Logo
image

আৰাৱলীত কি হৈছে

গোলকীয় উষ্ণতাই মানব সভ্যতালৈ বিপদ মাতি  অনাৰ কথা সমগ্ৰ বিশ্বই স্বীকাৰ কৰি লৈছে৷  ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ বহুত আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাম কৰি আছে৷ বিশ্বই জলবায়ু পৰিৱৰ্তনৰ ফলত হ’ব বিপদ আৰু ইয়াক নিৰ্মূল কৰাৰ উপায় চিন্তা কৰি থকাৰ সময়তে ভাৰতবৰ্ষত আটাইতকৈ বেছি বনাঞ্চল ধবংস কৰা হৈছে আৰু অধিক ধবংস কৰাৰ পৰিকল্পনা কৰি থকা হৈছে৷ বিগত দহ বছৰত ভাৰতত অত্যধিক বনাঞ্চল ধবংস হৈছে৷ ই কেৱল ভাৰতৰ বাবেই নহয়,þ সমগ্ৰ বিশ্বলৈ বিপদ মাতিব৷ ভাৰতৰ বৰ্তমানৰ চৰকাৰখনৰ বনাঞ্চল ৰক্ষা কৰাৰ কোনো পৰিকল্পনাই নাই যেন অনুমান হয়, অন্যথা উন্নয়নৰ নেপথ্যত বন ধবংস কেতিয়াও নকৰিলেহেঁতেন৷

শেহতীয়াকৈ ভাৰতৰ আৰাৱলী  পৰ্বতমালাৰ সন্দৰ্ভত  ভাৰতৰ সৰ্বোচ্ছ ন্যায়ালয়ে অনা নতুন আইন তথা নিৰ্দেশনাই পৰিৱেশ সচেতন লোকক ভবাই তুলিছে৷ ভাৰতৰ উচ্ছতম ন্যায়ালয়ে ২০২৫ চনৰ নৱেম্বৰত আৰাৱলী পৰ্বত আৰু সংলগ্ন ৰেঞ্জৰ নতুন সংজ্ঞা গ্ৰহণ কৰি কয় যে কেৱল ১০০ মিটাৰ উচ্ছতা বা তাৰ ওপৰৰ ভূ-খণ্ডকহে ‘আৰাৱলী’ হিচাপে গণ্য কৰা হয়৷  ইয়াৰ ফলত আৰাৱলী ৰেঞ্জৰ বেছিভাগ ঠাইৰ [ইয়াৰ ৯০ শতাংশতকৈ অধিক] আইনী সুৰক্ষা কাঢ়ি লোৱা হয়৷ 

পৰিৱেশবিদ, স্থানীয় সম্প্ৰদায় আৰু সমাজ কৰ্মীসকলে যুক্তি আগবঢ়ায় যে ইয়াৰ ফলত খনন, নিৰ্মাণ আৰু ৰিয়েল ইষ্টেট উন্নয়নৰ বাবে বহল অঞ্চল মুকলি হ’ব পাৰে, পৰিৱেশ আৰু জলবায়ুৰ গুৰুতৰ ক্ষতি হ’ব পাৰে, আৰু প্ৰদূষণত ই  গুৰুত্বৰ  ভূমিকা গ্ৰহণ কৰিব পাৰে৷ 

 সেয়ে  ৰাজস্থান, হাৰিয়ানা, দিল্লীৰ উপকণ্ঠ অঞ্চলত বিয়পি থকা বিশ্বৰ অন্যতম পুৰণি আৰাৱলী পৰ্বতমালাক সুৰক্ষা দিয়াৰ লক্ষ্যৰে আৰাৱলীত এক ব্যাপক পৰিৱেশ আন্দোলনৰ আৰম্ভণি হৈছে৷ আৰাৱলী পাহাৰৰ আইনী বা প্ৰশাসনিক সংজ্ঞাৰ পৰিৱৰ্তনক লৈ পৰিৱেশ  সচেতন মহলত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে৷ পৰিৱেশ সংগঠনসমূহে যুক্তি আগবঢ়ায় যে এই নতুন ব্যাখ্যাই আৰাৱলী ৰেঞ্জৰ বৃহৎ অংশক পৰিৱেশ সুৰক্ষা আইনসমূহৰ পৰা বাদ দিব পাৰে৷  যদিহে সেই অংশক  আনুষ্ঠানিকভাৱে ‘আৰাৱলী’ হিচাপে শ্ৰেণীভুক্ত কৰা নহয়, তেন্তে ই খনন, নিৰ্মাণ, ৰিয়েল-ইষ্টেট উন্নয়ন আৰু ঔদ্যোগিক কাৰ্য্যকলাপৰ বাবে আইনগতভাৱে মুকলি হ’ব পাৰে৷

ভাৰতৰ পৰিৱেশ তন্ত্ৰত আৰাৱলীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷ থৰ মৰুভূমিৰ পূৱ দিশলৈ হোৱা সম্প্ৰসাৰণ বন্ধ কৰি মৰুভূমি ৰোধ কৰাত ইয়াৰ গুৰুতৰ ভূমিকা আছে ৷ তদুপৰি ভূগৰ্ভস্থ পানী বিশুদ্ধকৰণৰ লগতে নদ-নদী, হ্ৰদ,  জলাশয় সৃষ্টিৰ দ্বাৰা পৰিৱেশ সন্তুলিত কৰাত ইয়াৰ ভূমিকা অশেষ৷ বিশেষকৈ দিল্লীৰ  আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলৰ বাবে বায়ু প্ৰদূষণ হ্ৰাস কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে আৰাবলীয়ে৷ জৈৱ বৈচিত্ৰ্য, বনাঞ্চল, আৰু বন্যপ্ৰাণীৰ বাসস্থান বজাই ৰখা, উত্তৰ ভাৰতৰ জলবায়ু আৰু উষ্ণতা নিয়ন্ত্ৰণ কৰা আদি আৰাৱলীৰ বাবেই সম্ভব৷ আৰাৱলী পাহাৰৰ আইনী বা প্ৰশাসনিক সংজ্ঞাৰ পৰিৱৰ্তনক কেন্দ্ৰ কৰি প্ৰতিবাদৰ মূল কাৰণ হৈছে  প্ৰতিবাদকাৰীসকলে আশংকা কৰিছে যে নতুন  আইন মতে আৰৱালীৰ সুৰক্ষা দুৰ্বল হ’লে অবৈধ আৰু বৈধ খনন বৃদ্ধি হব, বনাঞ্চল আৰু বন্যপ্ৰাণী ধবংস হব, পানীৰ অভাৱ ঘটিব, বায়ু প্ৰদূষণ আৰু তাপমাত্ৰা বৃদ্ধি পাই গ্ৰীষ্ম প্ৰবাহ বৃদ্ধি পাব আৰু এনে হ’লে  স্থানীয় জনগোষ্ঠীৰ জীবন  আৰু জীৱিকাৰ  বৃহৎ ক্ষতি সাধন  হোৱাৰ সম্ভাৱনা আছে৷

সমাজৰ শিক্ষিত আৰু পৰিৱেশ সচেতন বহু লোকে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছে ৷  এই প্ৰতিবাদত বিশেষকৈ পৰিৱেশ কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষিত  যুৱক-যুৱতীৰ  দল, বিজ্ঞানী, শিক্ষিত নাগৰিক,স্থানীয় গাঁওবাসী আৰু বহু  সামাজিক আৰু ৰাজনৈতিক সংগঠনে অংশ গ্ৰহণ কৰিছে৷ প্ৰতিবাদকাৰীৰ দাবী  যে  সমগ্ৰ আৰাৱলী ৰেঞ্জৰ বাবে সম্পূৰ্ণ আইনী সুৰক্ষাৰ লগতে খনন আৰু নৱ নিৰ্মাণৰ বিৰুদ্ধে স্পষ্ট আৰু কঠোৰ আইন প্ৰণয়ন হ’ব লাগে৷ বাণিজ্যিক স্বাৰ্থৰ ওপৰত দীৰ্ঘম্যাদী পৰিৱেশ পৰিকল্পনা নকৰাকৈও আৰাৱলী পৰ্বতমালাৰ ক্ষতি হোৱা কাম কৰিলে ভৱিষ্যতে পৰিবেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভানাই অধিক৷

আৰাৱলী পৰ্বতক কেন্দ্ৰ কৰি  দেখা দিয়া প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে লাখ লাখ লোকৰ বাবে পৰিৱেশ, পানী আৰু জলবায়ুক সংৰক্ষণ  কৰা৷  আজি আৰাৱলীৰ ক্ষতি হ’লে ভৱিষ্যতে পৰিবেশৰ অপৰিৱৰ্তনীয় ক্ষতি  হ’ব, যাৰ পৰিণতি  স্থানীয় লোকৰ লগতে ভাৰতে ভোগ কৰিব৷ সমগ্ৰ বিশ্ব প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিবলৈ ওলাই অহাৰ পাছত ভাৰতৰ আৰাবলীৰ এই ঘটনাই ৰহস্যজনক ভূমিকা পালন কৰিছে৷