Logo
image

আৰক্ষীৰ ববৰ্ৰতা

ৰাজ্যখনত পুনৰ এজন যুৱকে আৰক্ষীৰ অত্যাচাৰত প্ৰাণ হেৰুৱাব লগা হ’ল৷ খবৰ মতে, নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত শ’লমাৰীৰ যুৱক ছোহাইব আখতাৰে আন লগৰীয়াৰ লগত মুকলি পথাৰত ক্ৰিকেট খেলি থকা অৱস্থাত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত যুৱকজনৰ ওপৰত লাঠী চাৰ্জ কৰে আৰু আৰক্ষীৰ এই অত্যাচাৰৰ পৰা হাত সাৰিবলৈ কাষৰ বিলত জাঁপ দিব লগা পৰিস্থিতি হয় আৰু সাঁতুৰিব নজনা আখতাৰৰ পানীত পৰি মৃত্যু হয়৷ এই ঘটনাই বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

ধৰি লোৱা হ’ল যুৱকসকলে আইন ভংগ কৰিছে৷ এতিয়া আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগতভাৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নে বেআইনীভাৱে দৌৰাই দৌৰাই পিটিব লাগে? কাৰণ আখতাৰৰ গাত আৰক্ষীৰ লাঠীৰ কোবৰ আঘাত স্পষ্ট হৈ আছে৷ যদি যুৱকসকলে ভুল কৰিছিল, তেন্তে তেওঁলোকৰ ওপৰত সান্ধ্য আইন ভংগৰ ধাৰাত গোচৰ ৰুজু কৰা কিয় নহ’ল?

যদি যুৱকসকলক সেই স্থানৰ পৰা আঁতৰাই পঠোৱাৰেই আৰক্ষীৰ উদ্দেশ্য আছিল, তেন্তে লাঠী চাৰ্জ নকৰা হ’লেও আৰক্ষীৰ আহ্বানত যুৱকসকল আঁতৰি নগ’লহেঁতেননে? এফালে লকডাউনসদৃশ পৰিস্থিতি, আনফালে ৰাজ্যখনৰ লাখ লাখ যুৱক-যুৱতী সংস্থাপনৰ অভাৱত হাহাকাৰ কৰি আছে৷ এনে অৱস্থাত খেলা-ধূলাৰ জৰিয়তে নিজৰ স্বাস্থ্য আৰু মন দুয়োটাই সজীৱ কৰি ৰখাটো অতি প্ৰয়োজন৷ ইয়াক নকৰিলে এইসকল যুৱকে মদ-ড্ৰাগ্‌ছ বা আন নিচাজাতীয় দ্ৰব্যৰ কবলত পৰি নিজৰ লগতে সমাজখনক ধ্বংস কৰি দিয়াৰ সম্ভাৱনাই অধিক৷ এইসকল যুৱক ধন্যবাদৰ পাত্ৰ এই বাবেই যে তেওঁলোকে ঘৰৰ চুকে চুকে জুৱাৰ আড্ডাত বহা নাই৷

মুকলি পথাৰত ক্ৰিকেট খেলিলে কৰ’না সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে নেকি? এইক্ষেত্ৰত একে আষাৰে নোৱাৰে বুলি কোৱাতকৈ আমি যদি চাওঁ সান্ধ্য আইন দিয়াৰ উদ্দেশ্য কি? মানুহবোৰ যাতে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ সঘন সৰবৰাহ কৰি ক’ভিড সংক্ৰমণ বৃদ্ধি কৰিব নোৱাৰে৷ এইসকল একেখন গাঁৱৰ যুৱকে মুকলি পথাৰত কৰা এই অনুশীলনে সেই সম্ভাৱনাক বৃদ্ধি নকৰে৷

বৰঞ্চ যদি দেখা যায় ৰাজ্যখনৰ মন্ত্ৰী-আমোলাসকলে এই ভয়াৱহ পৰিস্থিতিতো যিৰূপে ক’ভিড বিধি ভংগ কৰিছে, সেয়াহে চিন্তনীয় বিষয়৷ এটা শিৱ মন্দিৰলৈ যাওঁতেও মুখ্যমন্ত্ৰীৰ চৌপাশে শ শ মানুহৰ দৌৰা-দৌৰি সংবাদ মাধ্যমত দেখিবলৈ পোৱা যায়৷ মাজুলীৰ সত্ৰ পৰিদৰ্শনত ক’ভিড ৰোগীয়ে গামোচা পিন্ধাইছে, সমাজিক দূৰত্ব নোহোৱাকৈ শিশুৰ লগত ভোজন কৰিছে, সাংবাদিকসকলে গাত গা লগাই তাৰ লাইভ টেলিকাষ্ট কৰিছে, কাজিৰঙাত মুখ্যমন্ত্ৰী-আমোলাৰ উপস্থিতিত মেলাৰ দৰে মানুহ হোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে, সেইবোৰহে অতি ভায়াৱহ দৃশ্য৷ এনেবোৰ পৰিৱেশ বৰ্তি থকা অসমত এখন ক্ৰিকেট খেলৰ ওপৰত আৰক্ষী জঁপিয়াই পৰা কাৰ্যই আন এটা দিশহে পৰিস্ফুট কৰিছে৷

আমাৰ ৰাজ্যখনত আৰক্ষীয়ে সাধাৰণ মানুহৰ ওপৰত দাদাগিৰি কৰাটোৱেই আৰক্ষীৰ একমাত্ৰ কাম বুলি ধৰি লয়৷ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানজনেও সান্ধ্য আইন প্ৰৱৰ্তন কৰোঁতে তেনে ভাষাৰেই কথা কোৱাত আচলতে তেওঁৰ বাহিনীটো আৰু অধিক উৎসাহিত হৈ উঠাটো স্বাভাৱিক৷ যি ভাষাৰে সান্ধ্য আইন সফল কৰাৰ বাবে আৰক্ষীয়ে বল প্ৰয়োগ কৰাত অনুজ্ঞাপত্ৰখন সঞ্চালকপ্ৰধানে দিছিল, তাৰ বিপৰীতে তেওঁ আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰহে পোষকতা কৰিব লাগিছিল৷

আৰক্ষীৰ অত্যাচাৰত মৃত্যু হোৱা এইটোৱেই প্ৰথম ঘটনা নহয়৷ বিভিন্ন সময়ত বিভিন্ন ব্যক্তি আৰক্ষীৰ অত্যাচাৰত মৃত্যু হৈছে৷ থানাৰ ভিতৰতো মৃত্যু হৈছে৷ এনে মৃত্যুৰ এটা চাঞ্চল্য সৃষ্টিকাৰী মৃত্যু আছিল বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যু৷ আজিৰ পৰা ১১ মাহ পূৰ্বে আৰক্ষীয়ে নিশা ঘৰৰ পৰা উঠাই নি পুৱা পৰিয়ালক মৃতদেহ গতাই দিছিল৷ এজন সুস্থ যুৱকৰ আৰক্ষীৰ অত্যাচাৰত মৃত্যু হৈছিল৷ আজি ১১ মাহে কিন্তু সেই ঘটনাৰ কোনো বিচাৰ নহ’ল৷ ছোহাইব আখতাৰৰ ক্ষেত্ৰতো যে সেয়ে হ’ব সি নিশ্চিত৷ আৰক্ষীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব৷ কিন্তু এজন যুৱকৰ অহেতুক মৃত্যু হ’ল, সিহে ডাঙৰ প্ৰশ্ন!