Logo
image

পলাশবাৰীত হেমাংগৰ ঠাইত বিজয়া-কন্যা বা ৰমেন-কন্যা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ  বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বা বিজেপিৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য নহয়, এজন তৃতীয় লোকহে হ’ব পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী৷ এই কথা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব  শৰ্মাৰ এক ভাষ্যৰ পৰা৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক উপসভাপতি হিমাংশু শেখৰ বৈশ্য আৰু বিধায়ক ঠাকুৰীয়াৰ মাজৰ ৰাজনৈতিক সংঘাট বহু পুৰণি৷ মূলতঃ পলাশবাৰী সমষ্টিৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বিজেপিৰ দলৰ দুয়োজন নেতাৰ মাজত চলি আছিল শীতল যুদ্ধ৷ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে এই সংঘাট ৰাজহুৱা হৈ পৰে৷ দুয়োজনৰ মাজত চলি থকা বোকা চলিওৱা ৰাজনীতিৰ অংশ হিচাপে হেমাংগ ঠাকুৰীয়াৰ এক বিস্ফোৰক অডিঅ’ ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হয় আৰু ইয়াৰ পাছতে বিধায়ক ঠাকুৰীয়াই সংবাদ মেল পাতি দলৰ নেতাৰ বিৰুদ্ধে বহু অবাঞ্চিত মন্তব্য কৰে৷ দুয়োজন নেতাৰ এই সংঘাটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ক্ষোভিত হৈ পৰে৷ আনকি বাজপেয়ী ভৱনলৈ তলব কৰি সভাপতি দিলীপ শইকীয়াই দুয়োজনকে কঠোৰভাৱে সকীয়াই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷


পলাশবাৰী সমষ্টিৰ বাবে তৃতীয় এজন প্ৰাৰ্থীৰ সন্ধানত অভিযান চলি থকাৰ সময়তে হঠাৎ ৰাজনীতিত প্ৰৱেশ ঘটে বিজেপি দলৰ প্ৰবীন নেতা তথা বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা অয়ুস্মিতা ডেকাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি অয়ুস্মিতা ডেকাই গুৱাহাটীত বিজেপি দলত যোগদান কৰে আৰু পলাশবাৰী সমষ্টিত সক্ৰিয় হৈ পৰে৷ ইয়াৰ বিপৰীতে হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়াই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমানৰ সমষ্টি হেৰুওৱাৰ ফলত কন্যাক পুনৰ স্থাপিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদীৰ শৰণাপন্ন হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ প্ৰবীন নেতা বিজয়া চক্ৰৱৰ্তী৷ বিজেপি নেতাগৰাকীৰো লক্ষ্য এতিয়া পলাশবাৰী সমষ্টি৷ বিধায়ক কন্যা সুমন হৰিপ্ৰিয়াক পলাশবাৰী সমষ্টিত দলীয় টিকট দিয়াৰ বাবে ৰাজনৈতিকভাৱে তৎপৰ হৈ পৰিছে জ্যেষ্ঠ নেত্ৰী চক্ৰৱৰ্তী৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শনিবাৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– হেমাংগ আৰু হিমাংশু দুয়োটাই নোটিছত আছে বৰ্তমান মোৰ৷ দুয়োটাকে বৰ্তমান মই ছাইডত থৈছোঁ৷ দুয়োটাই বৰ্তমান বাহিৰত আছে৷ তৃতীয় প্ৰাৰ্থী এজনৰ কথা চিন্তা কৰিছোঁ৷