Logo
image

চৰকাৰ, ৰাইজ উভয়ে বুজক নিজৰ দায়িত্ব

প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’নাৰ প্ৰথম ঢৌ স্তিমিত হোৱাৰ লগে লগে মেলে-মিটিঙে আটাইতকৈ গুৰুত্ব দিয়া বিষয়টো আছিল ভাৰতবৰ্ষই নিজাকৈ বা আন ৰাষ্ট্ৰৰ সহযোগেৰে ভাৰতবৰ্ষত ভেকচিন প্ৰস্তুত কৰি দেশৰ জনসাধাৰণক যিমান পাৰি সিমান সোনকালে ভেকচিন প্ৰদান কৰাটো৷ কভিশ্বিল্ড, কভাস্কিন ভেকচিনৰ পৰীক্ষা-নিৰীক্ষা চলি থকা দেশৰ লেব’ৰেটৰীত প্ৰধানমন্ত্ৰীয়ে নিজে গৈ পৰিদৰ্শন কৰি বিজ্ঞানীসকলক তেওঁ উৎসাহিত কৰিছিল৷ বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ ভাৰতৰ কোটি কোটি লোকক ভেকচিন প্ৰদান কৰা কাৰ্যটো বৰ উজু নাছিল৷ সেয়েহে নিজাববীয়াকৈ ভেকচিন উৎপাদন কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকলক আৰু তাৰ পাছত পৰ্যায়ক্ৰমে আৰক্ষী, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী, বয়োজ্যেষ্ঠ লোকসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল৷ দেশৰ বহু লোকৰে ভেকচিনৰ সফলতাক লৈ দ্বিধাগ্ৰস্ততা আছিল যদিও আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতত উৎপাদিত ভেকচিনৰ সাফল্যক স্বীকৃতি প্ৰদান কৰাৰ পাছত সকলো স্তৰৰ লোকেই ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল৷ তাৎপৰ্যৰ বিষয় এই প্ৰক্ৰিয়াসমূহ চলি থকাৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল৷ তেনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কৰিব লগা আটাইতকৈ প্ৰয়োজনীয় কামটো অৰ্থাৎ ৰাইজক ভেকচিন প্ৰদান ত্বৰান্বিত কৰাৰ পৰিৱৰ্তে বিশ্বৰ ৯ খন ৰাষ্ট্ৰলৈ ৬ কোটি ভেকচিন পঠিয়াই প্ৰশংসা অৰ্জনতহে গুৰুত্ব দিলে৷ আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম অনুসৰি এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক প্ৰয়োজন সাপেক্ষে সহযোগিতা আগবঢ়োৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু জনসংখ্যা অনুপাতে নিজৰ পৰ্যাপ্ত ভেকচিন নথকাৰ পাছতো বিদেশলৈ ৬ কোটি ভেকচিন প্ৰদানৰ যোগেদি ভাৰত চৰকাৰে সংশ্লিষ্ট ৰাষ্ট্ৰৰ পৰা সাধুবাদ পালেও দেশৰ কোটি কোটি জনসাধাৰণক প্ৰাপ্য ভেকচিনৰ পৰা বঞ্চিত কৰিলে৷ ইফালে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীসকলে ডিচেম্বৰ মাহতে ভাৰতত কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌৰ বিষয়ে সকীয়াই দিছিল আৰু সেয়েহে ভেকচিন প্ৰদানকে মুখ্য কৰি কৰ’না নিয়ন্ত্ৰণৰ বাকী পদক্ষেপসমূহ তৎকালীনভাৱে গ্ৰহণ কৰাটো আছিল চৰকাৰৰ মুখ্য দায়িত্ব৷ কিন্তু ভেকচিন প্ৰদানৰ পৰা চিকিৎসালয়ৰ আন্তঃগাঁথনি প্ৰস্তুত, অক্সিজেনৰ যোগান, প্ৰয়োজনীয় ঔষধৰ ব্যৱস্থা একোৱে সময়মতে নহ’ল৷ সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰাৰ কথা চৰকাৰীভাৱে বাৰম্বাৰ ঘোষণা কৰা হয় যদিও বৃহৎ বৃহৎ নিৰ্বাচনী সভা, কুম্ভমেলাৰ আয়োজনত অনুমতি দি চৰকাৰে নিজে ঘোষণা কৰা নীতি-নিয়মকে নিজেই অংগুষ্ঠ প্ৰদৰ্শন কৰিলে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবোৰৰ ফল ভুগিছে দেশৰ জনগণে৷ কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ ঢৌত এই পৰ্যন্ত দেশৰ বহু গুণী-জ্ঞানী, কৰ্মঠ মানৱ সম্পদে অকালতে প্ৰাণ হেৰুৱাইছে৷ অনাগত দিনতো এয়া কিমান ৰোধ হ’ব তাক লৈ দেশৰ কোটি কোটি লোক এতিয়া ত্ৰস্তমান, আতংকিত! অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো কৰ’নাৰ দ্বিতীয় সংক্ৰমণে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কিন্তু আটাইকেইখন ৰাজ্যত এতিয়া ভেকচিনৰ নাটনি৷ দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যমতে অসমত এই পৰ্যন্ত ৪৫ বছৰ ঊধবৰ্ৰ ২৩ শতাংশ লোককহে প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ১৮ বছৰৰ পৰা ৪৫ বৰ্ষৰ ভিতৰত প্ৰতিষেধক প্ৰদানৰ গতি অতি লেহেমীয়া হৈছে৷ এইবাৰ অসমতো বহু কম বয়সীয়া লোক কৰ’নাত আক্ৰান্ত হোৱালৈ লক্ষ্য কৰি ৰাইজে আশা কৰিছে যে সোনকালেই এইসকল লোককো অতি শীঘ্ৰে ভেকচিন দিয়া উচিত৷ অসমৰ নৱগঠিত চৰকাৰে পৰিস্থিতিৰ জটিলতা উপলব্ধি কৰি বহু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অসম এতিয়াও মেঘালয়তকৈ পিছ পৰি আছে৷ দেশৰ বাবে এতিয়া বিভিন্ন দিশত প্ৰত্যাহ্বান! এফালে কৰ’নাৰ বিধবংসী ৰূপ আনফালে কৰ্মসংস্থান হেৰুৱাই বহু লোক দিশহাৰা, লক্ষ লক্ষ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচ্ছন্ন, আৰ্থ-সামাজিক দিশো বিপন্ন৷ এনে পৰিস্থিতিত ৰাইজেও নিজৰ দায়িত্ব পালন কৰাটো অতি গুৰুত্বপূৰ্ণ৷ বিশেষতঃ এই মুহূৰ্তত সকলোৰে বাবে প্ৰত্যাহ্বান কৰ’নাৰ সংক্ৰমণক ৰোধ কৰা৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰদান কৰা তথ্যমতে দেশৰ ৫০ শতাংশ নাগৰিকে এতিয়াও মাস্ক নিপিন্ধে, ৬৪ শতাংশই আকৌ নামতহে পৰিধান কৰে৷ বজাৰ, ৰাজহুৱা স্থানত সামাজিক দূৰত্ব ৰক্ষা কৰাটো বহু নাগৰিকে বিবেচনা কৰিবলগা কথা বুলিয়ে গণ্য নকৰে৷ মন্ত্ৰী, প্ৰশাসনিক বিষয়াও এই ক্ষেত্ৰত সতৰ্ক নহয়৷ কেন্দ্ৰীয় স্বাস্থ্য বিভাগে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন মতে এই দিশবোৰত গুৰুত্ব নিদিয়াৰ বাবে কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হোৱাৰ আশা ক্ষীণ৷ চৰকাৰ, ৰাইজ উভয়ে নিজৰ দোষ-ত্ৰুটী আঁতৰ কৰিবই লাগিব৷ অন্যথা মৃত্যুযজ্ঞ অব্যাহত থাকিব৷