Logo
image

উক্তি-বক্ৰোক্তি

কাৰো অনুশোচনা নাই৷ দোষী সদায় দোষীয়েই৷ এইকেইটা অসুৰ, মানুহ বুলি নকওঁ৷ দানৱ কেইটাই শাস্তি পাব লাগিব৷ জুবিন মোৰ স্বামীয়েই নহয়, আপোনালোকৰো প্ৰাণৰ আছিল৷ 

– গৰিমা শইকীয়া গাৰ্গ

দেশৰ ১০০ কোটি সনাতনীৰ মতৰ প্ৰতি গুৰুত্ব দি বিচিচিআয়ে বাংলাদেশী ক্ৰিকেটাৰক আইপিএলত নিষিদ্ধ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ৷ আমি আগতেই কৈছিলোঁ, ১০০ কোটি সনাতনীৰ ইচ্ছাৰ বিৰুদ্ধাচাৰণ কৰা ক্ৰিকেট ব’ৰ্ডৰ বাবে আৰু শ্বাহৰুখ খানৰ বাবে সম্ভৱ নহয়৷ এয়া সমগ্ৰ জাতিৰ আৰু হিন্দুৰ বাবে বিজয়৷ 

– বিজেপি নেতা সংগীত সোম 

ভুক্তভোগীৰ আপোনজনৰ বাবেহে এই যুদ্ধত পৰাজয় হোৱাৰ ইংগিত পালোঁ৷ জুবিন আছিল ৰাইজৰ ৰত্ন৷ হত্যাকাৰী আৰু হত্যাকাৰীক সুৰক্ষা দিয়াজনৰ ভাৰতৰত্ন অসমৰ ৰাইজক নালাগে৷ জুবিন শব্দ আজিৰ পৰা মোৰ ফেচবুক আৰু সংবাদ মাধ্যমত কোনেও দেখা নাপায়৷ 

– ৰাজনীতিবিদ দুলু আহমেদ

আমেৰিকাই ভেনেজুৱেলা আৰু তাৰ নেতৃত্বৰ বিৰুদ্ধে সফলতাৰে বিমান আক্ৰমণ সম্পন্ন কৰিলে৷ আমেৰিকাই দেশখনৰ ৰাষ্ট্ৰপতি নিক’লাছ মাডুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্লৰেছক ধৰি আনিছে৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প


জুবিনৰ বিষয়ে আপোনালোকে যি লিখে, আমাক এবাৰ জনাব৷ আমালৈ মেইল কৰিব, নহ’লে লিখাটো পঠাব৷ কাৰণ মিছা তথ্য হ’লে চিৰজীৱনৰ বাবে থাকি  যাব৷ সেইটো হ’ব নালাগে৷ 

– জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ

ক্ৰিকেটক এনেদৰে মুৰ্খৰ দৰে ৰাজনীতিকৰণ কৰিব নালাগে৷ বাংলাদেশৰ ক্ৰিকেটাৰ লিটন দাশ, সৌম্য সৰকাৰ দুয়োজনে হিন্দু ধৰ্মাৱলম্বী৷  একেখন দেশৰ এজন ক্ৰিকেটাৰ মুছলিম হোৱাৰ বাবেই আইপিএলত নিষিদ্ধ কৰাটো মুঠেই শুদ্ধ সিদ্ধান্ত নহয়৷ 

–কংগ্ৰেছ সাংসদ শশী থাৰুৰ

এজন ভ্ৰাতৃ হিচাপে, এজন বন্ধু হিচাপে তথা লোকসভাত উত্তৰ-পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে মই এঞ্জেল চাকমাৰ বাবে ন্যায় বিচাৰি তেওঁৰ পৰিয়াল আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সদায়েই থিয় দিম৷ আমি প্ৰমাণ কৰিব লাগিব যে উত্তৰ-পূৰ্বাঞ্চল আনে ভবাতকৈ বহুত শক্তিশালী৷

– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

প্ৰৌঢ় অৱস্থাত বিয়া পাতিব খুজিছে নেকি? বিয়া পাতিবলৈ হ’লে বিহাৰত ২০-২৫ হাজাৰ টকাত ছোৱালী পোৱা যায়৷ 

– উত্তৰাখণ্ডৰ মন্ত্ৰীৰ স্বামী গিৰিধাৰীলাল চাহু