টাৰনেটৰ জড়িয়তে ভাৰতৰ সংখ্যালঘু মুছলমান আৰু খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক কথা-বাৰ্তা প্ৰচাৰ কৰি, দান-দক্ষিণা সংগ্ৰহ কৰাৰ চেষ্টা চলায়৷ এই চেষ্টাৰে এক অংশ হিচাপে ছানিউৰ ৰহমান ওৰফে ‘শ্ৰী সত্যনিষ্ট আৰ্য’ নামৰ বাংলাদেশীজনে সাংগো-পাংগো লৈ গৈ গাজিয়াবাদৰ এখন গিৰ্জাত সোমাই উপস্থিত ভাৰতীয় খ্ৰীষ্টান নাগৰিকক তেওঁলোকৰ সংবিধানপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অপচেষ্টা কৰে আৰু অপদস্ত কৰে৷ সমগ্ৰ দেশত এই ঘটনা আৰু ছানিউৰ ৰহমান নামৰ বাংলাদেশীজনৰ বিৰুদ্ধে প্ৰবল জনমত গঠন হ’লেও এতিয়ালৈকে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ নকৰেও৷ ওলোটাই হয়তো শীঘ্ৰে তেওঁক পুৰস্কাৰ হিচাপে ভাৰতীয় নাগৰিকত্ব বা আন কিবা সুবিধা কৰি দিয়া হ’ব৷

অসম মুলুকত কেতিয়াও নোহোৱা এটা ঘটনা হৈ গ’ল৷ উদাৰ আৰু সাম্প্ৰদায়িকতাৰ ঊধবৰ্ত বুলি গৰ্ব কৰা অসমীয়াই, অসমীয়া  জাতীয়তাবাদৰ পীঠস্থান বুলি জনাজাত নলবাৰী চহৰত দিন-দুপৰতে খ্ৰীষ্টান স্কুল এখনত সোমাই বৰদিনৰ সাজ-সজ্জা ভাঙি তহিলং কৰে৷ অসম পুলিচে অপৰাধীকেইজনক আটক কৰিছে যদিও বজৰং দলৰ নেতা-কৰ্মী বুলি গৌৰৱ কৰা ডেকাকেইজনে অতি গৰ্বৰে কাৰাগাৰলৈ যোৱাৰ দৃশ্য অসমীয়া জাতীয় জীৱনৰ এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে পৰিগণিত হৈ থাকিব৷ কাৰণ, এয়া শুভাৰম্ভণিহে৷ হয়তো শীঘ্ৰেই এইধৰণৰ ঘটনা অসমীয়া জনজীৱনৰ বাবে এক ‘নিউ-নৰ্মেল’ত পৰিণত হ’ব৷