Logo
image

মহাৰ্ঘ্যৰ মাজতে প্ৰায় ৮ শতাংশ ভেক্‌চিন নষ্ট হৈছে অসমত

আমাৰ অসম, ৭ মে’: ৰাজ্যত এফালে ক’ভিড ভেকচিন নাটনিয়ে দেখা দিছে, আনফালে ৰাজ্যতে নষ্ট হৈছে ভেকচিনৰ ড’জ৷ এপালি ভেকচিনৰ বাবে বৃদ্ধ লোকসকলে ক’ভিড সংক্ৰমণৰ মাজতে পুৱতি নিশা তিনি বজাৰ পৰা স্বাস্থ্যকেন্দ্ৰসমূহত শাৰী পতাৰ সময়তে ভেকচিন নষ্ট কৰাৰ তালিকাত দেশৰ ভিতৰতে তৃতীয়স্থানত আছে অসম৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি অসমৰ প্ৰায় ৮ শতাংশ ভেকচিন অবাবতে নষ্ট হৈ পৰিল৷ স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবে অসমত ভেকচিন নষ্ট হ’বলগীয়া হৈছে৷ অথচ ৰাজ্যৰ জনসাধাৰণে ক’ভিডৰ পৰা জীৱন ৰক্ষা কৰাৰ বাবে ভেকচিন বিচাৰি প্ৰতিদিনাই হাস্পতালে হাস্পতালে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ দুই-তিনিদিন শাৰী পাতিও বহুতে যোগাৰ কৰিব পৰা নাই এপালিও ভেকচিন৷ ভেকচিন নাটনিৰ বাবেই স্বাস্থ্যমন্ত্ৰীয়ে বাৰে বাৰে ভেকচিন মজুত থকাৰ কথা টুইটাৰ যোগে প্ৰচাৰ কৰি ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলোৱা দেখা গৈছে৷ অসমত বৰ্তমান ৪৫ বছৰ ঊধবৰ্ৰ লোকৰ ভেকচিন প্ৰদান কাৰ্য অব্যাহত ৰাখিছে যদিও শুকুৰবাৰৰ পৰাহে ১৮ বছৰ ঊধৰ্বৰ লোকক ভেকচিন প্ৰদান কৰিব৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি লক্ষাদ্বীপত সৰ্বাধিক ৯.৭৬ শতাংশ আৰু তামিলনাডুত ৭.৭০ শতাংশ ভেকচিন নষ্ট হৈছে৷ ইয়াৰ পাছতেই ভেকচিন নষ্টৰ অবাঞ্চিত অভিলেখ অৰ্জন কৰিছে অসমে৷ ৰাজ্যত বৰ্তমানলৈ প্ৰায় ২৮.৫ লাখ লোকে ভেকচিন গ্ৰহণ কৰিছে৷

লগতে পঢ়কঃ লখিমপুৰত নাৰকীয় ধৰ্ষণ! ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া