Logo
image

মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাত জনতা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে গ্ৰহণ কৰা কেইটামান সিদ্ধান্তই ৰাজ্যৰ কিছুসংখ্যক লোকৰ মনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে৷ পঞ্চদশ বিধানসভাৰ প্ৰথমখন কেবিনেট বৈঠকত এক লাখ লোকক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি দিয়াৰ উপৰি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত আন এখন কমিটী গঠন কৰি দিয়ে৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই দুয়োটা প্ৰতিশ্ৰুতি যদিহে সুচাৰুৰূপে পালন কৰিব পাৰে, তেন্তে নিশ্চয় ৰাজ্যৰ বহুসংখ্যক লোক ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ কিন্তু এনেবোৰ আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় বিত্ত কিদৰে যোগাৰ কৰিব সেয়াহে বিচাৰ্যৰ বিষয়৷ ইফালে, ১৮ মে’ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটোৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আৰু ক’ভিড-১৯ৰ মুখামুখি হ’ব পৰাকৈ সামৰ্থ্য বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম আৰোগ্য নিধিলৈ দান-বৰঙণি আগবঢ়াবলৈ ৰাইজলৈ গোহাৰি জনাইছে৷ কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ধন নথকা চৰকাৰখনে তেন্তে কিদৰে হিতাধিকাৰীক ধন দিব?

বিগত বৰ্ষত লকডাউনৰ ফলত ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পোৱাৰ পাছত এইবাৰো কৰ’নাৰ দ্বিতীয় ঢৌৱে অৰ্থনীতিত মাধমাৰ শোধোৱাৰ আশংকা আছে৷ এতিয়ালৈ অসমত লকডাউন দিয়া নাই যদিও লকডাউনসদৃশ নীতি-নিয়মে ইতিমধ্যে ব্যৱসায়ী, শ্ৰমজীৱীকে ধৰি বহু লোকৰ উপাৰ্জন প্ৰায় নোহোৱাৰ দৰে কৰিছে৷ ইপিনে ৰাজ্যত প্ৰতিটো নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰে দাম দিনে দিনে বাঢ়ি আছে৷ পে’ট্ৰল-ডিজেল, ৰন্ধন গেছ, চাউল-দালিকে ধৰি খাদ্যসামগ্ৰী আৰু ঔষধৰ বৰ্ধিত দামে জনসাধাৰণৰ জীৱন-যাপন দুৰ্বিষহ কৰি তুলিছে৷ এনে অৱস্থাত যদি ইন্ধনকে ধৰি আন সামগ্ৰীৰ কৰ বৃদ্ধি কৰা হয়, তেন্তে সৰ্বসাধাৰণৰ জীয়াই থকাই সমস্যা হ’ব৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ লগতে নিম্ন মধ্যবিত্ত, মধ্যবিত্ত লোকৰ বহুতে হয়তো এনে পৰিস্থিতিত মহামাৰী ভাইৰাছত আক্ৰান্ত হৈ নমৰিলেও খাদ্যৰ অভাৱত মৰিব লাগিব৷ তদুপৰি পূৰ্বে বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰে লোৱা বুজন পৰিমাণৰ ঋণ পৰিশোধ কৰিবলগীয়া আছে৷ এনে অৱস্থাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিবলৈ গৈ এচাম লোকক আৰ্থিকভাৱে কিছু সকাহ দিব পাৰিব যদিও ইয়াৰ বাবে প্ৰয়োজন হোৱা ধন ৰাজ্যবাসীয়েই বিভিন্ন কৰ-কাটলৰ মাধ্যমেৰে পৰিশোধ কৰিব নালাগিবনে? চৰকাৰে ইন্ধনকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবেহে প্ৰথমে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল৷ কিন্তু ৰাজ্যৰ জনসাধাৰণৰ আৰ্থিক মংগলৰ কথা নাভাবি নতুন চৰকাৰখনে মাথোঁ চমক দিয়াৰ নিমিত্তেহে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে চৰ্চা হৈছে৷ ইন্ধনৰ লগতে খাদ্যসামগ্ৰী আৰু ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক হতাশ কৰিছে৷ মূলতঃ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ঊধবৰ্মুখী দামে জনসাধাৰণক বিপাঙত পেলাইছে৷ কৰ’নাকালত নিম্ন আয়ৰ লোকসকল মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈছে৷ মূলতঃ বহুলোকৰ উপাৰ্জনৰ পথ বন্ধ হোৱাৰ লগতে বহুতৰে আয়তকৈ ব্যয় বৃদ্ধি পোৱাত পৰিয়ালক দুবেলা দুমুঠি যোগান ধৰাই অসম্ভৱ হৈ পৰিছে৷ ইফালে, কৰ’নাৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ ফলত একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি অধিক মুনাফা আদায় কৰিছে৷ মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাৰ পৰা ৰাইজক পৰিত্ৰাণৰ উদ্দেশ্যে চৰকাৰে সামগ্ৰীৰ যোগান সুলভ কৰাৰ লগতে সকলো খাদ্যসামগ্ৰী যাতে নূ্যনতম দৰত জনসাধাৰণে লাভ কৰে, তাৰ ব্যৱস্থা কৰিব লাগিব৷ সামগ্ৰীৰ দাম হ্ৰাস কৰিব নোৱাৰিলে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যৰ উন্নয়ন সাধন কৰিব নোৱাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, যদিহে অসমক ভাৰতৰ শীৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰৰ এখন কৰিব খোজে, তেন্তে ৰাজ্যৰ জনসাধাৰণৰ আয় বৃদ্ধি কৰিব লাগিব৷ উল্লেখ্য, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অসমে দেশৰ মুঠ ৩৪খন ৰাজ্যৰ ভিতৰত আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰতহে স্থান লাভ কৰিছে৷ এনে অৱস্থাত কৰ’নাকালীন সময়ত কিদৰে ৰাজ্যৰ জনসাধাৰণৰ আয় বৃদ্ধি কৰে, সেয়া হ’ব নতুন চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান৷