স্বাগতম ২০২৬
চাওঁতে চাওঁতে ইতিহাসৰ বুকুৰ পৰা এটা বৰ্ষই মেলানি মাগিলে৷ বিগত বৰ্ষটোত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা সংঘাতৰ বীভৎস ৰূপ আৰু বিশ্বব্যাপী স্বৈৰাচাৰী আন্দোলনৰ অভ্যুত্থানে চৰম হতাশাৰ সৃষ্টি কৰাৰ পাছতো নতুন বৰ্ষটোৱে যেন সমগ্ৰ মানৱ জাতিৰ প্ৰতি কঢ়িয়াই আনিছে অপাৰ সুযোগ আৰু সম্ভাৱনীয়তাৰ বতৰা৷ কিন্তু আন্ধাৰৰ মাজতো পোহৰৰ উমান দি নতুন বছৰটোৱে নিশ্চয়কৈ যেন বহন কৰিছে মানৱ জাতিৰ নিৰৱচ্ছিন্ন অগ্ৰগতিৰ ফল্গুধাৰা সজীৱ কৰি ৰখাৰ শাশ্বত দায়বদ্ধতা৷
বিগত বৰ্ষটোত ধাৰাবাহিকভাৱে সংঘটিত সংঘাতে সমগ্ৰ বিশ্বৰ ভূ-ৰাজনৈতিক পৰিৱেশ আৰু গোলকীয় স্থায়িত্বক বাৰুকৈয়ে প্ৰত্যাহ৩ান জনাইছিল৷ ইউক্ৰেইন, ম্যানমাৰ, মেক্সিকো আদিত চলি থকা সংঘাতৰ পৰা আৰম্ভ কৰি নেপালৰ জেন-জেদ আন্দোলনকে ধৰি বাংলাদেশৰ ৰাজনৈতিক উত্তেজনালৈকে ২০২৫ বৰ্ষটো বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত মিত্ৰতাৰ পৰিৱৰ্তন, বিধবংসী সামৰিক অভিযান আৰু সামাজিক শক্তিসমূহৰ অভু্যত্থানৰ সাক্ষী আছিল৷ প্ৰত্যক্ষ বা অপ্ৰত্যক্ষভাৱে এই সংঘাতসমূহৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে ব্যাপক ৰূপত পৰা দেখা গৈছিল; যাৰ ফলত বিশ্বজুৰি কূটনৈতিক সম্পৰ্ক আৰু কৌশলগত অগ্ৰাধিকাৰসমূহ প্ৰভাৱিত হৈছিল৷ তদুপৰি Armed Conflict Location & Event Data নামৰ বেচৰকাৰী সংস্থাটোৱে আগবঢ়োৱা তথ্য অনুসৰি বিগত বৰ্ষটোত বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত ২,০৪,৬০৫টা এনে সৰু-বৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে দুই লাখ চল্লিছ হাজাৰতকৈও অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল৷ তাৎক্ষণিকভাৱে এই সংঘাতসমূহৰ সমাপ্তি ঘটাৰ সম্ভাৱনাও নাই৷ ইয়াৰ মাজতে বিগত বৰ্ষটোৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্পে শুল্ক সন্ত্ৰাসকে ধৰি বিশ্বৰ অত্যন্ত সংবেদনশীল বিষয় সমাধান কৰাৰ ক্ষেত্ৰত যিধৰণৰ অসংবেদনশীল আৰু প্ৰভুত্ববাদী নীতি গ্ৰহণ কৰিলে, তাৰ দ্বাৰাও সমগ্ৰ বিশ্বৰ যোগান শৃংখল আৰু কূটনৈতিক পৰিৱেশক সাংঘাতিক ধৰণে বিনষ্ট কৰি পেলালে৷ ইয়াৰ ফলত নতুনকৈ সৃষ্টি হোৱা এই ভূ-ৰাজনৈতিক প্ৰত্যাহ৩ানসমূহে গোলকীয় ৰাজনৈতিক আৰু অৰ্থব্যৱস্থাত দীৰ্ঘম্যাদী ব্যাপক নেতিবাচক প্ৰভাৱ পেলাব, সেয়া ধুৰুপ৷
ভাৰতৰ ক্ষেত্ৰতো ২০২৫ বৰ্ষটো বিভিন্ন ৰাজনৈতিক পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা দেখা গ’ল৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল যদিও ২০২৫ বৰ্ষত দিল্লী আৰু বিহাৰ বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সাফল্য অৰ্জনৰ জড়িয়তে নিজৰ হেৰুওৱা ৰাজনৈতিক ভেটি শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে, বিৰোধী দলসমূহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰা সফলতা ক্ষণস্থায়ী হিচাপে প্ৰতিপন্ন হৈছিল, কিয়নো ‘ইণ্ডিয়া’ মৰ্চাক নেতৃত্ব দিয়া কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দলসমূহে দিল্লী আৰু বিহাৰ বিধানসভাত বাৰুকৈয়ে মুখ থেকেচা খালে৷ নিশ্চিতভাৱে বিগত বৰ্ষটো ভাৰতৰ ৰাজনীতিৰ বাবে সোঁপন্থী ৰাজনৈতিক শক্তিসমূহৰ বাবে শক্তি আহৰণৰ সময় আছিল৷ ভোট চুৰি বা ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ দৰে ৰাজনৈতিকভাৱে সংবেদনশীল বিষয়সমূহে দেশৰ ৰাজনৈতিক আকাশ-বতাহ আন্দোলিত কৰি ৰাখিছিল যদিও এইবোৰে শাসনাধিষ্ঠিত দলটোৰ ওপৰত কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ অৱশ্যে, এই বিষয়সমূহ উত্থাপনৰ ফলত নিৰ্বাচন আয়োগৰ দৰে এটা সাংবিধানিক প্ৰতিষ্ঠান এটাৰ নিৰপেক্ষতাৰ ওপৰত যি দাগ লাগিল, সেয়া যে সহজে মচিব পৰা নাযাব, সেই কথাও নিশ্চিত৷
ইতিহাসে দেখুৱাইছে যে আমি যেতিয়া ইজনে সিজনৰ সহায়ক হওঁ, তেতিয়া আমি আমাৰ শ্ৰেষ্ঠতম অৱস্থাত থাকোঁ আৰু যোৱা বছৰটোও ইয়াৰ ব্যতিক্ৰম নাছিল৷ যেতিয়া মানুহে আমাৰ সমাজ, আমাৰ দেশ আৰু সামগ্ৰিকভাৱে মানৱ জাতিৰ মংগলৰ বাবে প্ৰত্যয়জনকভাৱে সাহসী আৰু উদ্ভাৱনৰ মনোভাবেৰে একত্ৰিত হয়, তেতিয়া আমি আমাৰ সন্মুখত থকা যিকোনো প্ৰত্যাহ৩ান অতিক্ৰম কৰিব পাৰোঁ৷ ২০২৬ চনতো প্ৰচুৰ প্ৰত্যাহ৩ান আহিব আৰু দ্ৰুতগতিত পৰিৱৰ্তিত, প্ৰত্যাহ৩ানমূলক আৰু অস্থিৰ পৃথিৱীখনৰ লগত মানৱ জাতিয়ে সহাৱস্থান কৰি ভৱিষ্যতৰ বাবে সুস্থিৰ আৰু ইতিবাচক ফলাফল বৃদ্ধি কৰাত সহায় কৰিব লাগিব৷ ভোটদানতেই হওক, অত্যাচাৰৰ প্ৰতিবাদতেই হওক বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক আগুৱাই নিয়াৰ ক্ষেত্ৰতে হওক, পৰিৱৰ্তন তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া আমি সকলোৰে বাবে এক উন্নত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত একেলগে কাম কৰিম৷
২০২৬ চনৰ দুৱাৰডলিত থিয় হৈ মানৱ জাতিয়ে ইতিমধ্যে অৰ্জন কৰা অবিশ্বাস্য উপলব্ধিসমূহৰ বাবে আত্মসন্তুষ্টিত ভুগিলে নহ’ব, বৰঞ্চ ভৱিষ্যতৰ দিনৰ প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিবলৈ আমি সাহসী, কঠিন কাম কৰিবলৈ ইচ্ছুক আৰু হয়তো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইজন সিজনৰ সহায়ক হ’বলৈও ইচ্ছুক হ’ব লাগিব৷






