Logo
image

খাদ্য বনাম সুস্বাস্থ্য

খাদ্যই আমাক পুষ্টি যোগায়৷ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ পাছতেই আহাৰৰ প্ৰয়োজন৷ উল্লেখ্য অৱশ্যে, বিশ্বত প্ৰায় ৮১৫ নিযুত লোকে পৰিমিত খাদ্য নাপায়৷ ফলত এনে লোকে খাদ্যৰ অভাৱত  খালী পেটে পাটীলৈ যাবলগীয়া হয়৷ 

জনসংখ্য অনুপাতে খাদ্যৰ নাটনি হৈছে যদিও এচামে অবাধে খাদ্য অপচয় কৰি আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতিবছৰে বিশ্বত প্ৰায় ৬০০ নিযুত লোক খাদ্যৰ বাবেই ৰোগাক্ৰান্ত হয়৷ পেটৰ ভোক নিবাৰণ কৰিবলৈ সমুখত যি পায় তাকে গো-গ্ৰাসে গিলাৰ ফলতে প্ৰতি দহজনৰ ভিতৰত এজন লোক ৰোগাক্ৰান্ত হয়৷  এনে লোকৰ বাবে খাদ্যৰ গুণাগুণ গৌণ, পেট ভৰাব পৰাটোহে মুখ্য৷ অৱশ্যে, আধুনিক জীৱনশৈলীৰ বাবেও মানুহৰ খাদ্যজনিত ৰোগ বৃদ্ধি পাইছে৷ তদুপৰি বিশ্বৰ বৃহৎসংখ্যক লোকক আহাৰ যোগান ধৰিবলৈ কম মাটিতে অধিক উৎপাদনৰ লক্ষ্যৰে কৃষিকৰ্মত ৰাসায়নিক সাৰকে ধৰি নানা মানৱ শৰীৰৰ অপকাৰী দ্ৰব্য ব্যৱহাৰ কৰাৰ বাবেও তেনেবোৰ খাদ্যশস্যই মানুহৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰিৱৰ্তে ৰোগাক্ৰান্ত কৰিছে৷ তদুপৰি মুনাফা লাভৰ আশাত উৎপাদকৰ পৰা ব্যৱসায়ীলৈ বহুতে শস্য বা খাদ্যবস্তুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে খাদ্য বা খাদ্যশস্যত ভেজাল কৰাৰ বাবেও তেনেবোৰ খাদ্য বা খাদ্যশস্যই শৰীৰৰ অপকৰাহে কৰে৷ এনে ভেজাল, অপৰিষ্কাৰ, বেক্টেৰিয়া-ভেঁকুৰ-ভাইৰাছ সংক্ৰমিত খাদ্য খোৱাৰ ফলত বহু লোক ৰোগাক্ৰান্ত হয়৷ নিৰাপদ আৰু সুষম আহাৰে মানৱ শৰীৰৰ পুষ্টি যোগোৱাৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ কন্তু আমি গ্ৰহণ কৰা খাদ্য সুষম আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে নানা ৰোগে শৰীৰত দেখা দিব পাৰে৷ অপৰিষ্কাৰ, অপকাৰী ভাইৰাছ-বেক্টেৰিয়াই বাহ লোৱা খাদ্যৰ লগতে অধিক পৰিমাণৰ সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা শস্যৰ আহাৰ খালেও আমাৰ শৰীৰ ৰোগাক্ৰান্ত হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বত প্ৰায় ২৫০বিধ খাদ্যজনিত ৰোগে মানুহক ৰোগাক্ৰান্ত কৰাৰ উপৰি বহু লোকক যমৰ আলহী কৰে৷ বিশ্বত সম্প্ৰতি সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ভাইৰাছ চীনৰ য়ুহানৰ এখন খাদ্যৰ বজাৰৰ পৰাই সংক্ৰমিত হোৱা বুলি চৰ্চা হৈছিল৷ সম্প্ৰতি মানুহৰ খাদ্যাভ্যাস সলনি হৈছে৷ খাদ্যাভ্যাসৰ লগতে কৃষিপদ্ধতিৰো সলনি হৈছে৷ আধুনিক কৃষিপদ্ধতিয়ে জলবায়ু পৰিৱৰ্তনতো প্ৰভাৱ পেলাইছে৷ খাদ্যজনিত সমস্যাই মানৱ সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যজনিত ৰোগ আৰু পশু-পক্ষীৰ পৰা হোৱা ৰোগ হ্ৰাস কৰিবলৈ নতুন নীতি গ্ৰহণ কৰিছে, আৰু এই নীতিৰ আধাৰত ২০২৫ চনৰ ভিতৰত এনে ৰোগ হ্ৰাস কৰিব পাৰিব বুলি সংস্থাটোৱে আশা কৰিছে৷ 

খাদ্যই মানুহৰ শৰীৰত পুষ্টি যোগোৱাহে দৰকাৰ, শৰীৰত ব্যাধিৰ সৃষ্টি কৰা নহয়৷ কিন্তু মানুহৰ লোভ, পৰিষ্কাৰ-পৰিচ্ছন্নতাহীনতা আৰু অখাদ্য খোৱাৰ বাবেই মানুহ নানা ৰোগত আক্ৰান্ত হয়৷ ফলত খাদ্যৰ বাবেই অৰ্থনৈতিকভাৱেও জুৰুলা হয়, বিশেষকৈ চিকিৎসাৰ নামত৷ সেয়ে ৭ জুনত পালন কৰা বিশ্ব খাদ্য নিৰাপত্তা দিৱসত এইবেলিৰ শ্লোগান আছিল ‘সুস্বাস্থ্যৰ বাবে নিৰাপদ আহাৰ’৷ এইবেলিৰ বিশ্ব স্বাস্থ্য সুৰক্ষা দিৱসৰ দিনা কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে সম্প্ৰতি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীয়ে মানুহৰ খাদ্যৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছে৷ বিশেষকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু অণুজীৱ আক্ৰান্ত দূষিত খাদ্য মানুহে পাৰ্যমানে এৰাই চলিছে৷ খাদ্যৰ প্ৰতি সচেতন হোৱা বাবেই বহু লোক ৰোগ-ব্যাধিৰ পৰাও হাত সাৰি আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নিৰাপদ খাদ্যৰ বাবে কৃষকৰ পৰা ব্যৱসায়ী আৰু খাদ্য প্ৰস্তুতকাৰীৰ লগতে খাদ্য গ্ৰহণকাৰীও সচেতন হ’ব লাগিব৷ বিশ্বৰ প্ৰতিজন লোক নিৰাপদ আহাৰ গ্ৰহণৰ প্ৰতি সজাগ-সচেতন হ’লে ৰোগ-ব্যাধি বহু পৰিমাণে হ্ৰাস পাব আৰু ইয়ে মানুহৰ সুস্বাস্থ্যৰ লগতে আৰ্থিক উন্নয়নতো প্ৰভাৱ পেলাব৷