Logo
image

‘নৰেন্দ্ৰ’ নামটোতে ঘৃণা পাকিস্তানী বক্সাৰৰ!

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা ভাৰতীয় বক্সাৰ নৰেন্দ্ৰ বেৰৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ক’লে এটা পুৰণি কাহিনী। কাহিনীটো শুনি হাঁহিত ফাটি পৰে প্ৰধানমন্ত্ৰী মোদী। ২০১৫ চনৰ বিশ্ব সামৰিক ক্ৰীড়া প্ৰতিযোগিতাত পাকিস্তানৰ এগৰাকী বক্সাৰৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডতে অৱতীৰ্ণ হৈছিল বেৰৱাল। ভাৰতীয় সেনাৰ পৰা তেওঁক স্পষ্টকৈ কোৱা হৈছিল—পাকিস্তানী প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোনোপধ্যে পৰাজিত হ’ব নোৱাৰিব। অৱশেষত বেৰৱালে যুঁজখনত জয়লাভ কৰে।


অৱশ্যে তীব্ৰ যুঁজখনত দুয়োগৰাকী বক্সাৰেই আঘাতপ্ৰাপ্ত হয়। দুয়োকে চিকিৎসালয়লৈ নি কঁপালৰ ফাটি যোৱা অংশত চিলাই কৰিবলগীয়া হৈছিল। তাতেই পাকিস্তানী বক্সাৰজনে এক অদ্ভুত মিল লক্ষ্য কৰে—ভাৰতীয় বক্সাৰজনৰ নাম নৰেন্দ্ৰ, তেওঁৰ সেনা প্ৰশিক্ষকৰ নামো নৰেন্দ্ৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নামো নৰেন্দ্ৰ। বেৰৱালে মোদীক সেই কথা জনাই কয়, পাকিস্তানী বক্সাৰজনে মোক কৈছিল—“তোমাৰ নাম নৰেন্দ্ৰ, তোমাৰ প্ৰশিক্ষকৰ নাম নৰেন্দ্ৰ, তোমাৰ প্ৰধানমন্ত্ৰীৰ নামো নৰেন্দ্ৰ। নৰেন্দ্ৰ নামটোৰ প্ৰতিয়েই মোৰ ঘৃণা লাগি গৈছে।”কথাষাৰ শুনিয়েই মোদীসহ উপস্থিত সকলো হাঁহিত ফাটি পৰে। 

উল্লেখ্য, গ্লাছগো কমনৱেলথ গেমছৰ ৯০ কেজিৰ ঊৰ্ধ্বৰ বক্সিং শাখাত ৰূপৰ পদক জয় কৰে নৰেন্দ্ৰ বেৰৱালে। এইবাৰৰ কমনৱেলথ গেমছত ভাৰতীয় বক্সাৰসকলে অভিলেখ সৃষ্টি কৰি মুঠ ১০টা পদক—৭টা সোণ আৰু ৩টা ৰূপ জয় কৰে।