Logo
image

অসমতো হ’ব নেকি ধৰ্মীয় সংঘাত

সম্প্ৰতি বিশ্বৰ বহু দেশত হত্যা-হিংসা সাধাৰণ ঘটনা হৈ পৰিছে৷ কিছুদিনৰ পৰা বাংলাদেশত হৈ থকা নৰহত্যাই সমগ্ৰ বিশ্বকে হতচকিত কৰিছে৷  শেহতীয়াকৈ বাংলাদেশত যি পৰিস্থিতি হৈ আছে এনে বিদ্ৰোহৰ আঁৰত উগ্ৰ মৌলবাদী শক্তিৰ হাত থকাৰ লগতে চীন আৰু আমেৰিকাৰো হাত থকা বুলি বহুতে সন্দেহ কৰে৷ কেৱল ধৰ্মীয় আদৰ্শৰে অনুপ্ৰাণিত এইসকল লোকৰ সন্মুখত এচাম স্বাৰ্থান্বেষীয়ে ধৰ্মৰ অপব্যাখ্যা কৰি সমগ্ৰ মুছলমান সমাজক প্ৰৰোচিত আৰু উত্তেজিত কৰিবলৈ চেষ্টা কৰে৷ বহু লোকে এই প্ৰৰোচনাত ভোল নোযোৱাৰ বিপৰীতে বহুতে কিন্তু এনে শক্তিৰ উচটনিত হাত উজান দিয়ে৷ বাংলাদেশত আৰম্ভ হোৱা জেন-জিৰ আন্দোলন মূলতঃ শ্বেখ হাছিনাৰ স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে আছিল যদিও কালক্ৰমত এই বিদ্ৰোহে ভাৰত বিৰোধিতা বা হিন্দু বিৰোধিতাৰ ৰূপ ল’লে৷ বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ বিৰোধী আন্দোলনৰ নেতা ওছমান হাদিক আততায়ীয়ে গুলীয়াই হত্যা কৰা আৰু দীপু চন্দ্ৰ দাস নামৰ এজন সংখ্যালঘু হিন্দু যুৱকক হত্যা কৰি জ্বলাই দিয়া ঘটনাৰ আলম লৈ এইবাৰ ভাৰত-বাংলাদেশৰ মাজত আৰম্ভ হৈছে কূটনৈতিক যুদ্ধ৷ তীব্ৰ ভাৰতবিৰোধী কাৰ্যকলাপ আৰম্ভ হোৱা বাংলাদেশ পৰৱৰ্তী সময়ত যে অসমৰ বাবেও চিন্তাৰ কাৰণ হৈ নপৰিব, ক’ব নোৱাৰি৷ কোনোৱাই মানক বা নামানক, সত্যটো হ’ল– অসমত যথেষ্টসংখ্যক বাংলাদেশীমূলৰ লোক আছে৷ ১৯৭১ চনৰ ২৫ ডিচেম্বৰৰ আগতে অহা লোকসকলৰ কথা ক’বলগীয়া নাই যদিও তাৰ পাছতো যথেষ্টসংখ্যক লোকৰ অসমলৈ প্ৰব্ৰজন ঘটিছে৷ এন আৰ চিখনৰ অসম্পূৰ্ণতাই এইসকল লোকক চিনাক্ত কৰাত বাধাৰ সৃষ্টি কৰিলেও তেনে লোকৰ বহুতে নথি-পত্ৰৰে নিজৰ স্থায়ী ঠিকনা অসমতেই গজগজীয়া কৰিলে৷ এইসকলৰ প্ৰসংগক যদি আমি আওকাণ কৰোঁ, অসমক উগ্ৰ মৌলবাদীৰ অভিযানৰ অন্যতম এক লক্ষ্য হোৱাৰ পৰা হয়তো বচাব পৰা নাযাব৷ অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ত্ৰিছ শতাংশ মুছলমান৷ এইসকল মুছলমান আকৌ প্ৰধানতঃ দুটা শ্ৰেণীত বিভক্ত৷ এটা হৈছে থলুৱা খিলঞ্জীয়া মুছলমান, যাৰ প্ৰায় আঠশ বছৰীয়া বৰ্ণিল ইতিহাসে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰিছে৷ আনটো হৈছে, প্ৰায় ডেৰশ বছৰ পুৰণি অভিভাষী অসমীয়া মুছলমান৷ ইয়াৰ বাহিৰেও অসম আন্দোলনৰ অসফল পৰিসমাপ্তিয়ে অসমত আন এক শ্ৰেণীৰ মুছলমানক জন্ম দিলে; সেয়া হৈছে বাংলাদেশী মুছলমান৷ ইয়াৰে থলুৱা খিলঞ্জীয়া মুছলমানসকল চিন্তাৰ কাৰণ হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে৷ আনহাতে অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰায় ডেৰশ বছৰ পুৰণি অভিবাসী মুছলমানসকলৰ ভূমিকাকো নশলাগী নোৱাৰি৷ কিন্তু সমস্যা আহিছে তৃতীয় অনাহূত শ্ৰেণীটোক লৈ৷ বাংলাদেশী মুছলমানৰ এই শ্ৰেণীটোক জন্ম দিয়াত অভিবাসী মুছলমানৰ ভূমিকা কিন্তু উল্লেখনীয়৷ অভিবাসী মুছলমানসকলৰ পূৰ্ববংগীয় সহোদৰৰ প্ৰতি থকা প্ৰীতিয়ে তেওঁলোকৰ আমন্ত্ৰণ আৰু সংস্থাপনত বিশেষ সহযোগিতা দেখুৱাই অসমৰ বিদেশী সমস্যাক ভয়াৱহ ৰূপ দিবলৈ ধৰিলে আৰু পৰৱৰ্তী সময়ত ই খিলঞ্জীয়াৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিল৷ এই দুটা শ্ৰেণীৰ অনিয়ন্ত্ৰিত পৰিয়াল পৰিকল্পনা আৰু তাৰ ফলত হোৱা অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে এইসকল মুছলমানক অসমৰ এটা বৃহৎ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ কৰিলে৷ ফলত খিলঞ্জীয়া জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী লোকসকলো এইসকল বাংলাদেশী মূলৰ লোকৰ বাবে ক্ষতিগ্ৰস্ত৷ অপৰাধ বা অপৰাধীৰ কোনো ধৰ্ম নাই, জাতি নাই, ভাষা নাই সঁচা, কিন্তু অসমৰ বেলিকা অপৰাধ জগতখনত এচাম নিৰ্দিষ্ট সন্দেহজনক লোকৰ পয়োভৰ চিন্তনীয়৷ পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে অসমৰ যিকেইখন জিলাত সেই নিৰ্দিষ্ট সন্দেহযুক্ত সম্প্ৰদায়টোৰ সংখ্যা বেছি, তুলনামূলকভাৱে সেইকেইখন জিলাতে অপৰাধ বেছি৷ এটা কথা অপ্ৰিয় হ’লেও সত্য যে ইছলামৰ উগ্ৰ মৌলবাদ বৰ্তমান বিশ্বত সন্ত্ৰাসৰ কাৰক৷ উগ্ৰ মৌলবাদী ইছলামৰ বিশ্ব বিজয় অভিযানৰ মানচিত্ৰত অসমো যে সোমাই থকা নাই তাক দৃঢ়তাৰে ক’ব পৰা নাযায়৷ সেয়ে খিলঞ্জীয়া অসমীয়া মুছলমানেও এই ক্ষেত্ৰত সজাগ আৰু সচেতন হোৱা দৰকাৰ৷ অন্যথা হিন্দু-মুছলমানৰ মাজত থকা অসমীয়াৰ সম্প্ৰীতিৰ বান্ধোন হয়তো নাইকিয়া হ’ব৷ ইতিমধ্যে বাংলাদেশৰ বহু নেতাই অসমসহ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ ই সঁচাকৈয়ে নিন্দনীয়৷ আনহাতে বহু থলুৱা মুছলমানে লগত চামলি কৰাৰ বাবে ষড়যন্ত্ৰ কৰি আছে৷ সেইসকলৰ ষড়যন্ত্ৰক সময় থাকোঁতেই অসমৰ খিলঞ্জীয়া হিন্দু-মুছলমান সকলোৱে ওফৰাব লাগিব৷

সেয়েহে সময় থাকোঁতেই এনে স্পৰ্শকাতৰ বিষয়ত মতাদৰ্শৰ ঊধবৰ্লৈ গৈ নিৰপেক্ষ আৰু বস্তুনিষ্টভাৱে বিশে¡ষণ কৰি ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ৷ ৰাজ্য চৰকাৰখনেও সততে এচাম লোকক টাৰ্গেট কৰি উচ্ছেদ অভিযানকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে শুদ্ধ এনআৰচি প্ৰস্তুত কৰি অসমত বাস কৰা বিদেশী লোকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰক৷