Logo
image

৭ চৰকাৰী বিষয়াৰ বিৰুদ্ধে অখিলৰ গোচৰ, কংগ্ৰেছ চুপ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ  কামৰূপ জিলাৰ বকো সমজিলাৰ কাৰ্যালয়ত বিজেপি নেতাই ভোটাত তালিকাৰ পৰা একাংশ বিশেষ ভোটাৰৰ নাম কৰ্তন কৰা ঘটনা সন্দৰ্ভত ৰাইজৰ দলে আজি যোৰহাট সদৰ থানাত গোচৰ তৰে৷ বিজেপি নেতা-কৰ্মীৰ লগতে কামৰূপ জিলাৰ আয়ুক্ত, বকো সমজিলাৰ সমআয়ুক্ত আৰু এজন নৈশ চকিদাৰৰ বিৰুদ্ধে গগৈয়ে দলটোৱে গোচৰ তৰে৷ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা নগৰবেৰা-ছমৰীয়া সত্ৰ জিলা পৰিষদৰ সদস্য প্ৰাদ বিশ্বাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক মৃন্ময় বড়ো, দক্ষিণ কামৰূপ জিলা বিজেপিৰ  এছ টি মৰ্চাৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা, নন্দিনী গেছ এজেঞ্চিৰ কৰ্মচাৰী মৃদুল তালুকদাৰ আৰু দীপক ৰাভাৰ উপৰিও কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বকু সমজিলাৰ সম আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ আৰু এজন চকীদাৰৰ বিৰুদ্ধে গোচৰ তৰা হৈছে৷ অখিল গগৈয়ে এজাহাৰ দাখিল কৰাৰ পাছতে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, নিশা কাৰ্যালয়টোত বিজেপি নেতা কেইজনে ভোট চুৰি কৰি থকাৰ বিষয়ে স্থানীয় ৰাইজ অৱগত হৈ সাংবাদিক আৰু তেওঁলোককো খবৰ দিয়ে৷ সেই মৰ্মে সাংবাদিক উপস্থিত হাতে-লোটে ধৰা পেলায়৷ কামৰূপ জিলা আয়ুক্তৰ সহযোগিতা অবিহনে এই কাৰ্য সম্ভৱ নহয়৷ তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আছিল আৰু সমগ্ৰ কামৰূপ জিলাকে বিজেপিকৰণ কৰা বুলিও গগৈয়ে অভিযোগ তোলে৷ তেওঁলোকৰ বিৰnদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩০৩, ৩৩৬, ৩২৯, ৩৪০ ধাৰাৰ অধীনত গোচৰ তৰা হৈছে বুলি গগৈয়ে প্ৰকাশ কৰে৷ অখিল গগৈয়ে কয় যে বিজেপি নেতা কেইজনে কেনেদৰে সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কম্পিউটাৰৰ পাছৱৰ্ড পালে সেইটো তেওঁলোকে জানে৷ তেওঁলোকে কম্পিউটাৰ খুলি ভোটাৰ তালিকাৰ সংশোধনী জ্জনং প্ৰ-পত্ৰ পূৰণ কৰি থকা ভিজুৱেলত দেখা গৈছে৷ তদুপৰি বহুখিনি প্ৰিণ্ট আউট উলিয়াই হাতেৰে কাম কৰি আছিল৷ এই সন্দৰ্ভত তিনিটা ভিজুৱেল এজাহাৰৰ সৈতে দাখিল কৰা হৈছে৷ এই তিনিটা ভিজুৱেলত সকলো কাহিনী জলজল পটপট হৈ আছে বুলিও তেওঁ দাবী কৰে৷ তেওঁ লগতে অভিযোগ কৰা মতে, বিজেপিয়ে জাতি ধবংসী কাম কৰি আছে৷ বিজেপিৰ এজন নেতাই ৬০টা বিধান সভাসমষ্টিৰ ভোটাৰ তালিকা সম্পূৰ্ণ সলনি কৰাৰ দায়িত্ব দিয়া বুলি এটা বাৰ্তালাপত কোৱা তেওঁ নিজে ধৰা পেলায়৷ গগৈয়ে কয় যে মৰিয়নিৰ ২৩১জন লোকলৈ ইতিমধ্যে জাননী আহিছে৷ কিন্তু যি দুজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত এই জাননী জাৰি কৰা হৈছে তেওঁলোকে এই বিষয়ে একো নাজানে৷ গণতন্ত্ৰত ভোটাধিকাৰেই আটাইতকৈ ডাঙৰ অধিকাৰ বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিজেপিয়ে অসমীয়া মানুহৰ ভোটাধিকাৰ নাইকিয়া কৰিব খুজিছে৷ সেয়ে বিজেপিক উৎখাত কৰাৰ বাবে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ সৈতে কথা পাতি থকা হৈছে৷ কম দিনৰ ভিতৰতে তেওঁলোকে সিদ্ধান্ত উপনীত হ’ব আৰু ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ ৰাইজৰ দলে ৩১ জানুৱাৰীৰ ভিতৰত আসন বুজাবুজিৰ বাবে দাবী জনাইছিল যদিও কংগ্ৰেছে এয়া নাকচ কৰাৰ বিষয়ে সাংবাদিক উনুকীয়াই দিয়াত অখিল গগৈয়ে কয় যে ৰাইজৰ দলে ৩১ জানুৱাৰীৰৰ ভিতৰত মীমাংসা হ’লে ভাল হয় বুলি কোৱাটো সত্য৷ কাৰণ একাংশ বিধায়ক, ছাত্ৰ নেতা আদিয়ে ৰাইজৰ দলত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷ আনকি ১৭-১৮ ফেব্ৰুৱাৰীত দুজন বিধায়কে ৰাইজৰ দলত যোগদান কৰিব৷ কিন্তু তেওঁলোকক আসনৰ নি(য়তা দিব পৰা নাই৷ সেয়ে তেওঁলোকে যি দলৰ পৰাই নি(য়তা পাই সেই দলতে যোগদান কৰিব৷ গতিকে সোনকালে বুজাবুজিলৈ আহিলে সুবিধা হয়৷ কাৰণ কোনো গুৰুত্বপূৰ্ণ মানুহ ৰৈ নাথাকে৷ বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিৱসাগৰৰ চিচিবৰ গাঁও, মৰিয়নি, ডিমৌ আদি সমষ্টিত ৰাইজৰ দলৰ ব্যাপক জনপ্ৰিয়তা আছে বুলি দাবী কৰি অখিল গগৈয়ে কয় যে উজনি-নামনি, সংখ্যালঘু-সংখ্যাগুৰু সকলোৰে মাজত ৰাইজৰ দলে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ সেয়ে আগন্তুক নিৰ্বাচনত চৰকাৰ গঠনত ৰাইজৰ দল এটা ডাঙৰ ফেক্টৰ হ’ব বুলি তেওঁ দাবী কৰে৷ আনহাতে তেওঁ মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে তেওঁ মৰিয়নি সমষ্টিত ঘূৰি আছে যদিও নিৰ্বাচনত অৱতীৰ্ণ নহয়৷ কাৰণ শিৱসাগৰবাসীয়ে তেওঁ মৰিয়নিত ঘূৰি থকাটো ভাল পোৱা নাই৷ কিন্তু ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰাৰ স্বাৰ্থতে তেওঁ মৰিয়নিৰ ঘূৰি আছে৷ ৰূপজ্যোতি কুৰ্মীক ‘কাম নাইকিয়া’ বুলি উল্লেখ কৰি তেওঁ কয় যে কুৰ্মীয়ে ২৫ বছৰ আৰু তেওঁৰ মাতৃয়ে ১৫ বছৰ ধৰি তেওঁলোকৰ পৰিয়ালে ৪০ বছৰ মৰিয়নিক প্ৰতিনিধত্ব কৰিলে৷ ভাৰত স্বাধীন হোৱাৰ ৮০ বছৰো হোৱা নাই৷ ইয়াৰ অধিকাংশ কাল একেটা পৰিয়ালে প্ৰতিনিধিত্ব কৰি আছে৷ ইয়াৰ বিপৰীতে তেওঁলোকৰ কাম-কাজ শূন্য৷ গতিকে, ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰাটো এটা জাতীয় দায়িত্ব৷ এইবাৰ ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব বুলিও তেওঁ দাবী কৰে৷ আগন্তুক নিৰ্বাচনত তেওঁ চৰকাৰৰ অংশীদাৰ হ’লে মৰিয়নি সমষ্টিৰ উন্নয়নৰ দায়িত্ব ল’ব বুলিও গগৈয়ে প্ৰকাশ কৰে৷


মিঞাক প্ৰতিৰোধ কৰি থাকিব লাগিবঃ মুখ্যমন্ত্ৰী

এছ আই আৰৰ জৰিয়তে প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ দাবী কৰা মতে, কোনো হিন্দু আৰু খিলঞ্জীয়া লোকে এছ আই আৰ-ৰ অধীনত জাননী পোৱা নাই৷ আজি মুখ্যমন্ত্ৰীজনে এই সন্দৰ্ভত কয়– ‘এছ আই আৰ-ত কোনো বিতৰ্ক নাই৷ এছ আই আৰ-ত কোনজন হিন্দুৰ ঘৰলৈ নটিছ আহিছে, কোনজন অসমীয়া মুছলমানৰ ঘৰলৈ নটিছ আহিছে? মিঞাসকলক অলপ নটিছ-চটিছ দি থাকিবই লাগিব৷ নহ’লে তেওঁলোক মূৰৰ ওপৰত উঠিব৷ মই আগতেও কৈছো যে পাৰো নোৱাৰো তেওঁলোকক দিগদাৰি কৰি থাকিম৷ সেই কাৰণে ইয়াত একো লুকঢাক কৰিব লগীয়া নাই৷ মই দিগদাৰি কৰি থাকিম৷ বুজি পাব লগিব যে অসমীয়াই ক’ৰবাত নহয় ক’ৰবাত প্ৰতিৰোধ কৰি আছে৷ ক’তোৱেই যদি প্ৰতিৰোধ নকৰো সিহঁতে ৱাক অভাৰ পাই যাব৷ সেই কাৰণে এছ আই আৰ-ত দুই চাৰিখন নটিছ যাব, এভেক্সনত দুই চাৰিখন নটিছ যাব, ব’ৰ্ডাৰ পুলিচৰ নটিছ যাব৷ এইবিলাক উৎপাত আমি কৰি থাকিম৷ আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিছ দিয়াৰ আমাৰ অধিকাৰ আছে, যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে৷ আমি দিম৷ চৰকাৰী মাটিত বহিলে আমি নটিছ দিম৷ গতিকে আমি অলপ অলপ উৎপাত কৰিয়েই থাকিম৷ নহ’লে ভািবব যে, অসমীয়াক আমি শুৱাই দিলো৷ এতিয়া ওপৰত ৰুলাৰ চলাই দিলেই হ’ব৷ এনেকৈ নহ’ব৷ আমি দুখীয়া দৰিদ্ৰ মিঞা হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক সকলোৰে লগত আছো৷ কিন্তু আমাৰ জাতিটো শেষ কৰি দিয়া সকলৰ লগতটো কোনো থাকিব নোৱাৰিব৷ জাতিটোৱে ক’ৰবাত নহয় ক’ৰবাত প্ৰতিৰোধ কৰি থাকিব লাগিব৷ গতিকে এছ আই আৰ-ত নটিছ গৈছে, তেওঁলোক অফিচলৈ আহিছে, কষ্ট পাইছে, এই বিলাকটো দি থাকিব লাগিব৷ মই কৈছো তেওঁলোকক কষ্ট দি থাকক৷’

এফালে সান্তনা, আনফালে নাম কৰ্তন

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  শোণিতপুৰৰ প্ৰতিটো বিধানসভা সমষ্টিতে উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ ভোটাৰৰ নাম ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ নামত কৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ উদ্ভৱ হোৱাৰ সময়ত কালি এক জাননীৰ জৰিয়তে নিৰ্বাচনী আয়োগে নাম কৰ্তনৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱা সন্দৰ্ভত ৰাইজক আতংকিত নহ’বৰ বাবে এক জাননীযোগে আহ৩ান জনাইছে৷ জাননীখনত কোৱা হৈছে যে এইদৰে মিছা-ভুল তথ্য যোগান জন প্ৰতিনিধিত্ব আইন অনুসৰি শাস্তিযোগ্য অপৰাধ৷ বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা জিলাখনৰ ভোটাৰলৈ শোণিতপুৰৰ নিৰ্বাচন বিভাগে জাৰি কৰা পৰামৰ্শমূলক জাননীখনত ভোটাৰসকলক আতংকিত নহ’বলৈ আহ৩ান জনাই সাত নম্বৰ প্ৰ-পত্ৰ পূৰণ কৰি দিলেই তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় বুলি উল্লেখ কৰি লগতে বিএলঅ’সকলক এইক্ষেত্ৰত সঠিক তথ্য দাখিলৰ বাবেও আহ৩ান জনোৱা হয়৷ কিন্তু নিৰ্বাচন বিভাগৰ এফালে এনে ভাষ্যৰ বিপৰীতে শোণিতপুৰৰ শইকীয়া চুবুৰী মুছলিম গাঁও আৰু শ’লমৰাত আনকি বিএলঅ’ৰে নাম কৰ্তন কৰাৰ লগতে শতাধিক খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন কৰা হৈছে৷ আনকি সাত নম্বৰ প্ৰ-পত্ৰ শোণিতপুৰ জিলা বিজেপিৰ পৰোৱাস্থিত কাৰ্যালয়ৰ পৰা ভাগে ভাগে বিজেপি কৰ্মীক বিতৰণ কৰি তেওঁলোকৰ দ্বাৰাই জধে-মধে একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ নাম ষড়যন্ত্ৰমূলকভাৱে কৰ্তনৰ ব্যৱস্থা কৰা হৈছে বুলি সম্প্ৰতি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে তেজপুৰৰ বিভিন্ন অঞ্চলৰ মানুহৰ ওপৰত জ্ঞান নথকাৰ বাবেই খিলঞ্জীয়া মুছলমান লোকৰ নামো জধে-মধে কৰ্তন কৰাৰ ষড়যন্ত্ৰত এচাম বিজেপি কৰ্মী লিপ্ত হোৱা বুলি চৰ্চিত হৈছে৷ ইপিনে, ইয়াৰ মাজতে শোণিতপুৰৰ গুদামঘাটত নেমছু নামৰ সংগঠনটোৱে এক সজাগতা সভাৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু ৰাইজক ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণকলৈ আতংকিত নহ’বৰ বাবেও আহ৩ান জনাইছে৷ ইপিনে, ভালেসংখ্যক লোকৰ নাম এইদৰে কৰ্তন কৰিবলৈ ওলোৱা কাৰ্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে ২২জানুৱাৰীত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত আয়ুক্তসহ ছুপাৰভাইজৰ আৰু বিএলঅ’ একাংশৰ মাজত এক আলোচনা হয় আৰু বিএলঅ’সকলে সাত নম্বৰ প্ৰ-পত্ৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ বিচৰাসকল যে স্থানীয় আৰু জীৱিত লোক সেয়া স্পষ্ট কৰি দিয়ে৷ এনে অৱস্থাত সাত নম্বৰ প্ৰ-পত্ৰত এই বিষয়ে উল্লেখ কৰি দিবলৈ কোৱা হয় আৰু জটিল হৈ পৰা বিষয়টোৰ এক সমাধানসূত্ৰ উলিওৱাৰ প্ৰয়াস কৰা হৈছিল যদিও কালি আকৌ শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ে যিসকলৰ বিৰুদ্ধে অবৈধ ভোটাৰ বুলি অভিযোগ উত্থাপন হৈছে সেইসকলৰ বিৰুদ্ধে সাত নম্বৰ প্ৰ-পত্ৰ পুৰণৰ গত্যন্তৰ নাই বুলি আনকি এই পুনৰীক্ষণ প্ৰক্ৰিয়াৰে জড়িত চৰকাৰী কৰ্মচাৰীসকলে এয়া কৰিবই লাগিব বুলি কোৱা হয়৷ পৰিণতিত স্পষ্টভাবেই তেজপুৰত সৰ্বসাধাৰণৰ মাজত পৰিচিত একাংশ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা ষড়যন্ত্ৰমূলকভাৱে কৰ্তন হোৱাতো নিশ্চিত হয় কালিয়েই৷ ওপৰৰ নিৰ্দেশতে এই সকলোবোৰ হোৱা আৰু বিজেপিৰ একাংশ নেতা-কৰ্মীয়েই ইয়াৰে জড়িত হৈ পৰাৰ বিপৰীতে এই গুৰুতৰ গণতান্ত্ৰিক প্ৰত্যাহ৩ানৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহৰ তৎপৰতাও অতিকৈ নিষ্প্ৰভ৷ একাংশই মাত্ৰ আগন্তুক নিৰ্বাচনত টিকট লাভ কৰিলে সুযোগ লোৱাৰ চেষ্টা অব্যাহত ৰাখিলেও এই ষড়যন্ত্ৰ প্ৰতিৰোধৰ বাবে ন্যায়সংগত যুঁজত অৱতীৰ্ণ হোৱাৰ কোনো প্ৰয়াস চলোৱা নায়৷ একাংশ কংগ্ৰেছীয়ে দাবী কৰা মতে, বিশেষ পুনৰীক্ষণত ভোটাৰ তালেকাৰ পৰা নাম কৰ্তন কৰিবলৈ বিচৰাসকলক বিজেপিৰ কাৰ্যালয়লৈ মতা হৈছে আৰু বিজেপিৰ বিষয়ববীয়াসকলৰ স’তে এই বিষয়ে আলোচনা কৰিবলৈ কোৱা হৈছে৷