মাতব্বৰী ট্ৰাম্প
ভেনিজুৱেলাক আক্ৰমণ কৰাৰ পাছত ডেনমাৰ্ক নিয়ন্ত্ৰণাধীন ভূখণ্ড গ্ৰীনলেণ্ডক বলপূৰ্বক অন্তৰ্ভুক্ত কৰাৰ ভাবুকি দিয়াৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অধিক যুদ্ধংদেহী হৈ পৰা দেখা গৈছে৷ নিজৰ ক্ষমতাক অধিক প্ৰসাৰিত কৰাৰ উদ্দেশ্য আগত ৰাখি তেওঁ এতিয়া এনে এখন বিধেয়কত সন্মতি প্ৰকাশ কৰিছে, যাৰ অধীনত আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব৷
যিহেতু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা প্ৰধান দেশসমূহ হ’ল চীন, ভাৰত আৰু ব্ৰাজিল; গতিকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা এই দেশসমূহে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ অব্যাহত ৰখাত সহায় কৰা বুলি নাশ্ৰুত-নাভূত ধাৰণা এটা সৃষ্টি কৰি এই দেশসমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চত অভূতপূৰ্ব হেঁচা প্ৰয়োগ কৰি নিজৰ নিয়ন্ত্ৰণাধীন কৰি তুলিবলৈ সৰ্বতোপ্ৰকাৰৰ প্ৰয়াস বৰ্তমানেও অব্যাহত ৰাখিছে৷ ইতিমধ্যে ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আৰু শুল্ক ক্ষেত্ৰত যিকোনোধৰণৰ বৃদ্ধিৰ অৰ্থ হ’ব ভাৰতৰ ওপৰত প্ৰত্যক্ষভাৱে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা৷
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বেচ্ছাচাৰিতাৰ আন এটা জ্বলন্ত উদাহৰণ হ’ল যে, বিগত সময়বোৰত ৬০টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগত আমেৰিকাই নিজক সম্পৰ্ক ছেদ কৰিছে৷ আমেৰিকাই যিবোৰ সংগঠনৰ লগত নিজৰ সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছে, তাৰ ভিতৰত প্ৰায় ৩০টা ৰাষ্ট্ৰসংঘৰ সৈতে জড়িত৷ ইয়াৰ পূৰ্বেও ট্ৰাম্পৰ শাসনৰ সময়ত বিশ্বৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ লগত আমেৰিকাই নিজৰ সম্পৰ্ক ছেদ কৰিছিল৷ ইয়াৰ ভিতৰত ভাৰতৰ নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটো অন্তৰ্ভুক্ত৷ এনে প্ৰেক্ষাপটত যিদৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুতো গোলকীয় সংগঠনৰ লগত সম্পূৰ্ণৰূপে বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখনৰ সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁ সম্পূৰ্ণৰূপে বিশ্ব ব্যৱস্থাটোক বিভাজিত কৰি তুলিব বিচাৰে৷
নিজৰ স্বেচ্ছাচাৰী মানসিকতা প্ৰদৰ্শন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সমগ্ৰ বিশ্বক শীতল যুদ্ধৰ যুগলৈ ওভতাই লৈ যোৱাই নহয়, তাৰো এঢাপ আগুৱাই গৈ সেই সময়ছোৱালৈও সমগ্ৰ বিশ্বক ঠেলি দিছে, য’ত শান্তিপূৰ্ণ গোলকীয় শৃংখলা বুলি কোনো পৰিৱেশ নাছিল৷ কিন্তু যদিহে ট্ৰাম্পে ভাবে যে, সমগ্ৰ বিশ্ব তেওঁৰ ভাবুকি আৰু উন্মাদ সিদ্ধান্তৰ সমুখত নতশিৰ হ’ব, তেনেহ’লে সেয়া তেওঁৰ অবাস্তৱ ধাৰণা৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা মনত উচিত যে, বৰ্তমান লাহে লাহে ইউৰোপেও আমেৰিকাৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে৷
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া যিমানেই তৰ্জন-গৰ্জন নকৰক কিয়, কিন্তু বৰ্তমান আমেৰিকাৰ মৰ্যাদা দুটা-তিনি দশকৰ পূৰ্বৰ দৰে নহয়৷ এতিয়া ক্ৰমান্বয়ে ডলাৰৰ আধিপত্যও হ্ৰাস পাই আহিছে৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰাটো অতি প্ৰয়োজনীয় যে, সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ পাছতো তেওঁ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ তদুপৰি, তেওঁ চীন আৰু ব্ৰাজিলৰ ওপৰত মুঠেও নিজৰ প্ৰভাৱ পেলাব পৰা নাই আৰু ভাৰতৰো স্পষ্ট বাৰ্তা হ’ল– আমেৰিকাৰ হেঁচাত কোনোমতেই নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ জলাঞ্জলি দিবলৈ সন্মত নহয়৷
ভাৰতৰ এনে দৃঢ় স্থিতিৰ বাবেই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰতৰ প্ৰতি দিনক দিনে আক্ৰোশ বৃদ্ধি পাই আহিছে৷ অনাগত দিনত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ আৰু অধিক অৱনতি ঘটিব পাৰে৷ ভাৰতে যে কোনো কাৰণতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাদাগিৰি আৰু ব্লেকমেইলিং সহ্য নকৰে, সেয়া সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰকাশ কৰাৰ সময় আহি পৰিছে৷ আমেৰিকাক এনে এক শক্তিশালী বাৰ্তা প্ৰদান কৰাৰ লগতে ভাৰতে বিশ্বৰ অন্যান্য শক্তিশালী ৰাষ্ট্ৰসমূহৰ লগতো হাত মিলাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গুণ্ডাগিৰি কেনেকৈ প্ৰতিহত কৰিব পাৰি, তাৰো ৰণকৌশল প্ৰস্তুত কৰিব লাগিব, কাৰণ আমেৰিকাৰ বিভিন্ন অবিবেচকী সিদ্ধান্তৰ ফলত এক সুস্থ আৰু শান্তিপূৰ্ণ গোলকীয় শৃংখল বৰ্তাই ৰখাৰ সকলো পথ ৰুদ্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে৷






