Logo
image

উক্তি-বক্ৰোক্তি

উজনিত হিমন্ত ৰজা নহয়৷ উজনিত মই আছোঁ, মই৷ হিমন্ত বিশ্ব ২০০ কোটি টকা লৈ ইয়ালৈ আহক, থিয়ৈ থিয়ৈ হৰুৱাম৷ ১০০ কোটি টকা লৈ গৌৰৱ গগৈক হৰুৱাবলৈ যোৰহাটলৈ হৈছিল নহয়, হিমন্তক হৰুৱাবলৈ আমি গৌৰৱ গগৈক জিকাই দিলোঁ৷ হিমন্তক মই চেলেঞ্জ কৰিছোঁ৷ 

– শিৱসাগৰৰ বিধায়ক অখিল গগৈ

যি মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সমগ্ৰ বিশ্বক নিজৰ অহংবোধৰ জৰিয়তে বিচাৰ কৰে, তেওঁৰ জনা উচিত যে বিশ্বৰ সমস্ত অত্যাচাৰী আৰু অহংকাৰী শাসকৰ ক্ষমতাৰ শীৰ্ষৰ পৰা পতন ঘটিছে৷ ড’নাল্ড ট্ৰাম্পৰ হৈ কাম কৰিলে ইৰাণত কোনেও নিস্তাৰ নাপাব৷ 

– ইৰাণৰ সৰ্বোচ্চ মুৰব্বী আয়াতোল্লা আলী খামেনেই 

উজনিত অখিল গগৈয়েই ৰজা হৈ থাকক৷ আমি প্ৰজা হৈ থাকিলেই ভাল৷ তেওঁ মাত্ৰ ফেচবুক লাইভ কৰা এৰি দিব নালাগে৷ ৰাতি তেওঁৰ ফেচবুক লাইভ চাই ভাল লাগে৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


মই যি কৰিছোঁ, তৃণমূলৰ চেয়াৰপাৰ্চন হিচাপে কৰিছোঁ৷ যি কৰিছোঁ, কোনো অন্যায় কৰা নাই৷ তুমি মোক খুন কৰিবলৈ আহিছা৷ চোৰৰ দৰে আহিছা৷ মোৰ আত্মৰক্ষাৰ অধিকাৰ আছে৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী 

পলমকৈ বিয়া পতাৰ কাৰণে বড়ো ল’ৰা-ছোৱালীৰ সংখ্যা হ্ৰাস পাইছে৷ ইয়াৰ ফলত বড়ো মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ 

– বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

মাৰিয়া কৰিনা মাছাডোৱে মোক তেওঁৰ শান্তিৰ নোবেল বঁটাটো দিবলৈ বিচাৰিছে৷ এইটো এটা বৰ মহান সিদ্ধান্ত৷ মই জ্জ্বখন যুদ্ধ বন্ধ কৰিছোঁ৷ তাৰ প্ৰত্যেকতে এটাকৈ মই শান্তিৰ নোবেল পাব লাগে৷ মোক শান্তিৰ নোবেল নিদি নৰৱেই পস্তাই আছে৷ কৰিনাই পিছে উচিত সিদ্ধান্ত লৈছে৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

বিজেপিক ৩৫-৪০ খন আসন বিচাৰিব অগপই৷ পূৰ্বতকৈ এইবাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ সেয়ে অগপই অধিক আসন বিচাৰিব৷ 

– বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

বিচিচিআইৰ এইখন বৈঠক ‘চেণ্টাৰ অব এক্সেলেন্স’ৰ বিষয়ক লৈ হৈছিল৷ বাংলাদেশে ভাৰতত টি-২০ বিশ্বকাপ খেলিব নে নেখেলে সেই লৈ আমি কোনো আলোচনা কৰা নাই৷ সেইটো আই চি চিৰ বিষয়, আমাৰ নহয়৷ 

–বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া

বিজেপিৰ বাবে এদিন অসমখন বহিঃৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব৷ আমি একো কৰিব নোৱাৰিম৷

– প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই