মই কল খোৱা নাই
ভাৰতৰ নিৰ্বাচন আয়োগ সম্পুৰ্ণ স্বতন্ত্ৰ ব্যৱস্থা৷ কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা নিৰ্বাচন আয়োগে নকৰে৷ কোনো ৰাজনৈতিক দলৰ সতে আয়োগৰ পোনপটীয়া সম্পৰ্ক থাকিব নোৱাৰে৷ আয়োগৰ উদ্দেশ্য হৈছে গণতান্ত্ৰিক পদ্ধতিৰে দেশত নিৰ্বাচন অনুষ্ঠিত কৰি গণতন্ত্ৰ আৰু সাংবিধানিক ব্যৱস্থা বাহাল ৰখা তথা উভয়কে শক্তিশালী কৰা৷ কোনো ৰাজনৈতিক দলৰ প্ৰভাবে নিৰ্বাচন আয়োগক প্ৰভৱান্বিত কৰিব নোৱাৰাটোৱেই আয়োগৰ বৈশিষ্ট্য৷ কিন্তু শেহতীয়াকৈ আজি কেই বছৰমানৰ পৰা ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ ওপৰত সঘনাই প্ৰশ্ন উঠি আহিছে যে আয়ুক্তই বিজেপিৰ সুবিধাৰ্থে কাম-কাজ তথা নীতি নিৰ্দেশনা তৈয়াৰ কৰিছে৷ বিগত ২৪ ছেপ্টেম্বৰত The Indian Express কাকতত এই লৈ সবিস্তাৰে বাতৰি পৰিৱেশন হৈছে৷ বাতৰিত এই কথা স্পষ্ট যে মুখ্য নিৰ্বাচন আয়ুক্তই নিজৰ খেয়াল-খুচি মতে নিৰ্বাচন প্ৰক্ৰিয়া চলাইছে আৰু সকলো সিদ্ধান্ত তথা আইন-কানুন নিজৰ ইচ্ছা অনুসৰি তৈয়াৰ কৰিছে৷ এই ক্ষেত্ৰত বাকী দুজন আয়ুক্তৰ কোনো দিহা পৰামৰ্শ গ্ৰহণ কৰা নাই৷ ইয়াৰ বিপৰীতে দুই নিৰ্বাচন আয়ুক্তই যোৱা দহ মাহত মুখ্য আয়ুক্তৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ১৪বাৰ অভিযোগ উত্থাকৰিছে৷ অৰ্থাৎ মুখ্য নিৰ্বাচন আয়োগে নিজৰ মই মতালীৰে আয়োগ চলাই অহাতো সত্য প্ৰতিপন্ন হৈছে৷
বিৰোধীয়ে ২০২৩ চনৰ পৰা দাবী কৰি আহিছে যে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰি আছে আৰু ভোট চুৰিৰ যোগেদি দেশৰ বিভিন্ন নিৰ্বাচনত বিজেপি দল জয়ী হবলৈ সক্ষম হৈছে৷ আৰু এই ভোট চুৰিত প্ৰত্যক্ষভাৱে সহায় কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে৷ শেহতীয়াকৈ The Indian Express-এ এই সত্য পোহৰলৈ অনাৰ লগে লগে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উত্থাপন কৰি অহা ভোট চুৰিৰ দাবী সত্য প্ৰমাণিত হৈছে৷ জ্ঞানেশ কুমাৰে ‘ছাৰ’ ৰ যোগেদি ১৩ কোটিতকৈ অধিক ভোটাৰৰ নাম কাটি নিৰ্বাচনত বিজেপিৰ জয়ৰ পথ প্ৰশস্ত কৰি দিয়াৰ অভিযোগ সত্যত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে৷
উল্লেখনীয় কথাটো হৈছে নিৰ্বাচন আয়োগৰ ওপৰত উঠা অভিযোগক লৈ দেশৰ সচেতন নাগৰিক তথা বিৰোধী সৰৱ হৈ পৰাৰ সময়ত সমানে সৰৱ হৈ পৰিছে শাসকীয় দল বিজেপি৷ বিভিন্ন ৰাজনৈতিক দল-সংগঠনে জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবী উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে জ্ঞানেশ কুমাৰক ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে৷ বিজেপিৰ ভিন্ন প্ৰান্তৰ নেতা সমৰ্থকে জ্ঞানেশ কুমাৰৰ ওপৰত উঠা অভিযোগ খণ্ডন কৰাই নহয়, ইয়াক বিৰোধীৰ চক্ৰান্ত বুলিহে অভিযোগ আনিছে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে অভিযোগ উঠিছে দেশৰ নিৰ্বাচন আয়োগৰ ওপৰত৷ তেনেস্থলত বিজেপিয়ে বিষয়টো কিয় গাত পাতি লৈছে সেয়াহে চিন্তনীয় বিষয়৷ এনে কাৰ্যৰ যোগেদি বিজেপিয়ে এই সত্য অজনিতেই উজাগৰ কৰি দিলে নেকি যে বিৰোধী তথা The Indian Express-এ নিৰ্বাচন আয়োগৰ ওপৰত অনা অভিযোগবোৰ সত্য৷ জ্ঞানেশ কুমাৰক নিৰ্দোষী সজাবলৈ বিজেপি নেতা-মন্ত্ৰীয়ে উঠি পৰি লগালৈ চাই অন্ততঃ ইয়াকে অনুমান কৰিব পাৰি৷ কথাটো এনেকুৱা হৈছে –প্ৰশ্ন ঃ গোসাঁই ঘৰত কোন ? উত্তৰ আহিল– মই কল খোৱা নাই৷






