গুৱাহাটীৰ সমস্যা আৰু উন্নয়নৰ বাধা
অসমৰ ৰাজধানী আৰু উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী আজিকালি এজাক সাধাৰণ বৰষুণতে ডুব যায়৷ এজাক দোপালপিটা বৰষুণত ভাহি যায় গুৱাহাটীবাসীৰ অহংকাৰ, আভিজাত্যত লাগে বোকাপানীৰ দাগ৷ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা-পানীয়ে আবদ্ধ কৰে মহানাগৰিকৰ বাতানুকূল গাড়ীবোৰ আৰু এনেকৈয়ে স্মাৰ্ট চিটীৰ ধাৰণাটোক দুৰ্বল কৰি পেলায়৷
শ্বিলঙৰ পৰা দৌৰাদৌৰিকৈ নমাই অনা ৰাজধানীখনত বিগত কালত চলিল অপৰিকল্পিত আৰু অবৈজ্ঞানিক নিৰ্মাণকাৰ্য৷ চৰকাৰৰ স্পষ্ট নীতিৰ অভাৱত ব্যক্তিগত সোপানবোৰে লহপহকৈ বাঢ়ি গুৱাহাটীখনকে বাসৰ অনুপযোগী কৰি তুলিলে৷ যধেমধে চলা ওখ-ওখ ঘৰৰ নিৰ্মাণে সৰু সৰু ঘৰবোৰৰ বাসিন্দাৰ টোপনি হৰিলে৷ এটা অলপ ডাঙৰ ভূমিকম্প আহিলেই সকলো থানবান হ’ব নেকি বুলি ভয় এটা সকলোৱে কঢ়িয়াই লৈ ফুৰিবলগীয়া হ’ল৷ ভূমিকম্প অহাৰ খবৰ বিয়পি পৰাৰ পাছতে ক্ষয়-ক্ষতিৰ হিচাপ বিচাৰি ফুৰা হয়৷
বৰষুণৰ পানীৰ আতংকই খেদি ফুৰা গুৱাহাটীৰ বাসিন্দাক জুৰুলা কৰে খোৱাপানীৰ অভাৱে৷ বৃহত্তৰ গুৱাহাটীৰ বেছিভাগ অঞ্চলতে খোৱাপানীৰ সমস্যাই আলোচনাত স্থান পায়৷ চৰকাৰ সলনি হ’লেও খোৱাপানীৰ সমস্যা আঁতৰা নাই৷ দীৰ্ঘদিন ধৰি চলি থকা বিদেশী কৌশলৰ পানী যোগান আঁচনিবোৰ চলি থকাই শুনা গৈছে৷
বৰষুণৰ পানী আৰু খোৱাপানীৰ সমস্যাত কক্বকাই থকা মহানগৰখনত দিনে দিনে বাঢ়িছে যান-জঁটৰ সমস্যা৷ সৰু সৰু পথেৰে লানি লানি গাড়ী-মটৰৰ শাৰী৷ এঘণ্টাৰ পথত দুঘণ্টা তেল পুৰি চলিছে মহানগৰীৰ যাত্ৰা৷ সকলোকে জ্বলা-কলা কৰা যান-জঁটৰ সমস্যাটোৰ হোৱা নাই সহজ সমাধান৷
একাংশ মহানাগৰিকৰ অমানৱীয় আচৰণ আৰু কতৃৰ্পক্ষৰ সোপাধিলা নীতিৰ বাবে গুৱাহাটীৰ উপপথবোৰ এতিয়া নৰক যন্ত্ৰণাৰ কুণ্ড হৈ পৰিছে৷ আন নালাগে পাঁচ বছৰ জলসম্পদ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা কেশৱ মহন্ত যিটো দলৰ কাৰ্যকৰী সভাপতি সেই দল অগপৰ মুখ্য কাৰ্যালয় অৱস্থিত আমবাৰীৰ উপপথটোৱে সামান্য এজাক বৰষুণত বোকাপানীত ডুব যায়৷ চৰকাৰী নীতিৰ শিথিলতাৰ বাবে মানুহৰ ঘৰবোৰ ওখ হৈ যোৱাৰ ফলত বিভিন্ন উপপথবোৰ দিনে দিনে ঠেক হৈ যাবলৈ ধৰিছে৷ পানী বোৱাই নিয়াৰ বৈজ্ঞানিক পথ নথকাৰ ফলত প্ৰায়বোৰ উপপথত থকা নলা-নৰ্দমাৰ পানীবোৰ ওলোটাই ব’ব ধৰে৷ চৰকাৰৰ চকুৰ আগতে পাহাৰত চলি থকা অত্যাচাৰৰ বাবে বৰষুণৰৰ পাছতে সমতল অঞ্চলত ৰঙচুৱা বোকাৰ দ’ম বান্ধে৷ বাৰিষা আহিলেহে নলা-নৰ্দমা চাফা কৰিবলৈ ভালপোৱা এচাম ঠিকাদাৰ-ইঞ্জিনিয়াৰৰ লোভৰ লালসাত মহানগৰবাসীয়ে জীয়াতু ভুগিবলগীয়া হয়৷
গুৱাহাটীৰ সমস্যা কোনোবাই সমাধান কৰিব পাৰিব বুলি মানুহে বিশ্বাস কৰিব নোৱৰা পৰ্যায় পাইছে৷ এটা সময়ত গুৱাহাটী উন্নয়নৰ দায়িত্ব দিয়া হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ দায়িত্ব লৈয়ে ডাঙৰ ডাঙৰ পৰিকল্পনা লোৱা আজিৰ মুখ্যমন্ত্ৰী শৰ্মাই এদিন গুৱাহাটী উন্নয়নৰ দায়িত্ব এৰি দিবলৈ বাধ্য হৈছিল৷ তাৰপাছত দায়িত্ব লৈ অজন্তা নেওগে কি কৰিলে সেয়া এতিয়া পাহৰণিৰ গৰ্ভত৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যৰ দিনত গুৱাহাটীৰ সমস্যা কমক চাৰি বাঢ়িলহে৷ এতিয়া দায়িত্ব দিয়া হৈছে বিতৰ্কই খেদি ফুৰা অশোক সিংঘলক৷ দায়িত্ব লৈয়ে গেমছ ভিলেজৰ ফ্লেট বিক্ৰী কেলেংকাৰীত নাম খোদিত কৰা মন্ত্ৰী সিংঘলে ইতিমধ্যে নৈতিকতাৰ বিচাৰত উঠিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই এমাহতে চাৰিখনকৈ কেবিনেট পাতি অজস্ৰ সিদ্ধান্ত লৈ কাম কৰাৰ বাবে আগবাঢ়িছে৷ কাম বেছি হয় নে প্ৰচাৰ বেছি হয় সেয়া সময়ত ওলাব৷ চৰকাৰখন কেৱল ৰাজধানী গুৱাহাটীৰ সমস্যা সমাধান কৰিবলৈ গঠন হোৱা নাই যদিও গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব পৰিৱৰ্তিত অসমৰ ছবি৷
গুৱাহাটী পৌৰ নিগম সমস্যাক লৈ ভাৰাক্ৰান্ত৷ সমস্যাৰে ভাৰাক্ৰান্ত পৌৰ নিগমৰ আয়ুক্ত হিচাপে নতুনকৈ দায়িত্ব দিয়া হৈছে দেৱাশিস¸ শৰ্মা নামৰ এ চি এছ বিষয়াজনক৷ পূৰ্বৰ দায়িত্বত থাকোঁতে ৰাইজৰ সেৱা কৰি সুনাম অৰ্জন কৰা এ চি এছ বিষয়াজনে দায়িত্ব লৈয়ে মহানগৰৰ সমস্যাসমূহৰ বুজ লৈ ফুৰিছে৷ উপযুক্ত ব্যক্তি এজনক আয়ুক্তৰ দায়িত্ব দিয়া হৈছে বুলি ৰাইজৰ মাজত আলোচনা হৈছে৷ মন্ত্ৰীৰ দাদাগিৰি, ঠিকাদাৰৰ দপ্দপনি আৰু একাংশ মহানাগৰিকৰ তৰল মানসিকতাই বাধা নিদিলে আগত দিনত গুৱাহাটীৰ সমস্যাৰ গুৰিখিনি আৱিষ্কৃত হ’ব বুলি ধৰা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে গুৱাহাটীৰ উন্নয়নৰ বিষয়টো চেলেঞ্জ হিচাপে লৈ আগবাঢ়িব লাগিব৷ পৌৰ নিগমক নিকা আৰু শক্তিশালী কৰি কাম কৰাৰ বাবে বাধ্য কৰাব লাগিব৷






