Logo
image

ক’ভিডসৃষ্ট সংস্থাপনহীনতা

দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণৰ হাৰ শেহতীয়াভাৱে কিছু হ্ৰাস পালেও ইতিমধ্যে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ লোৱা কৰ’নাই ভাৰতৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে৷ কৰ’নাৰ প্ৰথমটো ঢৌৰ যিমান প্ৰকোপ আছিল, তাৰ তুলনাত দ্বিতীয়টো ঢৌ অধিক বিপজ্জনক হৈ পৰিছে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৰপ্ৰতি ভাৰত চৰকাৰ আগতীয়াকৈ সতৰ্ক নোহোৱাৰ বাবেই যোৱা বছৰৰ তুলনাত এইবাৰ ভাৰত অধিক ক্ষতিগ্ৰস্ত হোৱা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ তাৎপৰ্যপূৰ্ণ যে যিকেইখন দেশত কৰ’নাৰ প্ৰথমটো ঢৌৱে সংহাৰী ৰূপ লৈছিল, সেই দেশসমূহত পৰৱৰ্তী সময়ত লোৱা সতৰ্কতামূলক ব্যৱস্থাৰ বাবে দ্বিতীয়টো ঢৌৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পৰা গৈছিল৷ কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশত ঘোষণা কৰা লকডাউন আৰু আন বাধা-নিষেধবোৰৰ বাবে সৰ্বাধক ক্ষতিগ্ৰস্ত হৈছে দিন মজুৰি কৰা লোকসকলৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকল৷ অলপতে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণৰ বাবে পৰ্যায়ক্ৰমে লকডাউন আৰু আন নিষেধাজ্ঞাবোৰৰ ম্যাদ বৃদ্ধি কৰাৰ ফলত কেৱল মে’ মাহতে দেশত প্ৰায় এক কোটি লোকে সংস্থাপন হেৰুৱাইছে৷ প্ৰতিবেদনটোত কোৱা হৈছে যে চলিত বৰ্ষৰ এপ্ৰিলত ভাৰতৰ নিয়োগৰ হাৰ আছিল ৩৬.৮ শতাংশ৷ মে’ মাহত সেই হাৰ ৩৫.৮ শতাংশলৈ হ্ৰাস পাইছে৷ এমাহত নিয়োগৰ হাৰ এক শতাংশ হ্ৰাস পোৱাৰ অৰ্থ হৈছে এক কোটি লোকে সংস্থাপন হেৰুওৱা৷ যোৱা বছৰৰ দৰে এইবাৰ কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা নকৰিলেও কেইবাখনো ৰাজ্যৰ চৰকাৰে নিজাববীয়াকৈ লকডাউন ঘোষণা কৰিছে৷ ফলত সেই ৰাজ্যবোৰত বহু লোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ কৰ’নাৰ প্ৰথমটো ঢৌৰ সংক্ৰমণতো ভাৰতত বহুতো লোকে সংস্থাপন হেৰুৱাইছিল৷ সেই অৱস্থাৰ পৰা পৰিত্ৰাণ নৌপাওঁতেই আৰম্ভ হ’ল দ্বিতীয় ঢৌৱে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতি৷ প্ৰতিবেদনটোত কোৱা হৈছে যে কৰ’নাসৃষ্ট সমস্যাৰ বাবে দেশৰ ৯০ শতাংশতকৈ অধিক লোকৰ উপাৰ্জন হ্ৰাস পাইছে৷ দেশৰ এনে এক দুঃসময়ত আহিল আন এটা দুঃখবৰ৷ সেয়া হৈছে ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি অৰ্থাৎ ঘৰুৱা মুঠ উপাৰ্জনৰ হাৰ হ্ৰাস পাইছে [মাইনাছ] -৭.৩ শতাংশলৈ৷ যিটো হৈছে বিগত ৪০ বছৰত সৰ্বনিম্ন৷

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশব্যাপী লকডাউনৰ বাবেই দেশৰ অৰ্থনীতি থানবান হৈ যোৱা বুলি মন্তব্য কৰিছে অৰ্থনীতিবিদসকলে৷  লকডাউনৰ সিদ্ধান্ত কেৱল ভাৰততে লোৱা হোৱা নাছিল৷ বিশ্বৰ অধিকাংশ দেশতে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ঘোষণা কৰা হৈছিল লকডাউন৷ কিন্তু সেই দেশবোৰৰ তুলনাত ভাৰতত চৰকাৰে লোৱা লকডাউনৰ সিদ্ধান্ত আছিল তেনেই অপৰিকল্পিত আৰু তেনে অপৰিকল্পিত সিদ্ধান্তৰ ফলতে দেশৰ অৰ্থনীতিৰ এই অৱস্থা হৈছে৷ বজাৰলৈ নি উৎপাদিত শাক-পাচলি আৰু ফল-মূল পথাৰতে নষ্ট হোৱাৰ বাতৰি বিগত দিনকেইটাত বৈদ্যুতিন আৰু ছপা মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে৷ এনে বহু লোক আছে, যিসকলে বেংকৰ ঋণ লৈ কৃষিকৰ্মত নিয়োজিত হয়৷ কিন্তু কৰ’নাৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকডাউন আৰু আন বাধা-নিষেধৰ বাবে বহু লোকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে৷ প্ৰশ্ন হয়, কৰ’নাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত চৰকাৰে এইসকল লোকৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবনে? কোনো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম লোক এজনৰ ক’ভিডত মৃত্যু হ’লে তেওঁৰ পৰিয়াললৈ সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ তেনেদৰে পৰ্যটন, বিমান পৰিবহণৰ লগতে মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত থকা লোকলৈও বিশেষ পেকেজৰ কথা বিবেচনা কৰা হৈছে৷ কৰ’নাৰ সময়ত আৰ্থিক ক্ষতিৰ অজুহাত দেখুৱাইদেশৰ বহু ব্যক্তিগত খণ্ডৰপ্ৰতিষ্ঠানে বহু কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছিল৷ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতো এইসকল লোকক যে কামত উভতাই লোৱা হ’ব তাৰ কোনো নি(য়তা নাই৷ সংস্থাপন হেৰুওৱা বহুতেই নতুনকৈ কাম এটাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ চৰম অনিশ্চয়তাত দিন অতিবাহিত কৰা এই লোকসকলক সকাহ দিবলৈ চৰকাৰে বিশেষ পেকেজৰ বিষয়ে বিবেচনা কৰিবনে?