উৎকণ্ঠাৰ শেষ নে আৰম্ভণি?
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈৰ বিৰুদ্ধে ‘পাকিস্তানৰ সৈতে সম্পৰ্ক’ আৰু ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ সম্পৰ্কে যি অভিযোগ উত্থাপন কৰিছে সেয়া নিসন্দেহে গম্ভীৰ তথা অতি চিন্তনীয় বিষয়৷ অৱশ্যে এই অভিযোগ নতুন নহয়৷ যোৱা বছৰো মুখ্যমন্ত্ৰীয়ে অনুৰূপ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু তেতিয়া গৌৰৱ গগৈ বা তেওঁৰ পত্নীৰ বিৰুদ্ধে কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য-প্ৰমাণ নিদিয়া বাবে সেই মৌখিক অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ৰাজনৈতিক গিমিক বুলি সকলোৱে ধৰি লৈছিল৷ কিন্তু এই অভিযোগৰ এক ৰাজনৈতিক মুনাফা যাতে সঠিক সময়ত গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত কেবিনেট সিদ্ধান্তমৰ্মে সমগ্ৰ বিষয়টো চালি-জাৰি চাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰি দিছিল৷ উক্ত বিশেষ তদন্তকাৰী দলটোৱে তেওঁলোকৰ তদন্ত শেষ কৰি সকলো অভিলেখ আৰু তথ্য একত্ৰিত কৰি প্ৰতিবেদন কালি কেবেনেটত জমা দিয়ে৷ মুখ্যমন্ত্ৰীৰ সাংবাদিক সন্মিলনৰ পৰা আমি জানিব পাৰোঁ যে প্ৰতিবেদনত গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰা হৈছে যিবোৰৰ সম্পৰ্ক পোনে পোনে ৰাষ্ট্ৰীয় নিৰাপত্তা তথা ভাৰতৰ সুৰক্ষাৰ সৈতে জড়িত৷ কিন্তু মুখ্যমন্ত্ৰীয়ে অধিক নিৰ্ভৰযোগ্য তথ্য-প্ৰমাণ বিচাৰি আৰু বিষয়টোৰ সবিশেষ চালি-জাৰি চাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ হস্তান্তৰ কৰাৰ কথা সদৰী কৰিছে৷ উল্লেখ্য, বিশেষ তদন্তকাৰী দলে সম্পূৰ্ণ এবছৰ তদন্ত কৰি অনা অভিযোগকেইটা এবছৰ আগতে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ সৈতে হুবহু একে– এলিজাৱেথ গগৈয়ে পাকিস্তানৰ পৰিৱেশকৰ্মী আলী তৌকিৰৰ সংস্থা এটাত চাকৰি কৰিছিল, দ্বিতীয়তে, গৌৰৱ গগৈ ২০১৩ চনত পাকিস্তানলৈ গৈছিল৷ এলিজাবেথ গগৈ ‘লণ্ডন স্কুল অৱ ইক’নমীক্ছ’ৰ শৈক্ষিক পটভূমিৰে বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত এগৰাকী পাব্লিক পলিচী বিশেষজ্ঞ৷ তেওঁৰ পেছাদাৰী কামক ‘ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ’ বুলি চিত্ৰিত কৰাৰ মুখ্যমন্ত্ৰীয়ে কৰা প্ৰচেষ্টা এলিজাবেথৰ জলবায়ু নীতি সম্পৰ্কীয় বৈধ কেৰিয়াৰৰ বিৰুদ্ধেও এক গুৰুতৰ অভিযোগ৷ ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত তেওঁ গ্ল’বেল ছাউথৰ জলবায়ু স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘ক্লাইমেট এক্স ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক’ৰ [চিডিকেএন] বাবে কাম কৰিছিল৷ ‘চিডিকেএন’ এটা যৌথ সংস্থা, য’ত ‘প্ৰাইছৱাটাৰহাউছকুপাৰ্ছ’ৰ দৰে বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু কৰ্প’ৰেট জড়িত হৈ আছে, পাকিস্তানৰ প্ৰভাৱশালী ব্যক্তি তথা পৰিৱেশকৰ্মী আলী তৌকিৰৰ ‘লিড পাকিস্তান’-ও ‘চিডিকেএন’ৰ এটা সহকাৰী সংস্থা৷ আন্তঃৰাষ্ট্ৰীয় এনজিঅ’ৰ বাবে পেছাদাৰী পৰামৰ্শ প্ৰদান কৰা এগৰাকী বিশেষজ্ঞ মহিলাৰ বিৰুদ্ধে ‘চোৰাংচোৱাগিৰি’ কৰা বুলি দাবী কৰাটো এফালে গুৰুত্বপূৰ্ণ, আনফালে বিভ্ৰান্তিকৰেই নহয়; পেছাদাৰী মহিলাগৰাকীৰ বাবেও মানহানিকাৰক৷ মুখ্যমন্ত্ৰীৰ দাবী যে বিশেষ তদন্তকাৰী দলে আলী তৌকিৰ শ্বেখৰ সৈতে জড়িত এক ‘গোলকীয় ষড়যন্ত্ৰ’ উন্মোচন কৰিছে, কিন্তু কি সেই গোলকীয় ষড়যন্ত্ৰ– সেই বিষয়ে এইপৰ্যন্ত একো ইংগিত দিয়া নাই৷ উল্লেখ্য, আলী তৌকিৰ শ্বেখ চিডিকেএনৰ এছিয়াৰ সঞ্চালক আছিল, যিটো এক ৰাজহুৱা পদ৷ তেওঁক লৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহে কিদৰে অনুসন্ধান আগবঢ়াই সেয়াহে লক্ষণীয় হ’ব৷
২০১৩ চনত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক মুখ্যমন্ত্ৰী শৰ্মাই ‘গোপন’ আৰু ‘সন্দেহজনক’ বুলি অভিহিত কৰিছে৷ গৌৰৱ গগৈয়ে মুকলিকৈ কৈছে যে ২০১৩ চনত তেওঁ পাকিস্তান ভ্ৰমণ কৰি তাত আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কৰ্মৰত পত্নীক লগ ধৰিবলৈ গৈছিল৷ এক দশকৰো অধিক সময়ৰ পূৰ্বে চৰকাৰী চেনেলেৰে [আটাৰী-ৱাগাহ সীমান্তইদি] কৰা উক্ত ভ্ৰমণ যদি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সঁচাকৈয়ে ভাবুকি স্বৰূপ আছিল, তেন্তে ২০১৪ চনৰ পৰা ক্ষমতাত থকা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সীমান্ত সুৰক্ষা তথা চোৰাংচোৱা সংস্থাসমূহে ইমানদিন কি কৰি আছিল–এই প্ৰশ্নও উঠিছে৷ এতিয়ালৈকে ‘ষড়যন্ত্ৰৰ মাত্ৰ ৰক্মহে পোৱা গৈছে বুলি কৰা মুখ্যমন্ত্ৰীৰ দাবীটো দৰাচলতে কি? আনহাতে, গোচৰটো গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ হাতত তুলি দিয়াটো এটা সাধাৰণ কৌশল, প্ৰকৃততে আদালতত কোনো ভুল প্ৰমাণ নকৰাকৈয়ে বাতৰিৰ শিৰোনামত এটা ‘ৰাজনৈতিক তদন্ত’ জীয়াই ৰখাৰ এক কৌশল৷ নিৰ্বাচনৰ ঠিক আগে আগে বিশেষ তদন্তকাৰী দলে হঠাৎ ‘প্ৰকাশ’ কৰা এই ৰিপ’ৰ্টত নিৰাপত্তাৰ চিন্তাতকৈ যে ৰাজনৈতিক কৌশলৰ ইংগিত অধিক সোমাই আছে সেই কথা চিন্তনীয়৷






