অসম চৰকাৰৰ জলবায়ু পৰিৱৰ্তন বিভাগ
বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমত সুকীয়াকৈ ‘জলবায়ু পৰিৱৰ্তন বিভাগ’ এটা খোলাৰ কথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ অন্য এক প্ৰকাশিত বাতৰি মতে, চৰকাৰে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগটো বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন নামেৰে পুনৰ নামকৰণ কৰিছে৷ মুঠৰ ওপৰত অসমৰ নতুন চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে, নহ’লে চৰকাৰ গঠনৰ এমাহৰ ভিতৰতে এনে ঘোষণা নহ’লহেঁতেন৷ অৱশ্যে, এই কথাটোও সত্য যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোত অসম চৰকাৰে পূৰ্বতেও দুই-এক পদক্ষেপ হাতত লৈছিল৷ উদাহৰণস্বৰূপে, ২০১৫ চনৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এখন ৯২ পৃষ্ঠাজোৰা প্ৰতিবেদন অসম চৰকাৰে প্ৰকাশ কৰি উলিয়াইছিল৷ তাত বিষয়টো সম্পৰ্কে কিছু বহলাই চৰ্চা কৰা আছে৷ কোনবোৰ দিশত ব্যৱস্থা ল’লে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিব পৰা যাব, সেইবোৰো উল্লেখ কৰা আছে৷ এই প্ৰতিবেদনত ‘অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি’ এখন গঠন কৰাৰ বাবেও প্ৰস্তাৱ ৰখা আছে৷ অসম চৰকাৰ অথবা সংশ্লিষ্ট বিভাগে পূৰ্বৰ এই প্ৰতিবেদনৰ ভিত্তিত কিধৰণৰ কাম-কাজ আগবঢ়াই নিলে, তাৰ এটা খতিয়ান পালে, নি(য়কৈ নতুনকৈ গঠন কৰিব খোজা বিভাগটোৱে কাৰ্যসূচী প্ৰস্তুত কৰাত সুবিধা হ’ব৷ পূৰ্বৰ প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তনৰ সৈতে সাঙোৰ খাই থকা কেতবোৰ দিশ, যেনে জাবৰ নিষ্কাশন, অনাময় আৰু নলা-নৰ্দমা, খোৱাপানী আৰু মানৱ-স্বাস্থ্য ব্যৱস্থাপনা আদিৰ বিষয়ে উল্লেখ কৰা আছেই৷ এইবাৰো মুখ্যমন্ত্ৰীয়ে পুনৰ নবীকৰণ কৰিব পৰা শক্তি উদ্ভাৱন আৰু ব্যৱহাৰ, জলসম্পদ ব্যৱস্থাপনা, কৃষি আৰু আনুষংগিক খণ্ডসমূহৰ ভৱিষ্যৎ সংযোজিত ‘মডেল’ কাৰ্যক্ষম কৰিব পৰাকৈ দেশ-বিদেশৰ বিনিয়োগ আহ্বান কৰিব বুলি সদৰী কৰিছে৷ মুখ্যমন্ত্ৰীয়ে এইবুলিও কৈছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰ্য-পৰিকল্পনাত অসম বিশ্বত অগ্ৰণী হিচাপে পৰিগণিত হ’ব৷ মন কৰিবলগীয়া যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো অকল এখন ৰাজ্য বা দেশৰ সৈতে সুকীয়াকৈ জড়িত নহয়৷ ই সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা এটা বিষয়৷ সেয়েহে, স্থানান্তৰত ই বহুলভাৱে চৰ্চিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ বহনক্ষমতাযুক্ত উন্নয়ন লক্ষ্যৰ ভিতৰতো ইয়াক গুৰুত্বসহকাৰে অন্তৰ্ভুক্ত কৰা হৈছে৷ বিশ্বৰ প্ৰায় ১৯৭খন দেশ সন্মিলিত হৈ পেৰিছত গ্ৰহণ কৰা সন্মতি-চৰ্ত অনুসৰি দেশসমূহে কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণৰ হ্ৰাস, উষ্ণতা হ্ৰাস আদিৰ বাবে জোৰদাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে৷ এইবাৰৰ পৰিৱেশ দিৱসত ঘোষণা কৰা ‘বিশ্ব পৰিৱেশতন্ত্ৰ পুনৰুজ্জীৱন দশক’ সফল কৰিবলৈ হ’লে জলবায়ু পৰিৱৰ্তনৰ দিশটোক গুৰুত্বসহকাৰে ল’বই লাগিব৷ গতিকে, ‘গ্ল’বেল লীডাৰ’ হ’বলৈ নোযোৱাকৈও আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে এই দিশত আলোকপাত কৰাটোও এটা যোগাত্মক কথা৷ অসমৰ দৰে তুলনামূলকভাৱে কম জনমূৰি আয় আৰু মধ্যমীয়া মানৱ সম্পদ [স্বাস্থ্য আৰু শিক্ষা] যুক্ত, কৃষিপ্ৰধান অথচ বানঅধ্যুষিত ৰাজ্য এখনৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো অত্যন্ত চিন্তনীয়৷ অতীতৰ পৰা ৰাজ্যখনক বিধবস্ত কৰা বানৰ ক্ষেত্ৰত এক পৰিকল্পিত ব্যৱস্থাপনা গ্ৰহণৰ কাৰ্যসূচী ল’ব লাগে, য’ত ‘ৱাটাৰ-হাৰভেষ্টিঙ’ৰ নিচিনা বিষয়েও প্ৰাধান্য পাব৷ দ্ৰুত নগৰীকৰণ আৰু দায়িত্বহীন উপভোগ কৰ্ম-কাণ্ডই গুৱাহাটী মহানগৰীকে ধৰি আন নগৰ-চহৰৰ জাবৰ-নিষ্কাশনৰ সমস্যাটো অতি জটিল কৰি তুলিছে৷ লগতে, পয়-প্ৰণালী ব্যৱস্থাটো আধুনিক প্ৰযুক্তিৰে পুনৰ নিৰ্মাণ কৰাৰ বিষয়টোও অতি জৰুৰী হৈ পৰিছে৷ অন্যথা, ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ জলসম্পদ প্ৰদূষিত হৈয়েই আছে৷ জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত সমস্ত দিশ বিজ্ঞানসন্মত দৃষ্টিভংগীৰেহে বিবেচনা কৰিব লাগিব৷ চাবলৈ গ’লে বান, জাবৰ, জলসম্পদ প্ৰদূষণ, কৃষি, শক্তি আদি প্ৰতিটোৰ বাবেই ভাগে ভাগে বিভাগ আছে, বাজেট আছে, পৰিকল্পনা আৰু কৰ্মসূচীও আছে৷ কিন্তু, যিহেতু সমস্যাবোৰ আঁতৰা নাই, সেয়েহে নতুন চৰকাৰে অতি গভীৰভাৱে বিবেচনা কৰি ব্যৱস্থা হাতত ল’ব লাগে৷ ৰাজনীতি, আমোলাতন্ত্ৰৰ স্বাৰ্থান্বেষী পাকচক্ৰত পৰি যাতে মুখ্যমন্ত্ৰীজনৰ জলবায়ু পৰিৱৰ্তনৰ কৰ্ম-আঁচনি গ্ৰহণৰ ক্ষেত্ৰত ‘গ্ল’বেল লীডাৰ’ হোৱাৰ ঘোষণা অথলে নাযায়, সেয়াই সবাৰো কাম্য৷






