Logo
image

শিল্পীৰ পৃথিৱীত কান্দোনৰ ৰোল

পেটত গামোচা বান্ধিছে ৰাজ্যৰ হাজাৰ হাজাৰ শিল্পী, কলা-কুশলীয়ে

আমাৰ অসম, ২১ মেঃ কৰ’না মহামাৰীৰ বাবে ৰাজ্যৰ সৰ্বত্ৰে হাহাকাৰৰ সৃষ্টি হৈছে৷ ভয়, উৎকণ্ঠা, উত্তেজনাই বিৰাজ কৰিছে চৌদিশে৷ সমাজৰ প্ৰতিটো শ্ৰেণীক কৰ’না মহামাৰীয়ে সৰ্বশ্ৰান্ত কৰিছে যদিও ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে অসমৰ একক তথা অনন্য ভ্ৰাম্যমাণ থিয়েটাৰ জগতখন৷ থিয়েটাৰ লগত জড়িত হৈ থকা হাজাৰ হাজাৰ লোক এতিয়া শংকিত৷ শংকা এটাই, চিৰদিনৰ বাবে বন্ধ হৈ যাব নেকি এই উদ্যোগ? কি প্ৰযোজক, কি অভিনেতা, কি লাইটমেন তথা কি স্পট বয়– সকলোৰে এতিয়া তথৈবচ অৱস্থা৷ ভ্ৰাম্যমাণ জগতৰ হাজাৰ হাজাৰ শিল্পী আৰু কলা-কুশলীয়ে পেটত গামোচা বান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ চিনেমা আৰু অপেছাদাৰী মঞ্চ জগতৰ শিল্পীসকলৰ উপৰি গায়ক-গায়িকা, বাদ্যযন্ত্ৰীসকলৰ দৰেই ভ্ৰাম্যমাণৰ শিল্পীসকলৰো অৱস্থা কাহিল হৈ পৰিছে– কৰ’নাৰ বাবে৷ সেইসূত্ৰেই অসমৰ শিল্পী সমাজত এতিয়া চৌদিশে কান্দোনৰ ৰোল, নিঃশব্দ উচুপনি৷ বিগত এটা বছৰৰ লোকচান পুৰণ কৰিব নৌপাওঁতেই দ্বিতীয়টো বছৰত হ’বলগা লোকচানক লৈ চিন্তিত প্ৰযোজকসকল৷ বছৰ বছৰ ভ্ৰাম্যমানত কাম কৰি থকা কলা-কুশলীসকলে কৰ’না কালত জীৱন-জীৱিকাৰ বাবে বিকল্প পথ বিচাৰি হাবাথুৰি খাইছে৷ পানীত হাঁহ নচৰা অৱস্থা হৈছে কলা-কুশলীসকলৰ৷ বাধ্যত পৰি কোনোৱে কৰিছে হাজিৰা, কোনোৱে গাড়ী চলাইছে, কোনোৱে খেতিপথাৰত সহায়ক হৈছে আৰু আন কোনোৱে ঠিকাদাৰৰ অধীনত কৰিছে ক্লিনিঙৰ কাম৷ কিয়নো থিয়েটাৰ চলা নাই৷ অনিশ্চয়তাৰ মাজত থকা ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ পূৰ্বৰ দৰে সক্ৰিয় হোৱাৰ আশাত থকা এইসকল লোকেনো ভ্ৰাম্যমাণক লৈ কি ভাবিছে বা কি আশা কৰিছে সেয়া জানিবলৈ আমি কেবাগৰাকী প্ৰযোজক, শিল্পী কলা-কুশলীৰ সৈতে কথা পাতিছিলো৷ তেওঁলোকে নো কি বিচাৰে বা তেওঁলোকেনো কেনেদৰে জীৱন জীৱিকাৰ বাট মোকলাইছে সেয়া জানিব বিচাৰিছিলো৷ এই সন্দৰ্ভত ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰে জড়িত কেইজনমানৰ বক্তব্য এনেধৰণৰ–

সংকল্পজিৎ হাজৰিকা [প্ৰযোজক, হেঙুল]: ভ্ৰাম্যমাণ থিয়েটাৰ যে এনেকৈ কেতিয়াবা বন্ধ হৈ যাব সেয়া কোনেও কোনো কালে ভবা নাছিল৷ ভ্ৰাম্যমান আমাৰ সম্পদ৷ এই উদ্যোগক লৈ আমি গৌৰৱ কৰো৷ অসম আন্দোলন হওঁতেও ভ্ৰাম্যমান বন্ধ হোৱা নাছিল৷ ভাইৰাছৰ বাবে যে বন্ধ হৈ পৰিব সেয়াতো কেতিয়াও ভবা নাছিলো৷ যোৱা বছৰ থিয়েটাৰ নহ’ল৷ এইবাৰো পৰিস্থিতি অতি ভয়াবহ৷ ভ্ৰাম্যমানৰ লগত জড়িত বহুতে এতিয়া উপায়বিহীন হৈ বিকল্প পথ বাচি লৈছে৷ কিন্তু এয়া হোৱাটো আমি কেতিয়াও নিবিচাৰো৷ আমাৰ এই উদ্যোগটো জীয়াই ৰাখিব লাগিব৷ কিন্তু প্ৰশ্ন হৈছে জীয়াই ৰাখিব পাৰিম নে? উদ্যোগটো জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা লাগিব৷ কোনেও নিবিচাৰে এই উদ্যোগটো বন্ধ হৈ পৰক৷ আমাৰ সম্পদটো জীয়াই ৰাখিবই লাগিব৷ সেয়ে পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰিলে চৰকাৰে নতুন এছ অ’ পি প্ৰস্তুত কৰি থিয়েটাৰ চলাবলৈ ব্যৱস্থা কৰি দিয়ে যেন৷ যদিও জুলাইৰ পৰা আমাৰ থিয়েটাৰ চলে তথাপিও কিছু পলমকৈ হ’লেও আগষ্ট মাহৰ পৰা থিয়েটাৰ চলাব পাৰিলেও শিল্পী-কলাকুশলীসকলে কিছু সকাহ পাব৷ বছৰৰ নটা মাহেই ভ্ৰাম্যমাণক দিয়া শিল্পী কলা কুশলীসকলে ভ্ৰাম্যমানক বাদ দি বিকল্প চিন্তা কৰাটো সহজ নহয় যদিও এতিয়া বহুতে তেনে কৰিবলৈ বাধ্য হৈছে৷ ভ্ৰাম্যমান পুনৰ সক্ৰিয় হৈ উঠিলে তেওঁলোকে নতুন জীৱন পাব৷ তেনেদৰে প্ৰযোজক সকলৰো অৱস্থা তথৈবচ৷ বিগত বছৰৰ লোকচান পূৰাবই পৰা নাই৷ থিয়েটাৰত ব্যৱহাৰ হোৱা কাঠৰ সামগ্ৰী, কাপোৰ ইত্যাদি সকলো নষ্ট হৈ গৈছে৷ পুনৰ নতুনকৈ সকলো সামগ্ৰী ক্ৰয় কৰিব লাগিব৷ তাৰ বাবে লাগিব বৃহৎ পুঁজি৷ বিগত চৰকাৰক প্ৰযোজক সন্থাই ইয়াৰ বাবে পুঁজি আবেদন কৰিছিল৷ বিভিন্ন কাৰণত হৈ নুঠিল৷ নতুন চৰকাৰৰ পৰা আশা কৰো যে আলোচনাৰ মাধ্যমেৰে নতুন এছ অ’ পি প্ৰস্তুত কৰি হ’লেও থিয়েটাৰ চলাবলৈ অনুমতি দিয়ে যেন৷ 

প্ৰস্তুতি পৰাশৰ [প্ৰযোজক, আৱাহন]: যোৱা বছৰটো থিয়েটাৰ কৰিব নোৱাৰিলো৷ এই বছৰ কৰিব নোৱাৰিম বুলি এতিয়ালৈ ভবা নাই৷ আমি আশাবাদী, এইবাৰ কৰিব পাৰিম বুলি ভাবো৷ এতিয়াও আমাৰ হাতত দুটা মাহ আছে৷ মই ভাবো কৰ’নাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ভাৰতবৰ্ষই নিয়ন্ত্ৰণ কৰাত কিছু পিছপৰি ৰ’ল৷ পূৰ্বৰ সাৱধানতা অৱলম্বন কৰিলে হয়তো পৰিস্থিতি ইমান ভয়াবহ নহ’লহেঁতেন৷ সি যি কি নহওঁক আমি এতিয়া অধিক সজাগ আৰু সচেতন হ’ব লাগিব৷ আমাৰ হাতত দুমাহ আছে, আমি কিবা এটা কৰিব পাৰিম৷ ইয়াৰ লগে লগে নতুন চৰকাৰখনৰ পৰা আমি আশা কৰিম যে, চৰকাৰে যেন নতুন এছ অ’ পি প্ৰস্তুত কৰি আমাক থিয়েটাৰ চলাই নিয়াত সহযোগিতা আগবঢ়ায়৷ আমি যথেষ্ট আশাবাদী৷ চৰকাৰে সাহায্য যিমানেই নিদিয়ক, সেই সাহায্য গোটেই জীৱনটোৰ বাবে যথেষ্ঠ নহয়৷ আমাৰ মূল কথা হৈছে আমি কামত ব্ৰতী হৈ থাকিব পৰাটোহে৷ গোটেই জীৱনটোৰ বাবে৷ প্ৰযোজক হিচাপে মই যাক যেনেকৈ পাৰো সহায় কৰি আছো যদিও ময়ো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছো৷ থিয়েটাৰখন লৈছিলোহে৷ বৃহৎ এটা পুঁজি বিনিয়োগ কৰা হৈছিল৷ ঋণ লৈছিলো৷ সা-সঁজুলীবোৰ নষ্ট হৈ গৈছে৷ সেয়ে পুনৰ থিয়েটাৰখন চলাবলৈ আমাক যথেষ্ট পুঁজিৰ প্ৰয়োজন হ’ব৷ বিগত চৰকাৰক আমি পুঁজিৰ বাবে আবেদন জনাইছিলো৷ সেইটো অনুমোদন দিয়া হৈছিল যদিও নিৰ্বাচনী প্ৰ’ট’কলৰ বাবে সেই পুঁজি মুকলি হৈ নাহিল৷ সেয়ে নতুন চৰকাৰৰ পৰা কিবা এটা ভাল আশা কৰিছো৷

সুবোধ মজুমদাৰ [প্ৰযোজক, ভাগ্যদেৱী]: যোৱা বছৰ থিয়েটাৰ নহ’ল৷ এইবছৰো আশা ক্ষীণ দেখিছো৷ কিন্তু ভ্ৰাম্যমানৰ লগত জড়িত শিল্পী কলা-কুশলীসকলে জীয়াই থাকিব পৰাকৈ অন্তত ৪-৫ মাহ হ’লেও যদি থিয়েটাৰ কৰিব পাৰিলোহেঁতেন৷ অন্তত কিছু হ’লেও সমস্যা সমাধান হ’লহেঁতেন৷ বিগত বৰ্ষত কমিটীসমূহৰ পৰা এডভান্স টকা লোৱা হৈছিল৷ এইবাৰ লোৱা নাই যদিও যোৱাবাৰৰ টকাৰ বৃহৎ বোজা এটা আছে৷ তদুপৰি থিয়েটাৰৰ লগত জড়িত হৈ থকা বহু লোকে এতিয়া যথেষ্ট অসুবিধাত আছে৷ বহুতে মোক ফোন কৰি সোধে– দাদা কি হ’ব? থিয়েটাৰ কৰি থাকোতেই জীৱনৰ আধা বয়স গ’ল৷ বিকল্প চিন্তাও কৰা নহ’ল৷ এতিয়া কি কৰিম৷’ ইয়াৰ বাবে মোৰ ওচৰত কোনো উত্তৰ নাছিল৷ কিন্তু মই বিচাৰো ভ্ৰাম্যমান তথা ইয়াৰ লগত জড়িত শিল্পী কলা-কুশলীক জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক৷ 

দেৱজিৎ বৰা [সহঃ অভিনেতা]: গ্লেমাৰ আৰ্টিষ্ট সকলৰ অৱস্থা আমাতকৈ কিছু উন্নত৷ তেওঁলোকে ছিৰিয়েল, ছবি ইত্যাদি কৰি কিবাকৈ চলি থাকিব পাৰে৷ আমাৰ দৰে অভিনেতাসকলে যিয়ে ২৪টা বছৰে কেৱল ভ্ৰাম্যমানকে সাৱটি থাকিলো সেইসকলে এতিয়া বিকল্প পথো বাচি ল’বলৈ অপাৰগ৷ মই ১৫টা বছৰ হেঙুলৰ লগত থাকিলো৷ ইয়াৰ উপৰি জ্যোতিৰূপা, কহিনুৰ, ভাগ্যদেৱীতো আছিলো৷ যোৱা বছৰ সাঁচতীয়া তথা চৰকাৰৰ পৰা পোৱা এককালীন সাহায্যৰে চলিলো৷ কিন্তু কিমান দিন৷ যোৱা বছৰটোত পিতৃৰ লগতে সতীৰ্থ কেবাজনকো হেৰুৱালো৷ যোৱা বছৰ গাড়ী চলাই জীৱিকা অৰ্জন কৰিবলৈ বাধ্য হৈছিলো৷ এইবাৰ পুনৰ আমি কৰ’নাৰ গ্ৰাসত৷ বৰ্তমান মা হাস্পতালত চিকিৎসাধীন হৈ আছে৷ সকলো ফালৰ পৰা অন্ধকাৰ দেখিছো৷ আশা কৰো ভাল দিনবোৰ ঘূৰি আহিব৷ পুনৰ ভ্ৰাম্যমান তথা আমাৰ জীৱনলৈ সুখ-আনন্দ, স্বচ্ছলতা ঘুৰি আহিব৷ 

অশোক ডেকা [পোহৰ নিয়ন্ত্ৰক, ভাগ্যদেৱী]: ১৮ বছৰে ভ্ৰাম্যমানৰ লগত জড়িত হৈ আছো৷ যোৱা বছৰ থিয়েটাৰ নহ’ল৷ এইবাৰো নহ’ব যেনেই লাগিছে৷ আমাৰ চলিবলৈ ভীষণ অসুবিধা হৈছে৷ কেনেদৰে চলিছো নিজেই হে জানো৷ থিয়েটাৰ নাই বাবে এতিয়া গাঁৱতে হাজিৰা কৰিছো৷ বেৰ দিয়া, মাটি কটা কাম কৰিছো৷ পথাৰত মজুৰি খাটিছো৷ এনেকুৱা সময়ত হাজিৰা কৰিব যাবলৈ ভয়ো লাগে৷ আমাৰ গাঁৱত কেবা ঘৰত ক’ভিড পজিটিভ পাইছে৷ সেয়ে মানুহে হাজিৰা লগাবলৈও ভয় কৰে৷ থিয়েটাৰত কৰো বাবে কোনেও হাজিৰা কৰিবলৈ মাতিবলৈও সংকোচ কৰে৷ নিজেই হাজিৰা বিচাৰি যাওঁ৷ ৰেচনৰ দোকানীয়ে বাকী দিবলৈ নিবিচাৰে৷ থিয়েটাৰ থাকোতে ধাৰে দিছিল৷ এতিয়া নিদিয়ে৷ থিয়েটাৰৰ পইচাৰে বছৰটো ভালকৈ চলিব পাৰিছিলো৷ এতিয়া বহুত কষ্ট হৈছে৷ আশা কৰো চৰকাৰে কিবা ব্যৱস্থা ল’ব৷’

হৰেন দাস [বাঁহীবাদক]: থিয়েটাৰ নাই, সেয়ে একো ইনকাম নাই৷ ঘৰত দুই-এজোপা তামোল আছিল তাকেই বেছি চলিলো দুদিনমান৷ সেয়াও প্ৰায় শেষ৷ এতিয়া কি কৰিম তাকেই চিন্তা কৰি আছো৷ হাজিৰা কৰিব যাবও নোৱাৰো৷ মই নাটকত বাঁহী বজাও, সংগীত দিওঁ৷ কেনেকৈ চলি আছো বুজাব নোৱাৰো৷ জমা পুঁজিও নাই৷ বিকল্প কি কৰিম তাকে নিন্তা কৰি বাৰণ্ডাতে বহি থাকো৷ ভ্ৰাম্যমান আমাৰ জীৱন৷ আমাৰ জীৱিকাৰ সম্বল৷ ভ্ৰাম্যমান বাচি থাকিলেহে আমি থাকিম৷

মহেশ ৰায় [মঞ্চশিল্পী]: ২৬ বছৰ ধৰি ভ্ৰাম্যমানত আছো৷ সেয়ে ভ্ৰাম্যমান হঠাৎ এইদৰে বন্ধ হৈ যোৱাত দিশহাৰা হৈছো৷ বহু কষ্টৰ মাজেৰে চলি আছো৷ বৰ্তমান-ঠিকাদাৰৰ অধীনত ক্লিনিঙৰ কাম কৰি আছো৷ পইচা কম যদিও সংসাৰ চলাবলৈ কৰিবই লাগিব৷ এনেকুৱা কাম কেতিয়াও কৰা নাছিলো৷ কিন্তু এতিয়া উপায়বিহীন৷ ভ্ৰাম্যমানলৈ ভাল দিন ঘূৰি অহাটো বিচাৰো৷ আশা কৰো চৰকাৰে থিয়েটাৰ কৰিবলৈ দিব৷

ভ্ৰাম্যমাণৰ আখৰাগৃহত এতিয়া গভীৰ নীৰৱতা

বজালীৰ পৰা কৈলাস চৌধুৰী [আমাৰ অসম]: সময় আছিল ১৯৬৩ চন৷ পাঠশালাৰ মাজমজিয়াত প্ৰয়াত অচু্যত লহকৰে ভিন্ন ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি জন্ম দিছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল নটৰাজ থিয়েটাৰৰ৷ ইয়াৰ পিছতেই আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমানক দিছিল নতুন যাত্ৰা৷ অসমৰ ভিন্ন প্ৰান্তত জন্ম হৈছিল নতুন নতুন সৰু-ডাঙৰ কেইবাটাও নাট্যদলৰ৷ বিগত ৫৭টা বছৰজুৰি অসমৰ চুকে-কোনে বিপুল জনপ্ৰিয়তাৰে দপদপাই থাকিল ভ্ৰাম্যমাণ থিয়েটাৰ৷ মঞ্চৰ দ্বাৰাই বহুতে অভিনেতা, তাৰকাৰ স্বীকৃতি পালে তথা এই উদ্যোগেই হৈ পৰিল হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকা৷ কিন্তু কৰ’না মহামাৰীয়ে স্তব্ধ কৰিলে ভ্ৰাম্যমাণৰ সকলো কাম-কাজ৷ মহামাৰীৰ বাবে ২০১৯ ত আধাতে সামৰি আজিলৈকে বন্ধ হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ৷ এই বৰ্ষটো যে ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভ হব তাৰো কোনো ভৰসা নাই৷ বহু শিল্পী এতিয়া দয়াৰ পাত্ৰ হৈ সাহায্যৰ বাবে হাত পাতিবলগীয়াও পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শিল্পীৰ পৃথিৱীত এতিয়া দুবেলা দুসাজৰ কাৰণে উঠিছে কান্দোনৰ ৰোল অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ৷ কি হ’ব অসম গৌৰৱ ভ্ৰাম্যমাণৰ৷ যাৰ লগত জড়িত হৈ আছে বহু আহ্বায়ক সমিতি, অভিনেতা, শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজকৰ প্ৰতিষ্ঠাৰ বিষয়৷ স্বাভাৱিকতে ইয়াকে লৈ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে ভ্ৰাম্যমাণৰ এনে দুৰ্যোগৰ সময়ত দুখ ব্যক্ত কৰাৰ লগতে বিচাৰিছে নতুন চৰকাৰৰ হস্তক্ষেপ৷ অসমৰ শ শ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান জড়িত হৈ থকা এই উদ্যোগটো চলি থাকিবলৈ কিবা চৰকাৰী নীতি-নিয়ম বান্ধি দিব নেকি সেয়া হ’ব লক্ষণীয়৷