Logo
image

আকৌ লকডাউন!

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভাৰতত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাত ক্ৰমাৎ মৃত্যু উপত্যকাত পৰিণত হৈছে ভাৰত৷ চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই ভাৰতত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে দ্ৰুতগতিত সংক্ৰমিত হৈছে৷ ফলত দৈনিক ৩.৫ লাখতকৈও অধিক লোক আক্ৰান্ত হৈছে আৰু ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ২,২২,৪০৮ সংখ্যা অতিক্ৰম কৰিছে৷ উল্লেখ্য, ভাৰতত বিগত ১৫ দিনতে ৫০ লক্ষাধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত বিছনাৰ অভাৱ হৈছে, অক্সিজেনৰ অভাৱ হৈছে৷ এনে গতিত যদি আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকে, তেন্তে মৃত্যুৰ শীতল কোলাত হয়তো সকলোৱে জিৰণি ল’ব লাগিব৷ দেশৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক লকডাউন ঘোষণা কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ মূলতঃ কৰ’না ভাইৰাছৰ দ্বিতীয় শৃংখলৰ গতি ৰোধ কৰিবলৈ এই নিৰ্দেশ জাৰি কৰিছে উচ্ছতম ন্যায়ালয়ে৷ দেশত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন দেশেও ভাৰতীয় লোকক তেওঁলোকৰ ৰাষ্ট্ৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধা-নিষেধ জাৰি কৰিছে৷ ভাৰতত কেইখনমান ৰাজ্যত সংক্ৰমণ অধিক হোৱাৰ পাছতো যদিহে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে কৰ’নাৰ সংক্ৰমণে প্ৰায়বোৰ ৰাজ্যতে মৃত্যু বিভীষিকাৰ সৃষ্টি কৰিব৷ উল্লেখ্য, অসমতো প্ৰতিদিনে প্ৰায় পাঁচ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ উপৰি প্ৰতিদিনে প্ৰায় ৩০জনকৈ লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা৷ বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলো কাৰ্যালয় [জৰুৰীকালীন সেৱাৰ বাহিৰে] দিনৰ ২ বজাত বন্ধ কৰিব লাগিব৷ তদুপৰি কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব৷ একেদৰে দোকান-পোহাৰসমূহো ২ বজাতে বন্ধ কৰিব লাগিব৷ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্যআইন ঘোষণা কৰাৰ উপৰি সভা-সমিতি, বিয়া-সবাহৰ পাৰ্টী নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে মাংগলিক অনুষ্ঠানত মাত্ৰ ২০জন লোকহে উপস্থিত থাকিব পাৰিব৷ ইফালে, ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে অফলাইন পৰীক্ষাসমূহ পিছুৱাই দিছে৷ কেৱল অনলাইন শিক্ষাব্যৱস্থাহে মুকলি ৰখাৰ নিৰ্দেশ দিছে৷ ৰাজ্যত লকডাউন দিয়া নাই যদিও এই নীতি-নিৰ্দেশনাসমূহ লকডাউনসদৃশ বুলিও ইতিমধ্যে চৰ্চা হৈছে৷ ইফালে, ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰিছে যে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা নাই যদিও অঞ্চলভিত্তিক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ কথা কৈছিল আৰু বুধবাৰে প্ৰশাসনে মহানগৰৰ কেইবাটাও অঞ্চল চিনাক্ত কৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ উপায়ুক্তসকলে চিহ্নিত কৰা বেছিকৈ ক’ভিড সংক্ৰমিত অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰে৷ ইতিমধ্যে ৰাজ্যৰ চিকিৎসালয়সমূহতো বিছনাৰ অভাৱ হোৱাৰ কথা ঘোষণা কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লকডাউন দিবলগীয়া হ’লে শ্ৰমজীৱী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সৰু-সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰা লোকসকল চৰম বিপদত পৰিব৷ ইতিমধ্যে বহুতেই কৈছে যে এতিয়া তেওঁলোকে এবেলাহে খাব লাগিব, কিয়নো তেওঁলোকে দিনটোৰ আধাখিনিহে কাম কৰিব পাৰিব৷ আনহাতে, ব্যৱসায়ীসকলৰ বহুতে লোকচান ভৰিব লাগিব৷ কিয়নো সময়মতে কিছুমান সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিলে সেইবোৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনাই অধিক৷ এনে অৱস্থাত ব্যৱসায়ীসকল পুনৰ ক্ষতিগ্ৰস্ত হ’ব৷ বিগত বৰ্ষত লকডাউনে সমগ্ৰ দেশৰ অৰ্থনীতি ভাগি থৈ যোৱাৰ পাছত এইবাৰ পুনৰ লকডাউন বা লকডাউনসদৃশ পৰিস্থিতিয়ে জনসাধাৰণক কি পৰিস্থিতিৰ সমুখীন কৰাব সেয়া প্ৰতিজন লোকৰেই বোধগম্য৷ গতিকে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আমি প্ৰত্যেকেই ক’ভিড বিধি মানি চলিব লাগিব আৰু প্ৰতিজন লোকেই কৰ’না প্ৰতিষেধক ভেকচিন লৈ নিজক সুৰক্ষিত ৰখাৰ লগতে সমাজখনো সুৰক্ষিত ৰাখিব লাগিব আৰু জীৱিকাৰ পথো যাতে বন্ধ নহয় তাৰ ব্যৱস্থাও কৰিব লাগিব৷