Logo
image

হিমাচলৰ বুকুত মুকলি হ’ল বিশ্বৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সুৰংগ ’অটল টানেল’

আমাৰ অসম, ০৩ অক্টোবৰঃ হিমাচল প্ৰদেশৰ ৰোহটাঙত মুকলি কৰা হ’ল বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ লগতে সৰ্বাধিক দৈৰ্ঘ্যৰ সুৰংগ পথ। ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে এই সুৰংগ পথৰ মুকলি কৰে। ’অটল টানেল’ নামেৰে নামাকৰণ কৰা এই সুৰংগটিৰ দৈৰ্ঘ্য ৯.০২ কিলোমিটাৰ। সমুদ্ৰপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত থকা এই সুৰংগটি নিৰ্মাণ কৰা হৈছে বহু অত্যাধুনিক প্ৰযুক্তিৰে।

এই সুৰংগটিৰ ফলত মানালি আৰু লাহাউল–স্পিটি উপত্যকাৰ মাজৰ দূৰত্ব হ্ৰাস পাব প্ৰায় ৪৬ কিলোমিটাৰ। যাৰ ফলত যাতায়তৰ সময় পূৰ্বৰ তুলনাত ৫ ঘণ্টা হ্ৰাস পাব। মনালীক লেহৰ সৈতে সংযোগ কৰা এই সুৰংগটি সম্পূৰ্ণ বছৰটো ২৪ ঘন্টাই খোলা থাকিব। উল্লেখ্য যে, পূৰ্বে তুষাৰপাতৰ বাবে বছৰৰ প্ৰায় ৬ মাহ লাহুল-স্পিতি ভেলীৰ সৈতে যোগাযোগ বিচ্ছিন্ন বিচ্ছিন্ন হৈ থাকে। কিন্তু অটল সুৰংগ পথটো নিৰ্মাণৰ পিছত যোগাযোগ গোটেই বছৰটোতে পৰিবহণ ব্যৱস্থা সুচল হ’ব মানালি আৰু লেহৰ মাজত৷ অঞ্চলটোত ব্যাহত হৈ পৰা এনে পথ যোগাযোগ সুচল কৰাৰ লক্ষ্যৰে ২০০০ চনতে তৎকালীন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উক্ত সুৰংগ পথছোৱা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰথম অৱস্থাত ছবছৰৰ ভিতৰত সুৰংগ পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও এই পথছোৱা সম্পূৰ্ণ হওঁতে প্ৰায় ১০ বছৰ সময় লাগিল৷ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজ নাথ সিং আৰু বিত্ত দপ্তৰ ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকে।