Logo
image

হিতাধিকাৰী ৰাজনীতি

১৯৫৩ চনত বিবিচিয়ে লোৱা এক সাক্ষাৎকাৰত ভাৰতৰ সংবিধান প্ৰণেতাসকলৰ অন্যতম বাবা চাহেব আম্বেদকাৰে কৈছিল যে, ভাৰতত প্ৰতি পাঁচ বছৰৰ অন্তত সফলতাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব ঠিকেই, কিন্তু অদূৰ ভৱিষ্যতত ভাৰতৰ গণতন্ত্ৰ যে সফল হ’ব, সেই আশা ক্ষীণ৷ তাৰ কাৰণ হ’ল, ভাৰতীয় ভোটাৰ ৰাইজে এয়াই বুজি নাপায় যে কাক ভোট দিব লাগে আৰু কিয় দিব লাগে৷ ভাৰতীয় সমাজ অসমানতাৰ ভিত্তিত প্ৰতিষ্ঠিত, সামাজিক অন্যায় এই সমাজৰ মজ্জাগত তথা আনুষ্ঠানিক৷  এখন অসমান সমাজত ভোটাৰে সদায় তেওঁৰ জাতি, ধৰ্ম, সম্প্ৰদায় আদিৰ ভিত্তিতহে ভোটদান কৰে৷ আনহাতে, ৰাজনৈতিকভাৱে সক্ৰিয় বা সচেতনসকলে ৰাজনৈতিক দলৰ চিহ্নৰ ভিত্তিত ভোট প্ৰদান কৰে– তেওঁলোকে পদুম ফুল বা হাতৰ চিহ্নতহে ভোট দিয়ে৷ কিন্তু সেই চিহ্নৰ নেপথ্যত থকা প্ৰাৰ্থীজন কোন, তেওঁ চোৰেই নে ডকাইতে নে কোনো বিদগ্ধ বিদ্বান, সেয়া তেওঁলোকৰ বিচাৰ্যৰ বিষয় নহয়৷ সম্প্ৰতি নিৰ্বাচনৰ নিৰ্ণায়ক হিচাপে উপৰিউক্ত উপাদানৰ সৈতে আন এটা ধাৰণা যোগ হৈছে– সেয়া হ’ল ভোটাৰ ৰাইজৰ ‘প্ৰত্যক্ষ আৰু ব্যক্তিগত উন্নয়ন’ৰ ধাৰণা৷

গণতান্ত্ৰিক ব্যৱস্থাত এয়া এক নতুন ‘উন্নয়ন’ৰ ধাৰণা৷ পূৰ্বে উন্নয়নৰ ধাৰণা আছিল মূলতঃ অধিকাৰভিত্তিক আৰু সামূহিক– এক প্ৰতিষ্ঠানিক কল্যাণমূলক ব্যৱস্থা, য’ত প্ৰাপ্যসমূহ নিয়মিত আছিল যদিও নিৰ্বাচনী চক্ৰৰ সৈতে কম প্ৰত্যক্ষভাৱে জড়িত আছিল৷ কিন্তু সাম্প্ৰতিক বিহাৰ বিধানসভাৰ নিৰ্বাচনত উন্নয়নৰ ধাৰণাক প্ৰত্যক্ষভাৱে নিৰ্বাচনৰ সৈতে জড়িত কৰোৱাৰ উপৰি ভোটাৰ ৰাইজক সফলতাৰে ম’বিলাইজ কৰিবলৈও সক্ষম হোৱা দেখা গৈছে৷ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত দহ হাজাৰকৈ টকা প্ৰায় এক কোটি বিছ লাখ মহিলাৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ ট্ৰেন্সফাৰ কৰাৰ ফল হিচাপে দেখা গৈছে যে ইতিহাসত প্ৰথমবাৰ বিহাৰৰ ৰেকৰ্ডসংখ্যক ৭১.৬ শতাংশ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰিছে [য’ত পুৰুষৰ হাৰ আছিল মাত্ৰ ৬২.জ্জ্বক্ম]৷ বিহাৰৰ ২৪৩টা সমষ্টিৰ ভিতৰত ১৩০টাতে পুৰুষতকৈ মহিলাই অধিক ভোট দিছে৷ উল্লেখযোগ্য যে, এই ১৩০টা সমষ্টিৰ ১১৪টাতে শাসকীয় মৰ্চাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ গতিকে বিহাৰ বিধানসভাৰ নিৰ্বাচনে সমগ্ৰ ভাৰততে উন্মোচিত হৈ অহা এক বৃহত্তৰ পৰিঘটনাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এই কথা এতিয়া প্ৰমাণ হৈ পৰিছে যে, প্ৰত্যক্ষ আৰু ব্যক্তিগত কল্যাণকেন্দ্ৰিক নিৰ্বাচনী কৌশল বা সহজ ভাষাত হিতাধিকাৰীকেন্দ্ৰিক নিৰ্বাচনী কৌশলে ভাৰতৰ গণতন্ত্ৰৰ ৰাজনৈতিক ম’বিলাইজেশ্বন, ব্যক্তি ভোটাৰৰ যুক্তি-প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক অন্তৰ্ভুক্তিৰ আৱেগিক পৰিকাঠামোক সমূলি ৰূপান্তৰিত কৰিবলৈ লৈছে৷

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এই সহজ আৰু প্ৰমাণিত কৌশল শাসকীয় মৰ্চাই বিহাৰৰ পাছত এইবাৰ অসমত প্ৰয়োগ কৰাৰ সকলোধৰণৰ কুচকাৱাজ সম্পন্ন কৰিছে৷ নতুন বছৰৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অৰুণোদই আঁচনিৰ অন্তৰ্গত অসমৰ প্ৰায় ৩৮ লাখতকৈ অধিক মহিলা হিতাধিকাৰীক ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে জ্জ্ব হাজাৰ টকাকৈ পোনে পোনে তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিয়া হ’ব৷ অৱশ্যে, মূখ্যমন্ত্ৰীয়ে কেৱল ইয়াতে ক্ষান্ত হোৱা নাই, ‘বাবু আঁচনি’ৰ জড়িয়তে স্নাতক মহলাৰ ছাত্ৰক মাহে এহাজাৰ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰক মাহে দুহাজাৰ টকাকৈ ফেব্ৰুৱাৰী মাহৰ পৰা দিয়াৰ কথা ঘোষণা কৰিছে৷ সেইদৰে, ‘নিযুত মইনা আঁচনি’যোগে স্নাতক মহলাৰ ছাত্ৰীক ৰ,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰীক ২,৫০০ টকাকৈ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰদান কৰিব৷ মুঠতে ভোটাৰক আকৰ্ষণ কৰিবলৈ অসমৰ শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰ হিতাধিকাৰী আঁচনি লৈ প্ৰস্তুত, এতিয়া মাত্ৰ নিৰ্বাচন ঘোষণাৰহে অপেক্ষা৷