Logo
image

গৌৰৱ গগৈ, আশা আৰু প্ৰত্যাশা

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে অসমত যেন এটাই চৰ্চা সেয়া  গৈছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ স’তে থকা সম্পৰ্ক৷ ইয়াৰ সত্যতা উদ্ধাৰ হোৱা নাই যদিও বিজেপিয়ে গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ নাশ কৰিবলৈ যেন উঠিপৰি লাগিছে৷ কিন্তু যদিহে গৌৰৱ গগৈৰ সঁচাই পাকিস্তানৰ স’তে সম্পৰ্ক আছে, ই অতি পৰিতাপৰ কথা৷ কিন্তু এইপৰ্যন্ত দুয়োপক্ষৰ পৰা ৰাইজে পতিয়ান যাব পৰা কোনো দিশ উন্মোচিত হোৱা নাই৷ না গৌৰৱ গগৈয়েও আত্মপক্ষ সমৰ্থন কৰি ৰাইজক আশ্বস্ত কৰিব পাৰিছে, না মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সংবাদ মেল সম্বোধন কৰি গগৈৰ পাকিস্তানৰ স’তে থকা সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পাৰিছে৷

এটা কথা ঠিক যে বহুদিনৰ মূৰত গৌৰৱ গগৈৰ দৰে এজন নেতাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছত কংগ্ৰেছ কৰ্মী আৰু বহু জনতা উৎসাহিত হোৱা দেখা গৈছিল৷ তৰুণ গগৈ যেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল, সেই সময়ত ঠিক এনেকুৱা এটা উৎসাহ আছিল৷ পিছে সেই সময়ত অসমত বিজেপিৰ দৰে ৰাজনৈতিক শক্তিশালী দল নাছিল যদিও আঞ্চলিক দল অসম গণ পৰিষদৰ কিছু দপদপনি নথকা নাছিল৷ কিন্তু কংগ্ৰেছৰ এই সুখৰ বতৰা বিজেপি দলে গৌৰৱ গগৈৰে পাকিস্তান সম্পৰ্কৰ বিষয়টি অৱতাৰণা কৰি এক দুখৰ বতৰালৈ পৰিৱৰ্তন কৰিলে৷

সি যি নহওক, পিতৃ তৰুণ গগৈৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত এখোজ এখোজকৈ আগবাঢ়িবলৈ আৰম্ভ কৰা গৌৰৱ গগৈয়ে ৰাজ্যৰ ৰাজনীতিতেই নহয় ৰাষ্ট্ৰীয় ৰাজনীতিতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ ৰুচিপূৰ্ণ ৰাজনৈতিক ব্যৱহাৰ, অমায়িক আৰু শিষ্টাচাৰী, মাৰ্জিত স্বভাৱেৰে গৌৰৱ গগৈ এজন অত্যন্ত ভদ্ৰলোক৷ গগৈৰ ব্যক্তিত্বই দেশৰ বহু জনতাক মুগ্ধ কৰিছে৷ বিৰোধী সাংসদ আৰু ৰাজনৈতিক নেতা হিচাপে গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত যি আসন লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া অসমৰ ৰাজনীতিকৰ ক্ষেত্ৰত বিৰলেই বুলিব পাৰি৷ বহুতে হেম বৰুৱাৰ পাছতে ৰাষ্ট্ৰীয় ৰাজনীতিত গৌৰৱ গগৈক স্থাপিত কৰিব খোজে৷ গগৈৰ হিন্দী আৰু ইংৰাজী ভাষাজ্ঞান আৰু কথনশৈলী অত্যন্ত আকৰ্ষণীয় আৰু সৌহাৰ্দ্যপূৰ্ণ৷  কিন্তু অসমীয়া ভাষাটো এতিয়াও গৌৰৱ গগৈৰ মুখত সাৱলীল হোৱা নাই৷ তেওঁ হয়তো চেষ্টা নকৰাকৈ থকা নাই৷ ৰাজনৈতিক নেতা হিচাপেও তেওঁ সহিষ্ণু৷ তৰল কথা-বতৰাৰ পৰা আঁতৰি জুখি-মাখি কথা কোৱা ৰাজনৈতিক নেতাৰ ভিতৰত গৌৰৱ গগৈৰ নাম হয়তো কিছু কাললৈ বৰ্তি থাকিব৷ 

 গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে অসমৰ জনতাৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা বিষয়টো সামাজিক মাধ্যমকে ধৰি অন্যান্য মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল৷ ই কংগ্ৰেছ দলৰ বাবে অতিকে আনন্দদায়ক হোৱাৰ বিপৰীতে বিজেপি দলৰ বাবে কিছু চিন্তাৰ কাৰণ নোহোৱাও নহয়৷ সেয়ে গৌৰৱক লৈ ব্যস্ত হৈ পৰিছে বিজেপি দল৷ পাকিস্তানৰ সৈতে গৌৰৱৰ যোগসূত্ৰ বিচাৰি বহু বিজেপি নেতা ইতিমধ্যে ব্যস্ত হৈ পৰা দেখা গৈছে৷ হয়তো ইও ৰাজনীতিৰে অংশ৷ পাকিস্তানলৈ যোৱাৰ কথা গগৈয়ে ইতিমধ্যে স্বীকাৰ কৰিছে৷ কিন্তু পাকিস্তানত বিজেপি দলে অভিযোগ অনাৰ দৰে দেশবিৰোধী কিবা কাৰ্যত লিপ্ত হৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট নহয়৷ যদি হৈছিল সেয়া এক ডাঙৰ অপৰাধ৷ সি যি নহওক আইনে সেই বিচাৰ কৰিব৷

ইয়াৰ লগে লগে গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈও চৰ্চা চলি আহিছে৷ কিন্তু বছৰ বছৰ ধৰি বহু ভাৰতীয়ই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত নাগৰিকত্ব লৈ আহিছে৷ ই এক জটিল প্ৰক্ৰিয়া যদিও বহু ভাৰতীয়ই আন দেশৰ নাগৰিক হ’বৰ বাবে আজিও উৎসুক৷ সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয় আৰু আইন-কানুনৰ ফালৰ পৰাও কোনো বাধা নাই৷

 গৌৰৱ গগৈৰ ক্ষেত্ৰত বিজেপিৰ লোকে অনা অভিযোগ হৈছে– যাৰ পুত্ৰ-পত্নী বিদেশী নাগৰিক, তেওঁ অসমৰ বাবে কি চিন্তা কৰিব৷ কিন্তু ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি চুনাক আছিল ভাৰতীয় মূলৰ, যাক লৈ সমগ্ৰ ভাৰতে গৌৰৱ কৰিছিল৷ তেওঁ ইংলেণ্ডৰ বাবে চিন্তা কৰিছিল নে ভাৰতৰ বাবে চিন্তা কৰিছিল সেয়া সকলোৱেই জানে৷ আমেৰিকাৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি কমলা হেৰিছ আছিল অন্য এগৰাকী ভাৰতীয় মূলৰ মহিলা৷ তেওঁ নি(য় আমেৰিকাৰ বাবেই কাম কৰিছিল৷ এনে উদাহৰণ বহুত ওলাব৷ ইয়াত অভিযোগকাৰীৰ চিন্তাৰ গভীৰতা তেনেই কম৷ আটাইতকৈ ডাঙৰ কথা হৈছে গৌৰৱ গগৈ খিলঞ্জীয়া অসমীয়া আৰু বৰ অসম গঢ়োঁতা পৰাক্ৰমী আহোমৰ বংশধৰ৷ যদি গৌৰৱ গগৈয়ে সুস্থ আৰু ৰুচিপূৰ্ণ ৰাজনীতি কৰে তেন্তে অসমৰ বাবে গগৈ এজন যোগ্য নেতা হোৱাৰ থল বহুত বেছি৷ 

 অসমৰ ৰাজনীতিত ৰুচি আৰু মৰ্যাদাৰ অভাৱ বাৰুকৈয়ে ঘটিছে৷ ইয়াৰ বাবে কেৱল ৰাজনৈতিক দলসমূহই দোষী নহয়, জনতাও সমানে দায়ী৷ এক সুস্থ আৰু শক্তিশালী ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে সাধাৰণ জনতা অধিক সক্ৰিয়, দায়বদ্ধ আৰু দায়িত্বশীল হোৱা আটাইতকৈ বেছি দৰকাৰ৷ তেহে গণতন্ত্ৰ ৰক্ষা পৰিব আৰু গণতান্ত্ৰিক অধিকাৰৰ পৰা জনতা বঞ্চিত নহ’ব৷