জনস্বাস্থ্যৰ দশা
স্বাস্থ্যই পৰম ধন৷ সুস্বাস্থ্যৰ অধিকাৰীজনেহে সাধাৰণতে কামত কৃতিত্ব লাভ কৰে৷ জৰাগ্ৰস্ত লোকে জীৱনকালত নানা আহুকালৰ সন্মুখীন হয়৷ সেয়ে প্ৰতিজন লোকেই ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব বিচাৰে৷ ৰোগমুক্ত জীৱন লাভৰ বাবে প্ৰতিজন লোকেই ইচ্ছা কৰে৷ কিন্তু মানুহৰ জীৱনশৈলী, বৃত্তি, খাদ্যাভ্যাস আৰু পাৰিপাশ্বিৰ্কতাৰ বাবে বিভিন্ন সময়ত ৰোগাক্ৰান্ত হয়৷ স্বাস্থ্য সচেতন কিছু লোকে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাই নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে৷ প্ৰতিজন লোকেই নিজৰ সাধাৰণ জ্ঞানেৰে ৰোগমুক্তিৰ পথ বিচাৰে; অৱশ্যে ৰোগ জটিল বা দুৰাৰোগ্য বুলি গম পালে চিকিৎসকৰ ওচৰ চাপে৷ গ্ৰাম্য অঞ্চলত এতিয়াও চিকিৎসক পৰ্যাপ্ত নোহোৱাৰ বাবে গাঁৱলীয়া লোকে আজিও জৰা-ফুঁকা, কবিৰাজ আদিৰ ওপৰতে চিকিৎসাৰ বাবে নিৰ্ভৰ কৰে৷ তদুপৰি শিক্ষাৰ অভাৱৰ বাবেও গ্ৰামাঞ্চলত চিকিৎসাৰ নামত এচাম লোক অন্ধবিশ্বাসৰ বলি হয়৷
উল্লেখ্য, ভাৰতত প্ৰতি চাৰিখন গাঁৱৰ মাজত একোখন স্বাস্থ্যকেন্দ্ৰ আছে যদিও অসমত কিন্তু ছখন গাঁৱৰ মাজতহে একোখন স্বাস্থ্যকেন্দ্ৰ আছে৷ তদুপৰি অধিকাংশ স্বাস্থ্যকেন্দ্ৰতে নাই চিকিৎসক তথা চিকিৎসাকৰ্মী৷ কোনোবা স্বাস্থ্যকেন্দ্ৰত নাৰ্ছ থাকে যদিও তেওঁলোকে নিয়াৰিকৈ নিজৰ দায়িত্ব পালন নকৰাৰ অভিযোগ পোৱা যায়৷ তদুপৰি যিসমূহ গ্ৰাম্য স্বাস্থ্যকেন্দ্ৰত চিকিৎসক আছে, সেয়াও নামতহে, কাৰ্যতঃ তেওঁলোকে নগৰীয়া অঞ্চলৰ চিকিৎসালয়তহে ব্যস্ত থাকে বুলি অভিযোগ পোৱা যায়৷ ফলত গ্ৰাম্য অঞ্চলত চিকিৎসা বিজ্ঞানৰ কোনো পাঠ্যক্ৰম অধ্যয়ন নকৰা এচাম লোকেই চিকিৎসা চলাই জনজীৱনক লৈ হেতালি খেলি আহিছে৷ শেহতীয়াকৈ অসমৰ কেইবাখনো চাহ বাগিচাত নিযুক্ত চিকিৎসক ভুৱা বুলি বাতৰি প্ৰকাশ পাইছে৷ উল্লেখ্য, মঙলবাৰে ডিব্ৰুগড়ৰ হাতীখোলা চাহ বাগিচাৰ হাস্পতালত চিকিৎসকৰূপে কৰ্মৰত ভুৱা চিকিৎসক আহমেদ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ উপৰি ৩ জুনত ডিব্ৰুগড়ৰে মালৈবাৰী চাহ বাগিচাৰ ভুৱা চিকিৎসক চিমন নাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ প্ৰৱেশিকা পৰীক্ষাই উত্তীৰ্ণ হ’ব নোৱৰা চিমন নাগে নিজকে ডাঃ ষ্টিফেন এন্থনী বুলি পৰিচয় দি চিকিৎসা সেৱা চলাই গৈছিল৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰতো ডিব্ৰুগড়ৰ এণ্ড্ৰিউ যুলে টিংখং চাহ বাগিচাৰ পৰা পংকজ কুমাৰ নাথ নামৰ এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল৷ ইফালে, খোদ গুৱাহাটী মহানগৰীতে চলিত মাহতে জালুকবাৰী অঞ্চলৰ পৰা অমিত কুমাৰ নামৰ এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, চৰ্মৰোগ বিশেষজ্ঞৰূপে নিজকে চিনাকি দিয়া ভুৱা চিকিৎসকজনে বিভিন্ন ঠাইৰ ব্যক্তিগত খণ্ডৰ হাস্পতালতো চিকিৎসা সেৱা আগবঢ়াইছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷ হয়তো ৰাজ্যখনত আৰু বহু ভুৱা চিকিৎসক আছে৷ ভগৱান জ্ঞান কৰি ৰোগীয়ে যিজন লোকৰ ওচৰলৈ যায়, সেইজন লোকেই যদি চিকিৎসাৰ নামত জনজীৱনক লৈ হেতালি খেলে, তেন্তে সাধাৰণ লোকে যাব ক’লৈ? যি সময়ত চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নয়ন হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত চিকিৎসা সম্ভৱ হৈছে, তেনে সময়ত অসমত ভুৱা চিকিৎসকৰ হাতত চিকিৎসা কৰাই ৰোগীয়ে জীৱন যন্ত্ৰণাত চটফটাইছে বা অকালতে মৃত্যুক আকোঁৱালি লৈছে৷ ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে প্ৰকৃত চিকিৎসকক চিনাক্ত কৰিবৰ বাবে চিকিৎসকৰ পঞ্জীয়ন নম্বৰৰ বৈধতা সকলোৱে প্ৰমাণ কৰিব পৰাকৈ এক আহিলা প্ৰস্তুত কৰিব নোৱাৰেনে? তদুপৰি অসমত যিমান চিকিৎসক আছে, সেইসকলৰ মাজত কোনবোৰ ভুৱা আৰু কোনবোৰ প্ৰকৃত চিকিৎসক তাক প্ৰশাসনে বিচাৰি উলিয়াই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰেনে? ভুৱা চিকিৎসক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাৰ উপৰি ভুৱা চিকিৎসা সঁজুলিৰ ব্যৱসায় কৰাসকলকো বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিব লাগে৷ অন্যথা ৰাজ্যখনত ভুৱা চিকিৎসক আৰু চিকিৎসা সামগ্ৰীয়ে জনজীৱন পংগু কৰিব৷






