Logo
image

সময়োচিত সিদ্ধান্ত

অৱশেষত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ল’লে এক উচিত সিদ্ধান্ত৷ দেশত কৰ’নাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাই থকা বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]৷ দেশৰ কঠিন সময়ত বিশ্বৰ সবাতোকৈ চহকী ফ্ৰেঞ্চাইজী লীগখন অব্যাহত ৰখাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ এই সমালোচনাৰ পাছতো বি চি চি আই নিজৰ সিদ্ধান্তত আছিল অটল৷ কিন্তু দৈৱ সুৰক্ষিত পৰিৱেশত থকা সত্ত্বেও কেইবাজনো ক্ৰিকেটাৰৰ দেহত ভাইৰাছৰ অৱস্থিতিৰ প্ৰমাণ পোৱাৰ পাছত টুৰ্নামেণ্টখনক লৈ সৃষ্টি হৈছিল অনি(য়তাৰ৷ কলকাতা নাইট ৰাইডাৰ্ছৰ দুজন ক্ৰিকেটাৰ আক্ৰান্ত হোৱা বাবে নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত হ’বলগীয়া সোমবাৰৰ খেলখন বাতিল কৰা হৈছিল৷ আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মঙলবাৰে দিল্লীত হ’বলগীয়া খেলখনৰ পূৰ্বে ছানৰাইজাৰ্ছ  হায়দৰাবাদৰ এজন ক্ৰিকেটাৰ আক্ৰান্ত হোৱাৰ পাছত চিন্তিত হৈ পৰিছিল বি চি চি আই৷ চেন্নাই ছুপাৰ কিংছৰ দুজন সদস্যৰ [ক্ৰিকেটাৰ নহয়] দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত দলটোৰ ফালৰ পৰা বি চি চি আইক কোৱা হৈছিল যে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বুধবাৰে দিল্লীত হ’বলগীয়া খেলখনৰ পৰা দলটো আঁতৰি থাকিব৷ এনেবোৰ স্থিতিতে আই পি এল স্থগিত ৰাখিবলৈ বাধ্য হৈছিল বি চি চি আই৷ আই পি এল স্থগিত কৰাৰ লগতে দিল্লীৰ ষ্টেডিয়াম ক’ভিড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰাৰ দাবী জনাই সোমবাৰে দিল্লী উচ্ছ ন্যায়ালয়ত এখন আৱেদনো দাখিল কৰা হৈছিল৷ কৰ’নাৰ আশংকাত ইতিমধ্যে কেইবাজনো বিদেশী ক্ৰিকেটাৰে আই পি এল আধাতে এৰি স্বদেশলৈ উভতিছে৷ তেওঁলোকৰ মাজৰে এজনে টুৰ্নামেণ্টখনৰ জৈৱ সুৰক্ষিত পৰিৱেশক লৈও প্ৰশ্ন উত্থাপন কৰিছে৷ বহুতৰ মনত প্ৰশ্ন হৈছিল– ২০২০ বৰ্ষতো কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আই পি এল অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ পাছত টুৰ্নামেণ্টখন আয়োজন কৰা হৈছিল ইউনাইটেড আৰব এমীৰেটছত৷ দেশত ক’ভিডৰ স্থিতি স্বাভাৱিক নোহোৱা সত্ত্বেও বি চি চি আয়ে টুৰ্নামেণ্টখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল কিয়? ক্ৰিকেট ব’ৰ্ডে দেশৰ ঘৰুৱা ক্ৰিকেট চমু কৰি ৰঞ্জি ট্ৰফীৰ লগতে আন কেইবাখনো আগশাৰীৰ প্ৰতিযোগিতা আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু আই পি এল স্থগিত ৰখা অথবা যোৱাবাৰৰ দৰে দেশৰ বাহিৰত আয়োজন কৰাৰ সিদ্ধান্ত নল’লে কিয়?

দৰাচলতে জৈৱ সুৰক্ষিত পৰিৱেশত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ক্ৰিকেট শৃংখলাটো সফলতাৰে অনুষ্ঠিত কৰি উৎসাহিত হৈছিল বি চি চি আইৰ শীৰ্ষ বিষয়ববীয়া৷ তাৰ পাছৰ পৰাই ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে আই পি এল ভাৰততে অনুষ্ঠিত হ’ব বুলি দৃঢ়তাৰে কৈ আহিছিল৷ কিন্তু এটা দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ সৈতে আই পি এলক তুলনা কৰিব নোৱাৰি৷ আই পি এলৰ প্ৰতিদ্বন্দ্বী দল হৈছে আঠটা আৰু খেল অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰা হৈছিল ছখন চহৰ৷ আৰম্ভণিত সকলো ঠিকেই আছিল৷ কিন্তু যেতিয়া দেশত কৰ’নাৰ দ্বিতীয় লহৰৰ সংক্ৰমণে দেশত বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত প্ৰশ্ন উঠিছিল আই পি এল অব্যাহত ৰখাৰ বিষয়টোত–জনস্বাস্থ্যতকৈ ক্ৰিকেট বিনোদনে আগস্থান পাব পাৰেনে? বিশ্বৰ কেইবাখনো দেশৰ ক্ৰিকেট বিশেষজ্ঞই  বৰ্তমানৰ স্থিতিত আই পি এল স্থগিত কৰাৰ পোষকতা কৰিছিল৷ ১৯৮৬ চনৰ বিশ্বকাপ ফুটবলৰ ‘গ’ল্ডেন বুট’জয়ী  ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ গেৰী লিনেকাৰেও দেশৰ এই সংকটৰ সময়ত ক্ৰিকেটৰ নামত একাংশ লোক এনেদৰে ব্যস্ত হৈ থকাটো  অবিবেচক কাণ্ড বুলি মন্তব্য কৰিছিল৷ যিসময়ত অক্সিজেন আৰু হাস্পতালৰ বিছনাৰ অভাৱত কৰ’না আক্ৰান্তই দুৰ্বিষহ সময় পাৰ কৰিবলগীয়া হৈছে, তেনে সময়ত আই পি এলৰ নামত বৃহৎ পৰিমাণৰ ধন খৰচ কৰাৰ যুক্তিযুক্ততা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল৷ লকডাউনৰ সময়ত বহুতৰ বাবে আই পি এল মনোৰঞ্জনৰ আহিলা হ’ব পাৰে, কিন্তু বিশ্বৰ সবাতোকৈ চহকী আৰু প্ৰভাৱশালী ক্ৰিকেট সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেশৰ সংকটৰ সময়ত ক্ৰিকেট বিনোদনৰ কথা পাহৰি ক’ভিডৰ বিৰুদ্ধে যুঁজখনত সহায়ৰ হাত আগবঢ়োৱাহে উচিত আছিল৷ ভাৰতৰ তুলনাত পাকিস্তানত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ যথেষ্ট কম৷ তথাপি দেশখনত স্থগিত ৰখা হৈছে পাকিস্তান ছুপাৰ লীগ৷ এটা কথা স্বীকাৰ্য যে আই পি এলৰ দৰে বৃহৎ টুৰ্নামেণ্ট এখনৰ সৈতে স্পনছ’ৰ, সম্প্ৰচাৰক এনে বিভিন্ন দিশ জড়িত থাকে৷ টুৰ্নামেণ্টখন বাতিল হ’লে বি চি চি আইৰ বৃহৎ আৰ্থিক ক্ষতি হ’ব৷ কিন্তু বৰ্তমানৰ স্থিতিত দেশ আৰু জনস্বাৰ্থ আগস্থানত থাকিব৷ সেয়েহে আই পি এল স্থগিত কৰি এক ইতিবাচক সিদ্ধান্ত ল’লে বি চি চি আয়ে৷