Logo
image

বৰ্তমান বিশ্বৰ সৰ্বাধিক কৰ’না আক্ৰান্ত দেশ ভাৰত

◾বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত প্ৰকাশঃ এসপ্তাহত বিশ্বত নতুনকৈ মৃত্যু হোৱা চাৰিভাগৰ এভাগ হৈছে ভাৰতৰ

আমাৰ অসম, ৭ মে’: বৰ্তমান বিশ্বত সৰ্বাধিক কৰ’না আক্ৰান্ত দেশ হৈছে ভাৰত৷ বিগত এসপ্তাহত বিশ্বত যিমান লোক কৰ’নাত আক্ৰান্ত হৈছে, তাৰ প্ৰায় আধাখিনিয়েই হৈছে ভাৰতৰ৷ এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ তদপুৰি বিগত এসপ্তাত বিশ্বত কৰ’নাত মৃত্যু হোৱা লোকৰ চাৰিভাগৰ এভাগ হৈছে ভাৰতৰ৷ গতিকে ক’ব পাৰি যে বৰ্তমান বিশ্বৰ ভিতৰত ভাৰততে কৰ’নাৰ প্ৰকোপ সৰ্বাধিক৷ এটা সময়ত আমেৰিকাত এই পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এসপ্তাহে বিশ্বৰ মুঠ নতুন কৰ’না আক্ৰান্তৰ ৪৬ শতাংশ হৈছে ভাৰতৰ৷ ভাৰতত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰাই দ্ৰুতগতিত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়৷ এতিয়া ইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিগত ১৪ দিনত একেৰাহে ভাৰতত দৈনিক ৩ লাখৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ইয়াৰে ১০ দিনত দৈনিক ৩.৫০ লাখৰো অধিক লোক আক্ৰান্ত হৈছে৷ বৰ্তমান আমেৰিকা আৰু ব্ৰাজিলতো দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা এক লাখৰো কম৷ গতিকে বৰ্তমান বিশ্বৰ ভিতৰত ভাৰতৰে অৱস্থা আটাইতকৈ শোচনীয়৷

লগতে পঢ়কঃ মহাৰ্ঘ্যৰ মাজতে প্ৰায় ৮ শতাংশ ভেক্‌চিন নষ্ট হৈছে অসমত