Logo
image

উকা হৈ গ’ল বৌদ্ধিক জগত

অসমৰ সাহিত্য ক্ষেত্ৰখনতে এক বলিষ্ঠ লেখাৰে নিজৰ সুকীয়া পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ এজন বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে বুধবাৰে পুৱা অসমৰ সাহিত্যজগতখন উকা কৰি গ’ল৷ কটন কলেজত অধ্যয়ন কৰাৰ সময়তে অসমৰ সাহিত্য ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্ৰৰূপে পৰিচয় দিবলৈ সক্ষম হোৱা সাহিত্যিকজনে আত্মক্ষয়ী নীচাত্মিকাবোধ জয় কৰিবৰ বাবেই লেখক হোৱাৰ সংকল্প লৈছিল৷  প্ৰথমে কবিতাৰ প্ৰেমত পৰা লেখকজনে কবি হ’বলৈহে মন মেলিছিল যদিও সৰুতেই তেওঁক অধ্যাপক পদ্মেশ্বৰ গগৈয়ে গদ্য লিখিবলৈহে উপদেশ দিছিল৷ হয়তো সেই উপদেশ শিৰোধাৰ্য কৰিয়েই তেওঁ পৰৱৰ্তী সময়ত সাহিত্য সাধনাত মনোনিৱেশ কৰে৷ ‘ৰামধেনু’ যুগতেই এজন সফল আৰু জনপ্ৰিয় লেখকৰূপে পৰিচিত এইজন সাহিত্যিকে পৰৱৰ্তী সময়ত কবিতা, গল্প, উপন্যাস, নিবন্ধ আদি বিভিন্ন লেখাৰে অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ লখিমপুৰৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰা অধ্যয়নপিপাসু মনৰ অধিকাৰী বৰগোহাঞিয়ে কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি অসম প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ উল্লেখ্য, ১৯৬৩ চনৰ পহিলা নৱেম্বৰত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পায় তিনিদিনীয়া বাতৰিকাকত ‘অসম বাতৰি’৷ অসম বাতৰিত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ অনুৰোধমৰ্মে হোমেন বৰগোহাঞিয়ে আৰম্ভ কৰিছিল ‘দূৰ্বাসাৰ জাৰ্ণাল’৷ ‘দূৰ্বাসাৰ জাৰ্ণাল’ত প্ৰকাশিত কিছু কাহিনী আৰু প্ৰবন্ধৰ সংকলন ‘বিভিন্ন নৰক’ প্ৰকাশ পায় ১৯৬৬ চনত৷ এই গ্ৰন্থখনেই তেওঁক চাকৰি ইস্তফা দিবলৈ বাধ্য কৰায়৷ ১৯৬৮ চনত চাকৰি বাদ দি তেওঁ ‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পাদকৰূপে প্ৰত্যক্ষ সাংবাদিকতাত জড়িত হৈ পৰে৷ সাংবাদিকতাত জড়িত হৈ অসমীয়া সংবাদ জগতখনতো এক ধাৰাৰ সৃষ্টি কৰি জনপ্ৰিয় সাংবাদিকৰূপে প্ৰতিষ্ঠিত হয়৷ হোমেন বৰগোহাঞিৰ বলিষ্ঠ লেখা আৰু সম্পাদনাৰ বাবেই সাপ্তাহিক নীলাচল সেই সময়ত অসমৰ বৌদ্ধিক সমাজত এক জনপ্ৰিয় আৰু মানবিশিষ্ট কাকতৰূপে পৰিগণিত হয়৷ সাপ্তাহিক নীলাচলৰ পাছত তেওঁ ‘সাপ্তাহিক নাগৰিক’, ‘সূত্ৰধাৰ’ ‘সাতসৰী’ আদি আলোচনী সম্পাদনা কৰে৷ বাংলা দৈনিক কাকত ‘আজকাল’ৰ প্ৰতিনিধিৰূপে কাৰ্যনিৰ্বাহ কৰা বৰগোহাঞিয়ে ১৯৯৭ চনত ‘আমাৰ অসম’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি অসমত ‘আমাৰ অসম’ক এক মৰ্যাদাপূৰ্ণ কাকতৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ৱ২০০৪ চনত ‘আমাৰ অসম’ৰ পৰা তেওঁ ‘আজিৰ দৈনিক বাতৰি’লৈ গৈ সেইখনৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁ পুনৰ ২০০৭ চনত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১৫ চনত তেওঁ ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ পাঠকৰ মন-মগজুক আকৰ্ষণ কৰিব পৰা গদ্যশৈলীৰে লিখা বৰগোহাঞিৰ সকলো ৰচনাই সুখপাঠ্য৷ স্বকীয় শৈলীৰে অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত নিজৰ স্থান দখল কৰা কথাশিল্পীজনে ১৯৭৮ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে৷ ইয়াৰ উপৰি তেওঁ অসম ভেলী সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎস্যেন্দ্ৰ নাথ বঁটাকে ধৰি ভালেসংখ্যক বঁটা-সন্মান লাভ কৰে৷ ২০০২ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা স্বনামধন্য সাহিত্যিকজনে বিভিন্ন ৰচনাৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গ’ল৷ সকলো ক্ষেত্ৰতে সময়ৰ প্ৰতি সচেতন বৌদ্ধিক চিন্তানায়কজনৰ মৃত্যু অসমীয়া সাহিত্য-সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি৷