
ৰুষ্ট প্ৰকৃতি
সম্প্ৰতি মানৱ সমাজ সঘনে নানা বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ উন্নয়নে মানুহক বহিঃপৃথিৱীত উপনিৱেশ স্থাপনৰ দিশে ক্ৰমাৎ আগুৱাই যাবলৈ উৎসাহিত কৰিছে যদিও ৰঙে-ৰূপে আৰু সম্পদেৰে ভৰা পৃথিৱীখনত মানুহৰ অস্তিত্ব থাকিবনে নাই তাক লৈও চিন্তাৰ কাৰণ হৈ পৰিছে৷ উন্নয়নৰ নামত অবাধে প্ৰকৃতিৰ সম্পদৰাজি ধবংস কৰাৰ ফলত পৃথিৱীত নেতিবাচক প্ৰভাৱ পৰিছে৷ মানৱসৃষ্ট দুৰ্যোগৰ উপৰি প্ৰাকৃতিক দুৰ্যোগেও মানৱ সমাজলৈ অশনি সংকেত নমাই আনিছে৷ প্ৰকৃতিৰ স্বাভাৱিক পৰিৱেশ-তন্ত্ৰত ব্যাঘাত জন্মোৱাৰ বাবেই মানুহ আজি সঘনাই বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ তদুপৰি বিভিন্ন কাৰণত প্ৰকৃতিত সেউজ গেছৰ উপস্থিতি বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত আবাদী বৃদ্ধিয়েও প্ৰকৃতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ আবাদী বিস্ফোৰণৰ ফলতো মানৱ সমাজ নানা বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ কৰ’না মহামাৰীয়ে বিগত বৰ্ষৰ পৰা সমগ্ৰ বিশ্বতে সংহাৰ চলাই থকাৰ মাজতো ভূমিকম্প, ছুনামি, বান, ধুমুহা, অতিবৃষ্টি আদিয়েও মনোৰম এই পৃথিৱীৰ মানৱ সমাজৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷
প্ৰাকৃতিক দুৰ্যোগ হ’লে নিমিষতে কোনো এটা অঞ্চল ধবংসস্তূপত পৰিণত হয়৷ অসমত বানে প্ৰতিবছৰে যি দুৰ্যোগৰ সৃষ্টি কৰে, সেয়া ভুক্তভোগীয়েহে বুজি পায়৷ কিয়নো হঠাতে হোৱা বানে মানুহৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু উটুৱাই নিয়াৰ উপৰি কৃষিপথাৰৰ শস্য পানীয়ে বুৰাই পেলায়৷ আনহাতে, হঠাতে হোৱা ভূমিকম্পয়ো বিস্তৰ ক্ষতি কৰে৷ উল্লেখ্য, অসমত ২৮ এপ্ৰিলত হোৱা ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই বিস্তৰ ক্ষতি কৰে৷ অৱশ্যে, যদি উচ্ছ প্ৰাবল্যৰ ভূমিকম্প হয়, তেন্তে একোটা অঞ্চল নিমিষতে চূৰ্ণ-বিচূৰ্ণ হয়৷ কিছু বছৰ পূৰ্বে নেপালত হোৱা ভূমিকম্পৰ কথা হয়তো সকলোৰে মনত আছে৷ ইয়াৰ উপৰি ধুমুহায়ো প্ৰতিবছৰে বিভিন্ন ঠাইত বিস্তৰ ক্ষতি কৰে৷ সম্প্ৰতি ঘূৰ্ণিবতাহ য়াছে পশ্চিমবংগ, ওড়িশাৰ লগতে অসম তথা উত্তৰ-পূবতো বিস্তৰ ক্ষতি কৰাৰ আশংকা আছে৷ বুধবাৰে তাৰ প্ৰভাৱ কোনো কোনো অঞ্চলত পৰা দেখা গৈছে৷ উল্লেখ্য, বংগোপসাৰত সৃষ্টি হোৱা ঘূৰ্ণিবতাহ ‘য়াছে’ পশ্চিমবংগৰ উপকূল আৰু ওড়িশাৰ বালাছ’ৰৰ দক্ষিণে ধামৰা বন্দৰত খুন্দা মৰাৰ ফলত সেই অঞ্চলত প্ৰবল ধুমুহা-বৃষ্টিপাত হৈছে৷ ‘য়াছ’ৰ প্ৰভাৱত ঝাৰখণ্ড, বিহাৰতো প্ৰবল বৰষুণ আৰু ধুমুহা হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে৷ অৱশ্যে, উপকূলীয় ওড়িশা আৰু পশ্চিমবংগত সময়ে সময়ে ছুনামি, ধুমুহাই বিস্তৰ অঞ্চলত ক্ষতি কৰি ধন-জন হানি কৰাৰ খবৰ বিভিন্ন সময়ত পোৱা যায়৷ বুধবাৰে পশ্চিমবংগত ঘূৰ্ণিবতাহ য়াছে ১৫৫ কিঃ মিঃ বেগত গতি কৰি বিস্তৰ অঞ্চলত তাণ্ডৱ চলোৱা বুলি জানিব পৰা গৈছে৷ মানুহে বিজ্ঞান-প্ৰযুক্তিৰে যিমানেই উন্নয়ন সাধন নকৰক কিয়, প্ৰকৃতিৰ ওচৰত কিন্তু আজিও মানুহ অসহায়৷ মানুহে প্ৰকৃতিক নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাৰ বাবেই হয়তো আজি প্ৰকৃতি ৰুষ্ট হৈছে আৰু সময়ে সময়ে ধবংসলীলা সৃষ্টি কৰি আবাদী নিয়ন্ত্ৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে৷ মানুহৰ অবিবেচকী কৰ্মকাণ্ড আৰু সম্পদ আহৰণৰ নিৰন্তৰ প্ৰতিযোগিতাৰ বাবেই সেউজ পৃথিৱীখনৰ পৰিৱেশ ক্ৰমাৎ বিনষ্ট হৈ গৈ আছে আৰু লাহে লাহে জীৱকুল অস্তিত্বৰ সংকটত ভুগিছে৷ ইতিমধ্যে বহু জীৱ প্ৰজাতি পৃথিৱীৰ বুকুৰ পৰা হেৰাই গৈছে৷ মানুহে যদিহে প্ৰাকৃতিক সন্তুলন ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব নোৱাৰে, তেন্তে নিজৰ অস্তিত্ব বৰ্তাই ৰখাই কঠিন হ’ব৷