অসমৰ ৰাষ্ট্ৰীয় উদ্যান
ৰাইম’না সংৰক্ষিত বনাঞ্চল আৰু দিহিং পাটকাই বন্যপ্ৰাণী বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ পাছত অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বৃদ্ধি পালে সাতখনলৈ৷ মধ্য প্ৰদেশ আৰু আন্দামান নিকোবৰৰ পাছত অসম এতিয়া হ’লগৈ সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা দেশৰ দ্বিতীয়খন ৰাজ্য৷ বি টি আৰৰ অন্তৰ্গত ৰাইম’না ৰাষ্ট্ৰীয় উদ্যান ৪২২ বৰ্গ কিলোমিটাৰ আৰু উজনি অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ২৩৪.২৬ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে৷ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত নতুনকৈ এই দুখন সংযোজিত হোৱাৰ ফলত ৰাজ্যখনত বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত নতুন মাত্ৰা পাব বুলি আশা কৰা হৈছে৷ তাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰখনতো এই দুখন ৰাষ্ট্ৰীয় উদ্যানে ইতিবাচক ভূমিকা ল’ব পাৰিব বুলি আশা কৰা হৈছে৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ লগতে উদ্যানৰ মাটিত যাতে বেদখল হ’ব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ বাবে উক্ত অঞ্চলবোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বনৰক্ষীক দিব লাগিব উন্নতমানৰ সা-সৰঞ্জাম৷ ৰাজ্যৰ বিভিন্ন ঠাইত থকা ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ আন্তঃগাঁথনি উন্নত নোহোৱা আৰু বনকৰ্মীৰ হাতত পৰ্যাপ্ত সা-সৰঞ্জাম নথকাৰ বাবে বিভিন্ন সময়ত অবাঞ্ছিত ঘটনাৰ সৃষ্টি হোৱাৰো অভিযোগ শুনা যায়৷ অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত চোৰাং চিকাৰীৰ উপদ্ৰৱ আৰু বেদখলৰ ঘটনাক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত যথেষ্ট হুলস্থূল হৈছিল৷ বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত বহু বন্যপ্ৰাণী জীৱনলৈ ভাবুকি আহি পৰে৷ এইবোৰ প্ৰাণীক সুৰক্ষা প্ৰদান কৰে ৰাষ্ট্ৰীয় উদ্যানে৷ ৰাষ্ট্ৰীয় উদ্যান এখনৰ মূল লক্ষ্য হৈছে এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু জীৱ- বৈচিত্ৰ্যক সুৰক্ষা দিয়া৷ সংৰক্ষিত বনাঞ্চলৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানৰ নিয়ম-নীতি অধিক কঠোৰ হয়৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানৰ সীমা নিৰ্ধাৰণ কৰা থাকে৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো মানৱিক কৰ্ম-কাণ্ডৰ অনুমতি নাথাকে৷ বনকৰ্মীৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন কোনো লোকৰো প্ৰৱেশৰ অনুমতি নাথাকে৷ এইবোৰ নিশ্চিত কৰিবলৈ হ’লে ৰাষ্ট্ৰীয় উদ্যানবোৰত নিয়মিত পহৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেয়া সম্ভৱ হ’ব উপযুক্তভাৱে প্ৰশিক্ষিত বনৰক্ষীৰ নিয়োগ আৰু তেওঁলোকৰ বাবে উন্নতমানৰ সা-সৰঞ্জামৰ ব্যৱস্থা কৰিলেহে৷ তদুপৰি দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী আৰু আন সন্দেহজনক লোকৰ গতিবিধিৰ ওপৰত চকু ৰখাৰ বাবে সহায় লোৱা হয় উন্নত প্ৰযুক্তিৰ৷
প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বনাঞ্চল এখনে অঞ্চলটোৰ জীৱ- বৈচিত্ৰ্যত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব পাৰে৷ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাতো বনাঞ্চলবোৰৰ বহুখিনি ভূমিকা থাকে৷ দেশৰ সকলো সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা আছে৷ এয়া নিশ্চিত কৰাৰ কাম ৰাজ্য চৰকাৰৰ৷ এইক্ষেত্ৰত স্থানীয় লোক আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে চৰকাৰৰো কৰিবলগীয়া বহুখিনি আছে৷ অসমত নতুনকৈ দুখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা কাৰ্যক ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে আদৰণি জনাইছে৷ লগতে তেওঁলোকে পূৰ্বৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা সমস্যাবোৰ দূৰ কৰাৰ বাবেও চৰকাৰক আহ্বান জনাইছে৷ নগাঁৱৰ কন্দলি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত তপতজুৰি পাহাৰত যোৱা মাহত ১৮টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাতীকেইটাৰ বজ্ৰপাতত মৃত্যু হোৱা বুলি কোৱা হৈছে যদিও বন্যপ্ৰাণীপ্ৰেমী সংগঠনবোৰে এই প্ৰতিবেদন মানি ল’ব বিচৰা নাই৷ এয়া দুষ্কৃতিকাৰীৰ কাণ্ড বুলিহে আশংকা কৰা হৈছে৷ অসমৰ কোনো সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানত ভৱিষ্যতে যাতে এনেধৰণে বন্যপ্ৰাণীৰ মৃত্যু নহয় সেয়াও নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা হৈছে৷ এনেধৰণৰ ঘটনাৰ পৰা শিক্ষা লৈ চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলবোৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে চৰকাৰে সক্ৰিয় ভূমিকা লোৱাটো হৈছে সময়ৰ আহ্বান৷






