Logo
image

শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাত শিক্ষাৰ্থীৰ ভৱিষ্যৎ সুৰক্ষিতনে?

বিগত বৰ্ষৰ পৰা কৰ’না অতিমাৰীৰ ভাৰতবৰ্ষত প্ৰাদুৰ্ভাৱ ঘটাৰ পাছৰে পৰা দ্বিতীয় সংক্ৰমণৰ ঢৌ অব্যাহত থকাৰ সময়লৈকে অৰ্থাৎ এবছৰৰো অধিক সময় দেশৰ শিক্ষা ব্যৱস্থাটো একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে৷ কৰ’নাৰ প্ৰথম ঢৌ স্তিমিত হোৱাৰ পাছত দেশৰ বিভিন্ন ৰাজ্যই পৰিস্থিতি সাপেক্ষে স্কুল, কলেজ, বিশ্ববিদ্যালয়ত পাঠদান আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ লোৱাৰ বাবে পৰীক্ষা, পাঠদান আদি সকলো দিশেই এতিয়া অনিশ্চিত হৈ পৰিছে৷ তাৎপৰ্যৰ বিষয়, কৰ’না সংক্ৰমণৰ বাবে প্ৰায় এবছৰৰো অধিক কাল অফলাইন ক্লাছ হোৱা নাই দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ, জামিয়া মিলিয়াকে ধৰি দেশৰ বহু আগশাৰীৰ উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানত৷ কৰ’নাক ৰোধ কৰাৰ বাবে উক্ত বিশ্ববিদ্যালয়ৰ উপৰি আই আই টি, এন আই টি-কে ধৰি দেশৰ বিভিন্ন প্ৰযুক্তি প্ৰতিষ্ঠান, মেনেজমেণ্ট শিক্ষাৰ প্ৰতিষ্ঠান আৰু অন্যান্য কাৰিকৰী শিক্ষানুষ্ঠান বন্ধ কৰা, হোষ্টেলসমূহ খালী কৰাৰ ফলত লক্ষ লক্ষ ছাত্ৰ-ছাত্ৰীয়ে উপায়বিহীন হৈ অনলাইন ক্লাছ যোগে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ অনলাইনযোগে সমাজ বিজ্ঞানৰ বিষয়সমূহৰ পাঠদানসমূহ সীমাবদ্ধতাৰ মাজেৰে চলাব পাৰিলেও বিজ্ঞান-প্ৰযুক্তিৰ বিষয়সমূহৰ পাঠদান কিমান সম্ভৱ হ’ব তাৰ বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ উচ্ছ শিক্ষাৰ অনুষ্ঠানসমূহ মাহ মাহ জুৰি এনেদৰে বন্ধ থকাৰ বাবে বিশেষকৈ গৱেষণাৰ পৰীক্ষা-নিৰীক্ষাসমূহতো বাধাৰ সৃষ্টি হৈছে৷ আই আই টি, বিশ্ববিদ্যালয়সমূহ, আই আই এম-কে ধৰি ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা উচ্ছ শিক্ষাৰ অনুষ্ঠানসমূহত গৱেষণামূলক কাম-কাজ বন্ধ হোৱাটোৱে দেশৰ উচ্ছ শিক্ষালৈ এক অশনি সংকেত কঢ়িয়াই আনিছে৷ এ আই এছ এইচ ই-২০১৯ৰ অধ্যয়ন মতে ২০২০ চনত প্ৰকাশিত তথ্যত কোৱা হৈছে যে দেশৰ ৯৯৬খন বিশ্ববিদ্যালয়, প্ৰায় ৪০ হাজাৰ কলেজ আৰু ১০,৭২৫ খন অন্যান্য উচ্ছ শিক্ষাৰ অনুষ্ঠানত ৩.৭৪ কোটি ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাৰ অনুষ্ঠানত অধ্যয়ন কৰি আছে৷ দেশত ক’ভিডৰ প্ৰথম ঢৌ অহাৰ পাছৰে পৰা এই ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ ব্যাহত হৈ ক’ভিডৰ দ্বিতীয় ঢৌত এনে এক পৰিস্থিতিত উপনীত হ’ল যে প্ৰায় ৭০ শতাংশ শিক্ষাৰ্থীয়ে যোৱা ১২টা মাহৰো অধিক সময় নিজৰ শিক্ষানুষ্ঠানতে ভৰি দি পোৱা নাই৷ তাৎপৰ্যপূৰ্ণভাৱে নতুন শিক্ষানীতি-২০২০ত উচ্ছ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্ভুক্তিৰ সংখ্যা ৫০ শতাংশলৈ বৃদ্ধি কৰাটো নিশ্চিত কৰাৰ বিষয়ে গুৰুত্ব দিয়া হৈছিল যদিও পূৰ্বৰ তুলনাত বিগত বছৰটোত ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে উচ্ছ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বহু হ্ৰাসহে পালে৷ ইফালে আমাৰ দেশত স্কুলীয়া শিক্ষাত প্ৰায় ২৪ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰী জড়িত হৈ আছে যদিও ক’ভিডৰ বাবে স্কুলীয়া শিক্ষাও বাধাগ্ৰস্ত হৈছে৷ পৰিস্থিতিৰ লগত সংগতি ৰাখি স্কুলীয়া শিক্ষা আৰু উচ্ছ শিক্ষা উভয়তে অনলাইন শিক্ষাৰ প্ৰয়োগ কৰা হৈছে যদিও যি দেশত কোটি কোটি নাগৰিকৰ বাবে ৰুটী, কাপোৰ আৰু মকান এতিয়াও সম্ভৱ নহয়, তেওঁলোকে সন্তানক লেপটপ বা এণ্ড্ৰইড ম’বাইল দিব পাৰিবনে সেয়া এক বৃহৎ প্ৰশ্নক্ক আনহাতে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ নামত দিনটোৰ বহু সময় ম’বাইল, লেপটপত ব্যস্ত ৰাখি শাৰীৰিক, মানসিক স্বাস্থ্যৰ ক্ষতিসাধন কৰাটো কিমান সমীচীন তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ এহাতে বছৰৰো অধিক সময় স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ হোৱাৰ বাবে শিক্ষাৰ্থীসকল এক স্বাভাৱিক জীৱন-যাপন [মুক্ত চলন-ফুৰন]ৰ পৰা বঞ্চিত হৈছে আনহাতে অনলাইন ক্লাছ, পৰীক্ষা অনুষ্ঠিত কৰাত অনিশ্চয়তা– এই বিষয়বোৰে তেওঁলোকক এক মানসিক চাপৰ দিশে ঠেলি দিছে৷ নতুন প্ৰজন্মৰ এই কোটি কোটি লোকসকলৰ ওপৰতে নিৰ্ভৰ কৰিব দেশৰ ভৱিষ্যত৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰ, শিক্ষা বিভাগে তেওঁলোকক চাপমুক্ত কৰাৰ ক্ষেত্ৰত চিন্তা সহকাৰে আগবাঢ়িব লাগিব৷ ইতিমধ্যে ইউ জি চিয়ে ভৱিষ্যত দিনৰ শিক্ষাৰ বাবে অনলাইনত ৪০ শতাংশ আৰু অফলাইনযোগে ৬০ শতাংশ শিক্ষা প্ৰদানৰ এক খচৰা প্ৰস্তুত কৰিছে৷ অৰ্থাৎ দেশত অফলাইনৰ লগতে অনলাইন শিক্ষা বাধ্যতামূলক হোৱাৰ দিশে আগবাঢ়িছে৷ ইয়াক কাৰ্যকৰী কৰাৰ আগমুহূৰ্তত অনলাইন শিক্ষাৰ সম্পূৰ্ণ আন্তঃগাঁথনি প্ৰস্তুত হ’বই লাগিব৷ শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ দিশসমূহে অগ্ৰাধিকাৰ পাব লাগিব৷