চৰকাৰৰ এমহীয়া ৰিপ’ৰ্ট কাৰ্ডত প্ৰতিফলিত হ’ল ৰাজনৈতিক সদিচ্ছাৰ
ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱগঠিত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰে শপত গ্ৰহণৰ পৰা এমাহ সম্পূৰ্ণ কৰালৈকে এই সময়ছোৱাত বহুকেইটা উল্লেখযোগ্য পদক্ষেপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ড্ৰাগ্, গৰু-কয়লা ছিণ্ডিকেট, চুপাৰি ছিণ্ডিকেট আদিৰ বিৰুদ্ধে এক আপোচবিহীন স্থিতি ঘোষণাৰ উপৰি কথাৰ লগতে কামৰো পৰিচয় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ লোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া দলে-বলে অপৰাধী গ্ৰেপ্তাৰ হৈছে৷ লক্ষণীয়ভাৱে বিজেপি-চৰকাৰৰ যোৱা শাসনকালৰ সময়ছোৱাতো ড্ৰাগ্, গৰু, কয়লা, চুপাৰি, শিল-বালি আদিৰ অবাধ ছিণ্ডিকেটৰ বিষয়ে দৃশ্য-শ্ৰব্য আৰু ছপা মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছিল যদিও সেয়া সামান্যতমো বন্ধ হোৱা নাছিল৷ তাৎপৰ্যৰ বিষয় এনেদৰে নীতিবহিৰ্ভূত ব্যৱসায়সমূহ চলি থকাৰ ফলত বিশেষকৈ কয়লা, চুপাৰি আদি ছিণ্ডিকেটসমূহৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ জি এছ টি-কে ধৰি বহু কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছিল৷ আনহাতে শীৰ্ষ ৰাজনৈতিক মহলৰ সেউজ সংকেত নাপালে যে নেতা-পালিনেতা, বিষয়া, আৰক্ষী, মধ্যভোগী দালাল, ব্যৱসায়ী আদিয়ে এই কাম হেলাৰঙে কৰিব নোৱাৰে তাৰ বিষয়ে দোহৰাৰ প্ৰয়োজন নাই৷ নক’লেও হ’ব এনে অবৈধ ব্যৱসায়সমূহে অতি সহজতে ধন অহাৰ বাট মোকলোৱাৰ বাবে বিগত সময়ছোৱাত অসমত এটা বৃহৎ অপৰাধী চক্ৰই পোখা মেলি ৰাজ্যখনৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছিল৷ ড্ৰাগ্ৰ অবৈধ ব্যৱসায়ে অসমৰ সৰু-বৰ নগৰ, চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈকে পোখা মেলাৰ ফলত নৱ প্ৰজন্মৰ বহু লোকৰ জীৱন ধবংসৰ দিশে ধাৱমান হৈছে৷ কোৱা বাহুল্য ড্ৰাগ্ৰ বিৰুদ্ধে সমাজৰ সৰ্বস্তৰত এক সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আৰক্ষীৰ শীৰ্ষ নেতৃত্বই বিভিন্ন উদ্ভাৱনী চিন্তাৰ প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও আজিৰ দৰে ড্ৰাগ্ বেপাৰী, সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ এতিয়া সৌ সিদিনালৈকে বিভিন্ন অবৈধ ছিণ্ডিকেট, ব্যৱসায় চলি থকা জিলাসমূহত কাৰ্যনিৰ্বাহ কৰা আৰক্ষী অধীক্ষকৰ পৰা বিভিন্ন পৰ্যায়ৰ বিষয়াসকল হঠাৎ ৰত্নাকৰৰ পৰা বাল্মিকী হৈ এইবোৰৰ বিৰুদ্ধে জপিয়াই পৰিছে৷ অসমৰ ৰাইজে আন্তৰিকতাৰে কামনা কৰে যে এই ভূমিকাবোৰ যাতে চিৰস্থায়ী হওক৷ অবৈধ ছিণ্ডিকেটৰ উপৰি আধ্যাত্মিক স্থান, নামঘৰ আদিৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগৰ ফলত কেইটামান দিনৰ ভিতৰতে শ-শ বিঘা মাটি বেদখলমুক্ত হ’ল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি গুৱাহাটীৰ পৰা অসমৰ প্ৰায়বোৰ নগৰ-চহৰতে ভূ-মাফিয়াই অতি কৌশলেৰে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ দখলত ৰাখিছে যদিও কাৰ বিৰুদ্ধে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ যোৱা এমাহত চৰকাৰখনে সংৰক্ষিত বনাঞ্চল বৃদ্ধি কৰা, এন আৰ এলত নিজৰ অংশীদাৰিত্ব চ্ছ শতাংশলৈ বৃদ্ধি কৰা, আৰক্ষীৰ ব্যাপক সংস্কাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ, ১ লাখ নিবনুৱাৰ নিযুক্তি আৰু ক্ষুদ্ৰ ঋণ ৰেহাইৰ ঘোষণা, ক’ভিড মেনেজমেণ্টৰ বাবে বিশেষ উদ্যোগ, বানমুক্ত অসমৰ বাবে পৰিকল্পনা আদি বহু উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ উপৰি বহু কেইজন মন্ত্ৰীয়ে যোৱা মাহটোত বিশেষ সক্ৰিয় ভূমিকা গ্ৰহণ কৰি সংশ্লিষ্ট প্ৰশাসন, বিষয়াবৰ্গৰ সৈতে সঘন আলোচনা, ব্যৱস্থা গ্ৰহণৰ যোগেদি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এখন ৰাজ্যৰ বিকাশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটোৱে হ’ল ৰাজনৈতিক সদিচ্ছা (Political will) আৰু নেতৃত্বৰ দক্ষতা৷ যোৱা মাহটোত ড্ৰাগ্ছ, কয়লা, চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থাৰ অন্তৰালত যে প্ৰৱল ৰাজনৈতিক সদিচ্ছা আছে সেয়া জল্জল পট্পট হৈ পৰিছে৷ আমাৰ দেশৰ ৰাজনৈতিক কাঠামোটো এনেদৰে গঠন হৈছে যে শীৰ্ষ ৰাজনৈতিক নেতৃত্বই যদি বিচাৰে তেন্তে বহু কামেই হ’ব পাৰে৷ সেয়া ভাল কামো হ’ব পাৰে বেয়া কামো হ’ব পাৰে৷ ব্যুৰ’¸ক্ৰেট, আৰক্ষী বা অন্যান্য বিষয়া, কৰ্মচাৰীয়ে নিজা বিবেক-বিবেচনাৰ দ্বাৰা পৰিচালিত হৈ এটা পৰ্যায়লৈকেহে দৃঢ়তাৰে কাম কৰিব পাৰে৷ এটা সময়ত তেওঁলোকে যদি চৰকাৰৰ শীৰ্ষ মহলৰ সেউজ সংকেত নাপায় তেতিয়া তেওঁলোক থমকি যায়৷ আনহাতে এক গৰিষ্ঠসংখ্যকে সময়ৰ দাবী বুলি ছিষ্টেমে বিচৰা ধৰণে কাম কৰে৷ এমাহৰ কাম-কাজতে চৰকাৰ এখনৰ মূল্যায়ন হ’ব নোৱাৰে৷ কিন্তু আৰম্ভণি যে আশাব্যঞ্জক তাক ক’ব পাৰি৷ নতুন চৰকাৰৰ প্ৰৱল ৰাজনৈতিক সদিচ্ছাৰ বাবে নোহোৱা বহু কাম হোৱাৰ পাছত চৰকাৰৰ অৱশ্যেই দায়িত্ব হ’ব ধাৰাবাহিকতা অটুট ৰখাৰ!






