বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখত চৰকাৰ
অসমত প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পৰাই হিতাধিকাৰী ৰাজনীতিয়ে গুৰুত্ব লাভ কৰিছিল৷ উক্ত সময়ছোৱাত কেন্দ্ৰতো ড॰ মনমোহন সিঙৰ নেতৃত্বত ইউ পি এ চৰকাৰ থকাৰ সুবাদত অসমলৈ ধনৰ যথেষ্ট আবণ্টন হৈছিল আৰু সেই মৰ্মে তিনি টকীয়া চাউলৰ পৰা ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, মাজনী, মামনি আদি অসংখ্য আঁচনি ৰাজ্যত প্ৰযোজ্য হৈছিল৷ ইউ পি এ চৰকাৰৰ আমোলতে এম এন আৰ জি এ, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, সৰ্বশিক্ষা, পি এম জি এছ আই আদি বৃহৎ বৃহৎ আঁচনি প্ৰয়োগ কৰাৰ বাবদ ব্যয় হৈছিল ৰাজকোষৰ কোটি কোটি টকা৷ সেই সময়ছোৱাত ওপৰৰ পৰা তললৈকে অৰ্থাৎ– পঞ্চায়তলৈকে ঘটা বহু দুৰ্নীতিৰ মাজতে দেশৰ উন্নয়নো নোহোৱাকৈ নাছিল৷ কিন্তু ক্ৰমান্বয়ে অবাধ দুৰ্নীতি, বিশ্বকপোৱা বহুকেইটা অৰ্থনৈতিক বৃহৎ কেলেংকাৰীৰ লগতে দেশৰ ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন আৰু বিজেপিৰ অভাৱনীয় উত্থান আদিৰ বাবে কংগ্ৰেছৰ পতন ঘটিল৷ অনুৰূপভাৱে অসমতো ১৫ বছৰীয়া দপ্দপনিৰ পাছত কংগ্ৰেছৰ ভেটি থৰক-বৰক হ’ল যাৰ বাবে দলটো শোচনীয়ভাৱে পৰাস্ত হ’ল৷ লক্ষণীয়ভাৱে কেন্দ্ৰ, ৰাজ্যত চৰকাৰহে পৰিৱৰ্তন হ’ল, কিন্তু কংগ্ৰেছৰ আমোলত হিতাধিকাৰী সৃষ্টিৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া বিজেপিৰ আমোলত কমক চাৰি বাঢ়িলহে৷ এইবাৰ অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘সভ্যতা ৰক্ষাৰ যুঁজ’ৰ লগতে বিজেপিয়ে হিতাধিকাৰী ৰাজনীতিকো যথেষ্ট অগ্ৰাধিকাৰ দিছিল৷ প্ৰায় ৯০ লাখ হিতাধিকাৰীক মূলধনৰূপে লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা বিজেপি চৰকাৰে অৰুণোদয় আঁচনি, ‘স্বয়ম’, ‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’, আনন্দৰাম বৰুৱা বঁটাৰ যোগেদি স্কুটী প্ৰদান, কনকলতা বিস্তাৰিত মহিলা সৱলীকৰণ, জীৱন সখী এক্সপ্ৰেছ, আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি, প্ৰজ্ঞা আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আদিৰ যোগেদি ৬ হেজাৰ কোটি টকা ব্যয় কৰাৰ লক্ষ্য স্থিৰ কৰিছিল৷ ইয়াৰে এক বৃহৎ পৰিমাণ সংশ্লিষ্ট হিতাধিকাৰীক প্ৰদান কৰা হ’ল আৰু নতুন চৰকাৰ গঠন হোৱাৰ পাছত চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পালনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ কেৱল সেয়ে নহয়, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মহিলাসকলে লোৱা ১২ হেজাৰ কোটি টকাৰ ক্ষুদ্ৰ ঋণো মাফৰ ঘোষণা কৰিছে৷ সাধাৰণতে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অধিকাংশ চৰকাৰেই নিৰ্বাচনী ইস্তাহাৰত বা নিৰ্বাচনী সভাসমূহত দিয়া প্ৰতিশ্ৰুতিৰ অধিকাংশই পালনৰ ক্ষেত্ৰত খৰখেদা নকৰে৷ সেই স্বৰূপত ড॰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত চৰকাৰ দায়বদ্ধ বুলি কৰা ঘোষণা এক ব্যতিক্ৰমী পদক্ষেপ বুলিয়েই অভিহিত কৰিব পাৰি৷ কিন্তু কথা হ’ল– হিতাধিকাৰীক বৃহৎ পৰিমাণৰ ধন মোকলাই দিয়াৰ পৰা ১২ হেজাৰ কোটি টকা ক্ষুদ্ৰ ঋণৰ জোৰা মাৰিব পৰাকৈ চৰকাৰখন সক্ষম নে সেয়া এক বৃহৎ প্ৰশ্ন৷ সোণোৱাল চৰকাৰে তেওঁৰ শাসনকালৰ চাৰিটা বছৰত লোৱা ঋণৰ পৰিমাণ আছিল ৪৩,৪৩২.৪২ কোটি টকা৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালৰ ঋণৰ সৈতে যোগ কৰিলে মুঠ ঋণৰ পৰিমাণ ৭৯,১২৩ কোটি টকা৷ এনে এক জটিল সময়তে নতুন চৰকাৰখনত ভূতৰ ওপৰত দানহ পৰাদি আহিল ক’ভিড-১৯ দ্বিতীয় সংক্ৰমণৰ ঢৌ৷ ক’ভিডৰ ভেকচিন ক্ৰয় কৰাৰ পৰা এই ৰোগৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, চিকিৎসা ব্যৱস্থা প্ৰস্তুত কৰিবলৈ চৰকাৰৰ প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ টকা৷ এফালে অভাৱনীয় ঋণৰ বোজা, আনফালে হিতাধিকাৰী আঁচনিৰ নামত হেজাৰ হেজাৰ কোটি টকা ব্যয় আৰু লগতে ক’ভিডৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰয়োজন হোৱা ধন সকলো মিলি এক অভাৱনীয় বিত্তীয় অৱস্থা বিৰাজ কৰিছে ৰাজ্যখনত৷ শেহতীয়াকৈ ২০২০-২১ চনৰ বাবে ‘নিটি’ আয়োগে ঘোষণা কৰা বহনক্ষম উন্নয়ন সূচক’ ৰাজ্যৰ তালিকাত দেশৰ সমূহ ৰাজ্যৰ ভিতৰত অসমে ৫৭ পইণ্টৰে বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰতহে অৰ্থাৎ দেশৰ ভিতৰতে তৃতীয়খন শোচনীয় প্ৰদৰ্শন কৰা ৰাজ্য হিচাপে চিহ্নিত হৈছে৷ সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশক-সূচক ৰূপে লৈ প্ৰস্তুত কৰা তালিকাত কেৰালাই শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে হিমাচল আৰু তামিলনাডুৱে দ্বিতীয় স্থান লাভ কৰিছে৷ নতুন চৰকাৰত নতুন মুখ্যমন্ত্ৰীয়ে অহা ৫টা বছৰৰ ভিতৰত দেশৰ ভিতৰতে ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে৷ ঘোষণাটো শুনি অসমবাসীয়ে আনন্দিত নোহোৱাৰ কাৰণ নাই৷ কিন্তু ইমান পৰ্বতসম ঋণৰ জোৰা মৰাৰ পৰা নতুন আঁচনিসমূহৰ নামত ব্যয় হ’বলগীয়া ধনৰ জোৰা মৰা বৰ সহজ নহ’ব৷ পথাৰ, বজাৰ দখলৰ পৰা সংগঠিত, অসংগঠিত খণ্ডৰ সৱলীকৰণ, উৎপাদনশীলতা বৃদ্ধি, উদ্যমিতা বিকাশ আদি সকলো দিশতে চৰকাৰে আন্তৰিকতাৰে কাম কৰিব লাগিব৷ হিতাধিকাৰীলৈ অনুদান আগবঢ়োৱাক নস্যাৎ কৰিব নোৱাৰি৷ কিন্তু সকলো খণ্ডতে ইয়াৰ নামত ব্যয় হোৱা ধনসমূহ সঠিকভাৱে ব্যয় হৈছেনে তাৰ জৰীপ কৰিহে চৰকাৰে ব্যৱস্থা লওক৷ মুঠতে চৰকাৰৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান৷






