গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেলেংকাৰি, হাইক’ৰ্টত গোচৰ
আমাৰ অসম, ১৯ জুনঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলত [দূৰৱৰ্তী আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান] সংঘটিত কেলেংকাৰিৰ প্ৰসংগ অৱশেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মজিয়া পালেগৈ৷ ইউজিচিৰ অনুমোদন অবিহনে নীতিবহিৰ্ভূতভাৱে ২১টা পাঠ্যক্ৰম খুলি প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱাই প্ৰায় ৪০ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে সংশ্লিষ্ট ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ সংকটৰ গৰাহলৈ ঠেলি দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু আইডলৰ সঞ্চালকৰ অনৈতিক কৰ্ম ধৰা পেলাইছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগে৷ ২০২০ চনৰ ছেপ্টেম্বৰত শইকীয়া আয়োগে প্ৰতিবেদন দাখিল কৰে৷ প্ৰতিবেদনত কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য সন্নিৱিষ্ট হয়৷ এই সন্দৰ্ভত শইকীয়া আয়োগে কেতবোৰ পৰামৰ্শও দিছিল৷ কিন্তু ৮ মাহৰো অধিক কাল এই পৰামৰ্শসমূহ ধোঁৱাচাঙত তুলি থ’লে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ সেইমৰ্মে আছু নেতা গোপাল দাসে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা ৩৫/২০২১ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনৰ শুনানি গ্ৰহণ কৰা হয় ১৭ জুন, বৃহস্পতিবাৰে৷ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শুনানিত এই সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ বৃহস্পতিবাৰৰ শুনানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিবক্তা পি জে শইকীয়াই শইকীয়া আয়োগৰ জ্জ্বটা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি খণ্ড বিচাৰপীঠক অৱগত কৰে৷ লগে লগে খণ্ড বিচাৰপীঠে সেই সন্দৰ্ভত পৰৱৰ্তী শুনানিত বিতং তথ্যসহ সবিশেষ অৱগত কৰাবলৈ বিশ্ববিদ্যালয় কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বৃহৎ কেলেংকাৰিত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবীত কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ সেই পত্ৰখনত এইদৰে উল্লেখ কৰা হৈছে–
‘উত্তৰ-পূব ভাৰতৰ উচ্ছ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ প্ৰতিষ্ঠান ‘আইডল’ত ঘটা বহু কোটিটকীয়া কেলেংকাৰিৰ বিষয়ে সমগ্ৰ অসমবাসীয়ে ইতিমধ্যে অৱগত হৈছে৷ এই কেলেংকাৰিৰ তদন্তৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফটাব হুছেইন শইকীয়াক লৈ গঠিত এজনীয়া আয়োগৰ প্ৰতিবেদনত সেই সময়ছোৱাৰ আইডলৰ সঞ্চালক ড॰ কন্দৰ্প দাসৰ উপৰি পঞ্জীয়ক আৰু উপাচাৰ্যক দোষী সাব্যস্ত কৰা হৈছিল৷ ইয়াৰ ভিতৰত মুখ্য অভিযুক্ত আছিল ড॰ কন্দৰ্প দাস৷ কিন্তু ২০২০ চনৰ ছেপ্টেম্বৰ মাহতে দাখিল কৰা উক্ত প্ৰতিবেদনৰ ওপৰত আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ বৰঞ্চ সকলো অভিযুক্তকেই ৰক্ষণা-বেক্ষণ দিয়াতহে উঠি-পৰি লাগিছে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষ৷
এই বিষয়ে প্ৰতিবেদনত উক্ত বৃহৎ শৈক্ষিক তথা বিত্তীয় কেলেংকাৰিৰ বিষয়ে কিছু কথা ক্ৰমানুসাৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে৷
যোৱা ২০১৭ চনত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ‘কেগ’-এ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিচাব পৰীক্ষণ কৰি GUDIDOL (Institute of Distance and open learning of GU)ৰ ওপৰত তিনিখন প্ৰতিবেদনপ্ৰকাশ কৰে, যাৰ পাতে পাতে আছিল এক ভয়ংকৰ কেলেংকাৰিৰ ইতিহাস৷
‘কেগ’ৰ প্ৰথম প্ৰতিবেদনখনৰ বিষয় আছিল– ‘Irregular Courses undertaken by the Institute of open Learning (IDOL)’৷ উক্ত প্ৰতিবেদনত উল্লেখ আছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুকেইখন মিথ্যাচাৰেৰে ভৰা শপতনামা বিশ্ববিদ্যালয় অনুদান আয়োগক দাখিল কৰি একৈশটা অনুমোদন নথকা বিষয়ত ৭৩,৯১২ জন শিক্ষাৰ্থীক নামভৰ্তি কৰাইছিল৷ বিশ্ববিদ্যালয় অনুমোদন আয়োগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আইডল’ক ২০১০ চনৰ পৰা ২০১৭ চনলৈকে ৮টা বিষয়তহে শিক্ষা প্ৰদানৰ অনুমতি প্ৰদান কৰিছিল৷ কিন্তু তাৰ বিপৰীতে ‘আইডল’-এ ২৯টা বিষয়ত নামভৰ্তি কৰিছিল৷ উক্ত ২১টা বিষয়ত আইডলে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলী সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰি ৭৩,১৯২ জন ছাত্ৰ-ছাত্ৰীক বে-আইনীভাৱে নামভৰ্তি কৰাইছিল৷ বিশ্ববিদ্যালয় অনুদান আয়োগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আইডল’ক ২০১০ চনৰ পৰা ২০১৭ চনলৈকে ৮টা বিষয়তহে শিক্ষা প্ৰদানৰ অনুমতি প্ৰদান কৰিছিল৷ কিন্তু তাৰ বিপৰীতে ‘আইডল’-এ ২৯টা বিষয়ত নামভৰ্তি কৰিছিল৷ উক্ত ২১টা বিষয়ত ‘আইডল’-এ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলী সম্পূৰ্ণৰূপে অমান্য কৰি ৭৩,১৯২ জন ছাত্ৰ-ছাত্ৰীক বেআইনীভাৱে নামভৰ্তি কৰাইছিল৷
‘কেগ’ৰ দ্বিতীয়খন প্ৰতিবেদনৰ শিৰোনাম আছিল– 'Excess payment of Rupees 2.7 Crore by Director IDOL, Guwahati university for printing of study Materials'৷ উক্ত প্ৰতিবেদনত এক বৃহৎ বিত্তীয় অনিয়মৰ কথা স্পষ্টকৈ উল্লেখ আছে৷
কেগৰ তৃতীয়খন প্ৰতিবেদনৰ শিৰোনাম আছিল– 'Fictious payment of Rs. 55.53 lac Made by Director IDOL for councelling users' প্ৰতিবেদনতো উল্লেখ আছে বিত্তীয় কেলেংকাৰিৰ অন্য এক দিশ৷
‘কেগ’ৰ উক্ত প্ৰতিবেদন কেইখনৰ বিষয়ে প্ৰকাশ পোৱাত গুৱাহাটী বিশ্ববিদ্যালয় আৰু উক্ত ২১টা বিষয়ত পঢ়ি ডিগ্ৰী লোৱা ছাত্ৰ-ছাত্ৰী মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিভিন্ন দিশৰ পৰা অহা চাপৰ মুখত পৰি প্ৰথম অৱস্থাত হোহকা-পিছলা কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ কতৃৰ্পক্ষই ২০১৯ চনৰ প্ৰথম সপ্তাহত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফ্টাব হুছেইন শইকীয়াক লৈ এজনীয়া তদন্ত আয়োগ গঠন কৰে৷ কিন্তু উল্লেখনীয়ভাৱে শইকীয়া আয়োগক কেৱল নিয়মবহিৰ্ভূত বিষয়সমূহৰ আৰু ইয়াৰ শিক্ষাৰ্থী ভৰ্তিৰ ওপৰতহে তদন্ত কৰিবলৈ দিয়া হয়৷ কিন্তু বিত্তীয় কেলেংকাৰিৰ বিষয়ে তদন্ত কৰাৰ ভাৰ শইকীয়া আয়োগক দিয়া নহ’ল৷ ন্যায়াধীশ আফ্টাব হুছেইন শইকীয়া আয়োগে ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ ২০২০ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত সভাই শইকীয়া আয়োগৰ এই প্ৰতিবেদনৰ কোনো সংশোধন অবিহনে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়৷ শইকীয়া আয়োগে ছমাহৰ ভিতৰত অভিযুক্তসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছিল আৰু কাৰ্যবাহী পৰিষদে ইয়াত অনুমোদন জনাইছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ দুজন শীৰ্ষ পদাধিকাৰীৰ চক্ৰান্তত এই প্ৰতিবেদনৰ ওপৰত আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷
ন্যায়াধীশ শইকীয়া আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে সেই সময়ৰ ‘আইডল’ৰ সঞ্চালক ড॰ কন্দৰ্প কুমাৰ দাসৰ মইমতালি আৰু বিত্তীয় অনিয়মৰ কাহিনী৷ তদুপৰি পঞ্জীয়ক আৰু উপাচাৰ্যৰ অনুমোদন অবিহনে যে এনে কেলেংকাৰি সম্ভৱ নহয় তাকো উল্লেখ হৈ আছে৷ এই সন্দৰ্ভত শইকীয়া আয়োগৰ কিছুমান প্ৰশ্ন আৰু তাৰ বিপৰীতে উল্লেখিত তথ্যবোৰৰ মাত্ৰ দুটামান উদাহৰণ তলত দিয়া হৈছে৷
শইকীয়া আয়োগৰ প্ৰতিবেদনৰ পৃষ্ঠা ১৮২ত ইছ্যু নম্বৰ ৩ নং প্ৰশ্নটো আছিল যে অনুমোদন অবিহনে চলাই থকা বিষয়সমূহ চলাই থকাৰ আগতে Distance Education council (DEC) বা University Grant Commossion (UGC)ৰ আগতীয়া অনুমোদন লোৱাটো বাধ্যতামূলক আছিলনে আৰু যদি আছিল ইয়াৰ বাবে ‘আইডল’ৰ সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল? এই প্ৰশ্নৰ বিপৰীতে আয়োগে বিচাৰি উলিওৱা তথ্যত এক ভয়ংকৰ সত্য প্ৰকাশ পাইছে যাক লিপিবদ্ধ কৰা হৈছে প্ৰতিবেদনখনৰ ১৮৬ নম্বৰ পৃষ্ঠাৰ ১৬৪ নম্বৰ দফাত৷ আয়োগে উল্লেখ কৰিছে যে ‘কেগ’ৰ প্ৰতিবেদনত উল্লেখ কৰাৰ দৰে এই কথাত পতিয়ন গৈছে যে উক্ত অনুমোদনবিহীন বিষয়সমূহ প্ৰৱৰ্তন কৰাৰ আগতে DEC বা UGCৰ আগতীয়া অনুমোদন লোৱাটো অপৰিহাৰ্য আছিল৷ সেই সময়ৰ সঞ্চালকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰু অনুমোদন নথকা কোনো বিষয়তে নামভৰ্তি কৰাব নালাগিছিল৷ এই বিষয়তো GUIDOLৰ সঞ্চালকে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷
শইকীয়া আয়োগৰ প্ৰতিবেদনৰ ইছ্যু নম্বৰ ৮ত প্ৰশ্নটো আছিল যে GUIDOLৰ সঞ্চালকে উক্ত অনুমতিবিহীন বিষয়সমূহ DEC/UGCৰ অনুমোদনৰ বাবে লোৱা ব্যৱস্থাই অনুমোদন নোহোৱা বিষয়সমূহ নিৰৱচ্চিন্নভাৱে চলাই যোৱাটো প্ৰাসংগিক আছিলনে? এই প্ৰশ্নৰ বিপৰীতে শইকীয়া আয়োগে এক চৰমঅনিয়মৰ ক’ত উল্লেখ কৰিছে প্ৰতিবেদনৰ পৃষ্ঠা নম্বৰ ১৮১ৰ দফা নম্বৰ ১৫৩ ত৷ এই অংশত শইকীয়া আয়োগে মন্তব্য কৰিছে GUIDOLৰ সঞ্চালকৰ দ্বাৰা অনুমোদন নথকা বিষয়সমূহ চলাই যোৱাৰ বাবে লোৱা পদক্ষেপ সম্পূৰ্ণভাৱে নীতিবিৰুদ্ধ আছিল৷’
শইকীয়া আয়োগে তদন্ত কৰি পোৱা তথ্যৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদনৰ ২০৪ নম্বৰ পৃষ্ঠাৰ দফা নং ২০৩[২]ত স্পষ্টভাৱে পৰামৰ্শ দিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ সেই সময়ৰ GUIDOLৰ সঞ্চালক যাৰ উদ্যোগতে ২০১০ চনৰ পৰা ২০১৭ চনলৈকে এই ঘটনা সংঘটিত হৈছিল, তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ কাষ চাপিব পাৰে৷ ইয়াৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে আয়োগে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে সেই সময়ৰ ‘আইডল’ৰ সঞ্চালকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছিল৷
এই সকলোবোৰৰ উপৰি শইকীয়া আয়োগে প্ৰতিবেদনৰ দফা নং ২০৩[৪] আৰু ২০৩ [৫]ত পৰামৰ্শ দিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে ‘কেগ’ৰ প্ৰতিবেদনত উল্লেখ কৰা ২০১০ চনৰ পৰা ২০১৭ চনলৈকে ২.৭৪ কোটি টকা অতিৰিক্তভাৱে মোকলাই দিয়া আৰু ৫৫ লাখ টকা সন্দেহযুক্তভাৱে মোকলাই দিয়াৰ বিষয়ে অভিজ্ঞতাপুষ্ট স্বতন্ত্ৰ অনুসন্ধান প্ৰতিষ্ঠানৰ যোগেদি তদন্তৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ পৰা এই কথাটো স্পষ্ট হৈ পৰে যে যদিও শইকীয়া আয়োগক কোনো বিত্তীয় কেলেংকাৰি তদন্ত কৰিবলৈ দিয়া হোৱা নাছিলতথাপিও এই সমগ্ৰ ঘটনাত বহু টকাৰ কেলেংকাৰি সংঘটিত হৈছিল আৰু ইয়াত সঞ্চালক, পঞ্জীয়ক আৰু উপাচাৰ্য জড়িত থকাৰ উমান আয়োগে লাভ কৰিছিল৷
উল্লেখ্য, এই ঘটনা সংঘটিত হোৱা সময়ছোৱাত ২০০৭ চনৰ পৰা ২০১৬ চনলৈকে এক দীৰ্ঘসময়ৰ বাবে ড॰ কন্দৰ্প দাসে সঞ্চালক হিচাপে ‘আইডল’ত কৰ্মৰত হৈ আছিল৷ ইয়াৰ পাছত ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক প্ৰণৱজ্যোতি দাসে সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে৷ অধ্যাপক দাসে ২০১৭ চনৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে৷ গতিকে এই কথাটো স্পষ্ট যে ড॰ কন্দৰ্প দাস সঞ্চালক হৈ থকাৰ সময়ত এই ভয়ংকৰ কেলেংকাৰিটো সংঘটিত হৈছিল৷ তদুপৰি অধ্যাপক প্ৰণৱজ্যোতি দাসে সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰি এই ২১টা অনুমোদনবিহীন বিষয়ৰ নামভৰ্তি বন্ধ কৰি দিছিল আৰু ২০১৭-১৮ চনৰ পৰা ২১টা বিষয়ত কোনো নামভৰ্তি হোৱা নাই৷
বৰ্তমান অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ইমানবোৰ সাক্ষ্য- প্ৰমাণ থকাৰ পাছতো ড॰ কন্দৰ্প দাসৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থা, বিশ্ববিদ্যালয় আছু গোট, স্নাতকোত্তৰ ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আইন ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদিৰ হেঁচাত পৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে ২০২০ চনৰ ৫ মাৰ্চত৷ উক্ত প্ৰেছ বিজ্ঞপ্তিত আটাইকেইজন অভিযুক্তই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত নোহোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি দেখুওৱা হয়৷ ‘কেগ’ৰ প্ৰতিবেদনত সেই সময়ৰ ‘আইডল’ৰ সঞ্চালকক শৈক্ষিক তথা বিত্তীয় দুয়োবিধ অনিয়মতেই জড়িত আছিল বুলি অভিযুক্ত কৰা হৈছিল৷ তৎসত্ত্বেও সেই সময়ৰ ‘আইডল’ৰ সঞ্চালক ড॰ কন্দৰ্প কুমাৰ দাসে বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ সহযোগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত আবেদন কৰাৰ বাবে অভিযোগবিহীনতাৰ প্ৰমাণপত্ৰ [এন অ’ চি] লাভ কৰিবলৈ সক্ষম হয়৷
পৰৱৰ্তী কালত ড॰ দাসে উপাচাৰ্য হিচাপে মনোনীত হোৱাত উপাচাৰ্য সন্দিকৈৰ সহযোগত ‘লিয়েন’ লাভ কৰিবলৈ সক্ষম হয় আৰু নিৰ্বিঘ্নে গুৱাহাটী বিশ্ববিদ্যালয় এৰি যাবলৈ সক্ষম হয়৷ তদুপৰি ড॰ কন্দৰ্প দাসে লিয়েন লাভ কৰিছিল এবছৰৰ বাবে অৰ্থাৎ ২০২১ চনৰ মাৰ্চ মাহত তেওঁৰ লিয়েন শেষ হয়৷ কিন্তু এজন উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা গঠিত তদন্ত আয়োগে অভিযুক্ত কৰা ড॰ দাসক লগে লগেই গুৱাহাটী বিশ্ববিদ্যালয়লৈ ওভতাই আনিব লাগিছিল বা যদিহে এবছৰীয়া লিয়েন বাতিল কৰাত কিবা কাৰিকৰী অসুবিধা আছিল, তেনেহ’লে ২০২১ চনৰ মাৰ্চ মাহত লিয়েনৰ ম্যাদ শেষ হোৱা ড॰ দাসৰ লিয়েনৰ সময় বঢ়াই নিদি তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়লৈ ঘূৰাই আনি তদন্তৰ সন্মুখীন কৰোৱাৰ থল আছিল৷ কিন্তু ড॰ কন্দৰ্প দাসৰ দ্বাৰা বিভিন্ন ধৰণেৰে উপকৃত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ আৰু পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথে এই বিষয়টো সম্পূৰ্ণৰূপে আওকান কৰি ড॰ দাসৰ লিয়েনৰ ম্যাদ পুনৰ বৃদ্ধি কৰি তদন্তৰ পৰা আঁতৰি থকাৰ ব্যৱস্থা কৰি দিছে৷
এই সংক্ৰান্তত অতি গুৰুতৰ অভিযোগটো হৈছে যে তদন্তৰ পৰা বচাই ৰখাৰ সুবাদতে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত হৈ থকা ড॰ কন্দৰ্প দাসে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ পত্নী অধ্যাপক জ্যোতিৰেখা সন্দিকৈক সম্পূৰ্ণ নীতিবহিৰ্ভূতভাৱে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ জ্যোতিৰেখা সন্দিকৈয়ে দীৰ্ঘসময় ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগত শিক্ষাদান কৰিছিল৷ উল্লেখ্য, দূৰ শিক্ষা ব্যৱস্থাত, ৰসায়ন, পদাৰ্থ বিদ্যা, উদ্ভিদ বিদ্যা, প্ৰাণী বিদ্যা, ব্যৱহাৰিক, কৰ্মশালা তথা কাৰিকৰী পাঠ্যক্ৰম আদিৰ শিক্ষা দিয়া নহয়৷ কিয়নো এইবিলাক পাঠ্যক্ৰমত ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজন থাকে৷ সেই সূত্ৰে ৰসায়ন বিভাগৰ এগৰাকী অধ্যাপকক আনি সেই পাঠ্যক্ৰম নথকা সত্ত্বেও অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰাটো ড॰ কন্দৰ্প দাসৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈক তুষ্ট কৰাৰ বাহিৰে যে আন একো নহয় তাক বুজিবলৈ এতিয়া কোনোৱেই বাকী থকা নাই৷ তদুপৰি ইয়াৰ প্ৰতিদান স্বৰূপে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে ড॰ কন্দৰ্প দাসৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি বিভিন্ন মহলত সমালোচিত হৈছে৷
ড॰ কন্দৰ্প দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকাও সন্দেহৰ ঊধবৰ্ত নহয়৷ যেতিয়া ২০২০ চনৰ মাৰ্চ মাহত অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে ড॰ কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে তেতিয়াই গোটেই অসমৰ বিদ্বৎ সমাজত চাঞ্চল্যৰ সৃষ্টি হয়৷ সকলোৱেই প্ৰশ্ন কৰিবলৈ ধৰে যে ২০২০ চনৰ পৰা ২০১৭ চনলৈকে সংঘটিত ‘আইডল’ কেলেংকাৰিৰ তদন্ত চলি থকাৰ সময়ত ‘কেগ’-এ অভিযুক্ত কৰা এজন ব্যক্তি কেনেদৰে অসমৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’ব পাৰে? সেই সময়ৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই বিষয়টোক ২০২০ চনৰ মাৰ্চ মাহত অসম বিধানসভাত উত্থাপন কৰিছিল৷ সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত ঘোষণা কৰে যে যদিহে ড॰ কন্দৰ্প দাস দোষী সাব্যস্ত হয় তেন্তে দাসে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ এৰিব লাগিব৷ তদুপৰি উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফ্টাব হুছেইন শইকীয়া আয়োগক পৰৱৰ্তী তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয়৷ এই সকলো কথা অসম বিধানসভাৰ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হয়৷ কিন্তু এই প্ৰতিবেদনত দোষী সাব্যস্ত হোৱা ড॰ কন্দৰ্প দাস প্ৰতিবেদন দাখিল কৰাৰ আঠমাহ পাছতো উপাচাৰ্য হিচাপে বিদ্যমান হৈ আছে৷
২০২১ চনৰ মে’ মাহত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছত অসমৰ উচ্ছ শিক্ষা বিভাগ এই বিষয়ত পুনৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে৷ কেইদিনমান আগতে অসম চৰকাৰৰ উচ্ছ শিক্ষা বিভাগৰ প্ৰধান সচিবে এক পত্ৰযোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক ড॰ কন্দৰ্প দাসৰ ক্ষেত্ৰত কি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ল তাক তাৎক্ষণিকভাৱে চৰকাৰক জনাবলৈ নিৰ্দেশ দিয়ে৷ উপায়ন্তৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনে ৮জুন, ২০২১ত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ এখন জৰুৰী সভা আহ্বান কৰে৷ এই সভাখন সম্পূৰ্ণৰূপে অনলাইন পদ্ধতিত অনুষ্ঠিত হয় আৰু উচ্ছ শিক্ষাবিভাগৰ প্ৰধান সচিবৰ চিঠিখনৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়৷ উক্ত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া পল্লৱ ভট্টাচাৰ্যক তদন্তকাৰী বিষয়া হিচাপে লৈ ড॰ কন্দৰ্প দাসৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱাৰ পোষকতা কৰে৷ ভট্টাচাৰ্যই অতি কম সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদে আশা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰতো ড॰ কন্দৰ্প দাসৰ একান্ত ভক্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ পদাধিকাৰীয়ে বিধি-পথালি দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ প্ৰচলিত নিয়ম অনুসাৰে তদন্তকাৰী বিষয়াৰ সন্মুখত তথ্যসমূহ উত্থাপন কৰাৰ বাবে অভিযুক্তজনে কাম কৰা অনুষ্ঠানৰ পৰা এজন উপস্থাপন বিষয়া নিয়োগ কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মমতে পঞ্জীয়কজনেই হৈছে বিশ্ববিদ্যালয়ৰ সকলো নথি-পত্ৰৰ গৰাকী আৰু সেই সূত্ৰে পঞ্জীয়কজনেই উপস্থাপন বিষয়া হ’ব লাগে আৰু বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথকেই উপস্থাপন বিষয়া হিচাপে মনোনীত কৰে৷ কিন্তু আশ্চৰ্যজনকভাৱে পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথে কাৰ্যবাহী পৰিষদৰ উক্ত সভাতেই তেওঁক উপস্থাপন বিষয়া হিচাপে মনোনীত কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে আৰু এই দায়িত্ব ল’বলৈ অনীহা প্ৰকাশ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠান ‘আইডল’ত সংঘটিত এই ভয়ংকৰ কেলেংকাৰিৰ দোষীক উচিত শাস্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়াল অতিশয় আশাবাদী৷’