Logo
image

আমেৰিকাৰ বাবে মুকলি হ’ল ভাৰতৰ কৃষিখণ্ড

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ফেব্ৰুৱাৰীঃ  এতিয়াৰ পৰা ৩ দশক পূৰ্বে ভাৰতে মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰিলেও কেতবোৰ খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া নাছিল দেশৰ কোনো এখন চৰকাৰে৷ তাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ আছিল সামৰিক আৰু কৃষিখণ্ডও৷ মুলতঃ কৃষিনিৰ্ভৰ ভাৰতত বিদেশীৰ বাবে কৃষিখণ্ড মুকলি কৰি দিলে ভাৰতৰ বুনিয়াদী খণ্ডটো ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত আৰু কৃষিখণ্ডৰ ৰাজহাড় ভাগি পৰাৰ ভয়ত বিদেশী বিনিয়োগৰ বাবে দেশৰ সকলো চৰকাৰেই স্পৰ্শাতীত কৰি ৰাখিছিল কৃষিক৷   কিন্তু এইবাৰ সেই সকলো প্ৰতিবন্ধকতা অতিক্ৰমি মাৰ্কিন কৃষিজাত দ্ৰব্য ভাৰতত বিক্ৰী হ’ব এটকাও আমদানি শুল্ক অবিহনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনতে ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা ভাৰত-মাৰ্কিন বাণিজ্য চুক্তিৰ সৱিশেষ শনিবাৰে পুৱতি নিশা উভয় দেশে যুটীয়া বিবৃতিত প্ৰকাশ কৰে আৰু সেই অন্তৰ্ৱৰ্তীকালীন দ্বিপাক্ষিক চুক্তিতে মাৰ্কিন কৃষিজাত সামগ্ৰীত ভাৰতে আমদানি শুল্ক শূন্য কৰি দিয়া বুলি উল্লেখ কৰিছে৷ এতিয়াও এই চুক্তিৰ বিশদভাৱে সকলো দফা প্ৰকাশ কৰা নাই৷ কিন্তু যি সামান্য সংখ্যক তথ্য মুকলি হৈছে, তাত কৃষিজাত মাৰ্কিন পণ্য ভাৰতত শুল্কবিহীনভাৱে বিক্ৰী হ’ব বুলি উল্লেখ কৰা হৈছে৷ সেয়া জানিবলৈ পোৱাৰ লগে লগে দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷


ভাৰত-মাৰ্কিন যৌথ বিবৃতিত ঘোষণা হোৱা চুক্তিৰ ফ্ৰেমৱৰ্কত আমেৰিকাই বেছ কিছু চৰ্ত আৰু কৰিছে৷ শনিবাৰে পুৱতি নিশা ঘোষণা কৰা অন্তৰ্ৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ৰূপৰেখাত থকা বহু চৰ্ত ভাৰতৰ প্ৰতি অসন্মানজনক বুলি সমালোচনা আৰম্ভ হৈছে৷ তদুপৰি চুক্তি ঘোষণাৰ লগে লগেই আৰম্ভ বিতৰ্ক৷ এই চুক্তিত মোদী চৰকাৰে আপোচ কৰা বুলি সমালোচনাৰ ধুমুহা বলিছে৷ কিয়নো চুক্তি অনুসৰি অসংখ্য মাৰ্কিন পণ্য শুল্কহীন কৰি দিব ভাৰতে৷ তদুপৰি বছৰি ১০০ বিলিয়ন ডলাৰৰ মাৰ্কিন সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হ’ব ভাৰত৷ মাৰ্চৰ মধ্যভাগত স্বাক্ষৰ হ’ব দ্বিপাক্ষিক চুক্তি৷ এই চুক্তি অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰিব৷ তেতিয়াহে ভাৰতীয় পণ্যত আমেৰিকাই শুল্ক হ্ৰাস কৰিব ১৮ শতাংশলৈ৷ তদুপৰি আমেৰিকাই নিৰীক্ষণ কৰি থাকিব ভাৰতৰ তৈল সৰবৰাহ৷ ৰাছিয়াৰ তেল কিনিলেই পুনৰ আৰোপ কৰা হ’ব শাস্তিমূলক শুল্ক৷ চুক্তি অনুসৰি আমেৰিকাৰ পৰা প্ত বছৰত ভাৰতে ক্ৰয় কৰিব লাগিব ৫০০ বিলিয়ন ডলাৰৰ সামগ্ৰী৷ ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪৫ লাখ ২৮ হাজাৰ কোটি টকা৷ উল্লেখ্য বিগত ১৭ বছৰতহে ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰিছিল ৫০০ বিলিয়ন ডলাৰ মুল্যৰ পণ্য৷ নতুন চুক্তিমতে ৫ বছৰতে ভাৰতে ক্ৰয় কৰিব লাগিব এই বিশাল পৰিমাণ মুল্যৰ মাৰ্কিন পণ্য৷ ভাৰতে ৪৫ লাখ কোটি টকাৰ  সামগ্ৰীৰ ভিতৰত খনিজ তেল, বিমান, বিমানৰ যন্ত্ৰাংশ, দামী দামী ধাতু আৰু প্ৰযুক্তিগত পণ্য ক্ৰয় কৰাটো বাধ্যতামূলক হ’ব৷ উল্লেখ্য ভাৰতৰ এবছৰৰ গড় বাজেট হৈছে প্ৰায় ৫০.৬৫ লাখ কোটি টকা৷ তাৰ তুলনাত ৪৫ লাখ কোটি টকা হ’ব ৮২-৮৪ শতাংশ৷ এই বিশাল পৰিমাণৰ ধন যোগাৰ কৰি ভাৰতে মাৰ্কিন পণ্য ক্ৰয় কৰিবলৈ বাধ্য হোৱাটো অতি আ(ৰ্যকৰ আৰু অসন্মানজনক চৰ্ত হিচাপে বিবেচিত হৈছে৷ তাৎপৰ্যপূৰ্ণ, ভাৰতৰ মুঠ জিডিপিৰ প্ৰায় ১১ শতাংশ হৈছে ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ৷ এই ধন মোদী চৰকাৰে পাঁচ বছৰত মাৰ্কিন কোম্পানীক দিবলৈ বাধ্য৷ ইপিনে ভাৰতে উদ্যোগিক সামগ্ৰী, খাদ্য সামগ্ৰী, কৃষিজাত সামগ্ৰী, পশুখাদ্য, সতেজ আৰু প্ৰক্ৰিয়াজাত ফলমূল, ছয়াবিন তেল, ৱাইন আৰু স্পিৰিটকে ধৰি অসংখ্য মাৰ্কিন পণ্য ভাৰতত শুল্কহীন কৰি দিব৷ ইয়াৰ ফলত ভাৰতৰ কৃষকসকল ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা কৰা হৈছে৷ এই দ্বিপাক্ষিক বাণিজ্য চুক্তি ভাৰতে ড’নাল্ড ট্ৰাম্পৰ হেঁচাত পৰি কৰিবলৈ বাধ্য হোৱা বুলি বিতৰ্ক হৈছে৷ কিয়নো ৫০ শতাংশ শুল্ক আৰোপ কৰি ট্ৰাম্পে ফান্দত পেলাই লৈছিল ভাৰতক৷ এতিয়া সেই শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰিলেও ভাৰতে বহু মাৰ্কিন পণ্যৰ শুল্ক শূন্য কৰি দিয়াটো ভাৰতৰ আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ বুলিয়েই সমালোচনা হৈছে৷