শিক্ষা কাৰ অধিকাৰ
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ এখন চিকিৎসা মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে [এনএমচি] এমবিবিএছ পাঠ্যক্ৰম চলাবলৈ অনুমোদন দিয়াৰ পাছত হঠাৎ এই অনুমোদন প্ৰত্যাহাৰ কৰে, যাৰ ফলত মহাবিদ্যায়খন বন্ধ হৈ পৰে৷ জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাক্ৰিয়ালত অৱস্থিত শ্ৰীমাতা বৈষ্ণো দেৱী ইনষ্টিটিউট অৱ মেডিকেল এক্সেলেন্স [SMVDIME]৷ নামৰ চিকিৎসা মহাবিদ্যায়খনক ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে ৫০খন আসনৰ সৈতে এমবিবিএছ কাৰ্যসূচী আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল, যিটো এখন চিকিৎসা মহাবিদ্যায়ত থাকিবলগা সুবিধা তথা আন্তঃগাঁথনিৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হৈছিল৷ কিন্তু ২০২৬ চনৰ ৬ জানুৱাৰীত এনএমচিৰ মেডিকেল এচেছমেণ্ট এণ্ড ৰেটিং ব’ৰ্ডে [এমএআৰবি] অনুমতি পত্ৰ প্ৰত্যাহাৰ কৰি কাৰ্যকৰীভাৱে এমবিবিএছৰ পাঠ্যক্ৰম বন্ধ কৰি কলেজখনৰ চিকিৎসাৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে৷ এইক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণমূলক কাৰণটো আছিল যে কলেজখনে চিকিৎসা পাঠ্যক্ৰম চলাবলৈ প্ৰয়োজনীয় নূ্যনতম মান পূৰণ কৰাত মহাবিদ্যালয়খন ব্যৰ্থ হৈছিল এনএমচিৰ নিয়ম অনুসৰি আন্তঃগাঁথনি, অধ্যাপক, ক্লিনিকেল সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ অভাৱকে ধৰি আনুষংগিক দিশসমূহত পিছৰ পৰ্যায়ত বিসংগতি পোৱা গৈছিল বুলি চৰকাৰীভাৱে প্ৰকাশ৷ এনএমচিয়ে মহাবিদ্যায়খন পৰিদৰ্শন কৰাৰ লগতে কিছুমান সংগঠনৰ মহাবিদ্যালয়খনৰ বিৰুদ্ধে কিছুমান বিশেষ অভিযোগ পোৱাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছিল, য’ত প্ৰয়োজনীয় নীতি-নিয়মসমূহ গুৰুতৰভাৱে অমান্য কৰাৰ কথা উল্লেখ কৰা হৈছিল৷
কিন্তু গুৰুত্বৰ অভিযোগটো এই বুলি উঠিছে যে কলেজখনৰ প্ৰথমটো এমবিবিএছ শ্ৰেণীৰ নামভৰ্তি তালিকাক লৈ ৰাজনৈতিক আৰু সামাজিকভাৱে বিৰাট বিতৰ্কৰ সূচনা হৈছিল৷ ইয়াৰ ঘাই কাৰণ হৈছে মহাবিদ্যালয়খনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলৰ অধিকাংশই কাশ্মীৰৰ পৰা অহা মুছলমান প্ৰাৰ্থী৷ ৫০খন আসনৰ ভিতৰত ৪২খন আসনেই মছলমান প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে৷ কিছুমান হিন্দুত্ববাদী সংগঠনে এই আসন বিতৰণ ব্যৱস্থাৰ বিপৰীতে প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়খনৰ কাৰ্য্যকলাপক লৈ ৰাজহুৱা বিতৰ্কৰ আৰম্ভ কৰিছিল আৰু মহাবিদ্যালয়খন বন্ধ কৰাৰ বাবে আবেদন জনাইছিল৷ প্ৰকৃততে ভাৰতবৰ্ষৰ দৰে এখন গনতান্ত্ৰিক দেশত ই অতিকে নিন্দনীয় কাম৷ য’ত সকলোৰে শিক্ষাৰ অধিকাৰ সমান তেনে এখন দেশত গৰিষ্ঠসংখ্যক মুছলমান ছাত্ৰই চিকিৎসা বিজ্ঞান পঢ়াৰ সুবিধা লাভ কৰাৰ বাবেই এখন চিকিৎসা মহাবিদ্যালয় বন্ধ কৰি দিয়াটো একনায়কত্ববাদী শাসনৰ পৰিচায়াক৷
এই বন্ধৰ ফলত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে জম্মু আৰু কাশ্মীৰ চৰকাৰ আৰু এন এম চিয়ে তেওঁলোকক কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰতে অন্যান্য স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়লৈ বদলি কৰাৰ ব্যৱস্থা কৰিছে৷ এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উক্ত চিকিৎসা মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে যাতে তেওঁলোকে শিক্ষাবৰ্ষ হেৰুৱাবলগা নহয়৷ অৰ্থাৎ এখন চিকিৎসা মহাবিদ্যালয় বন্ধ হৈ যোৱাৰ পাছতো সেই বিশেষ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো লোকচান নহয়৷ কিন্তু লোকচান হ’ল চৰকাৰ, জনসাধাৰণৰ৷ এখন উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় দিয়া অত্যন্ত কঠিন কাম৷ তেনেক্ষেত্ৰত তেনে এখন প্ৰতিষ্ঠান কেৱল ধৰ্মৰ বাবে বন্ধ কৰি দিয়াটো বৰ দুখজনক কথা৷ মহাবিদ্যালয়খন বন্ধ কৰি দিয়াৰ বিপৰীতে কিদৰে তাৰ গুণগত মান উন্নত কৰিব পাৰি তাৰহে চিন্তা কৰা উচিত আছিল৷
মহাবিদ্যায়খন বন্ধ হোৱাৰ আঁৰত ধৰ্মীয় কাৰণ বুলি কোৱাৰ থল আছে৷ কাৰণ চিকিৎসা মহাবিদ্যালয়খন বন্ধ কৰি দিয়াৰ পাছত এচাম হিন্দুত্ববাদী লোকে পৰস্পৰৰ মাজত মিঠাই বিতৰণ কৰি অভিনন্দন জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰে৷ অভিযোগ আছে যে কেৱল মুছলমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি হোৱা বাবেই বহু হিন্দুত্ববাদী সংগঠনে চিকিৎসা মহাবিদ্যালয়খন বন্ধ হ’ব লাগে বুলি দাবী জনাইছিল৷ এনেধৰণৰ কাম-কাজে বিশ্বৰ বুকুত ভাৰতৰ মৰ্য্যদা হ্ৰাস কৰিব৷ ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ মুঠেও নহয়৷






