Logo
image

দশক দশক জুৰি অসমত উদ্যোগীকৰণ পয়ালগা

অসম চৰকাৰৰ অধীনস্থ বহুকেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগ, প্ৰতিষ্ঠানৰ শ্মশান যাত্ৰা বহু বছৰ পূৰ্বেই আৰম্ভ হৈছিল৷ পৰিকল্পনাহীনভাৱে বহুকেইটা উদ্যোগ প্ৰতিষ্ঠাৰ কেইবছৰমান পাছতে ধবংস হৈছিল আৰু একাংশ কথমপি জীয়াই আছিল যদিও পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ দূৰদৃষ্টিৰ অভাৱ, পৰিচালন নীতিৰ আসোঁৱাহ আদি বিভিন্ন কাৰণত সেই উদ্যোগ-প্ৰতিষ্ঠানসমূহ মৃত্যুমুখী হ’ল৷ কিছু বছৰ পূৰ্বে এম এছ এন ইয়ে যুগুত কৰা সমীক্ষামতে ৰাজ্যত প্ৰায় ৫০ হেজাৰ বৃহৎ, মজলীয়া উদ্যোগ আছিল আৰু ইয়াৰ ১৪১টা আছিল ব্যক্তিগত খণ্ডৰ৷ বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত অসম বিধানসভাত দাখিল কৰা তথ্যমতে অসম চৰকাৰৰ অধীনস্থ ১৪টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত মাত্ৰ ৫টাহে কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে বাকী ৯টাই বন্ধ হৈছিল৷ জাগীৰোড কাগজকল, শিলচৰৰ পাঁচগ্ৰাম কাগজকল আদিক  পুনৰুজ্জীৱিত কৰাৰ বাবে দাবী উত্থাপিত হৈ থকাৰ সময়তে এই কাগজকল কেইটা নিলামৰ বাবে চৰকাৰে যো-জা কৰিছিল যদিও এই নিলাম প্ৰক্ৰিয়া সফল নহ’ল৷ বিজেপি চৰকাৰৰ প্ৰথমটো শাসনকালত অসমত উদ্যোগীকৰণৰ এক নতুন যাত্ৰা আৰম্ভ হ’ব বুলি ৰাইজে আশা কৰিছিল যদিও সেয়াও আশাপ্ৰদ নহ’ল৷ ২০১৮ চনত ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলন পাতি অসম চৰকাৰে ২০৭ খন বুজাবুজি চুক্তিৰ যোগেদি ৭৯,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ বিষয়ে ঘোষণা কৰিছিল যদিও মূৰকত কি হ’ল সেয়া অসমবাসীৰ জ্ঞাত৷ লক্ষণীয় বিষয় স্মাৰ্টচিটি, স্মাৰ্ট ভিলেজ আদি বহু অভিলাসী আঁচনিৰ কথা কোৱা কেন্দ্ৰ চৰকাৰে ‘ষ্টাৰ্টআপ ভিলেজ (Startup village)ৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষলৈকে অসমৰ দৰে ৰাজ্যত এটাও গ্ৰাম্য উদ্যোগ স্থাপন কৰিব নোৱাৰিলে৷ কিন্তু এই আঁচনিৰ দ্বাৰা কেৰালা, মধ্যপ্ৰদেশ আদি ৰাজ্যই হাজাৰ হাজাৰ গ্ৰাম্য  উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হ’ল৷ মুঠতে চৰকাৰৰ অধীনস্থ নিজা উদ্যোগ প্ৰতিষ্ঠানসমূহ লাভজনক কৰি ৰাজ্যত নিয়োগ সংস্থান বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমত দশক দশক জুৰি এখন বিফলতাৰ ছবিহে প্ৰতিফলিত হৈ আহিছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ নতুন চৰকাৰখনে উদ্যোগ খণ্ডক অধিক তৰান্বিত কৰা, ৰাজ্য চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহক অধিক কাৰ্যক্ষম, গতিশীল কৰি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ সেই মৰ্মে নুমলীগড় ৰিফাইনেৰীত চৰকাৰে নিজৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰি এক ইতিবাচক দৃষ্টিভংগীৰ পৰিচয় দিছে৷ বিজেপি চৰকাৰৰ আমোলত দেশৰ ব্যক্তিগত খণ্ডৰ জয়জয়কাৰ হৈ থকাৰ সময়ত এন আৰ এলত অইল ইণ্ডিয়াৰ পাছতেই চৰকাৰে নিজৰ অংশীদাৰিত্ব বৃদ্ধি কৰি এক পেছাদাৰিত্ব মনোভাৱৰ পৰিচয় দিছে৷ প্ৰসংগক্ৰমে কৰ’নাৰ দ্বিতীয়টো ঢৌৰ বাবে সমগ্ৰ দেশৰ লগতে অসমো আৰ্থ-সামাজিক দিশৰ পৰাও বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ ইতিমধ্যে কৰ’নাক প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী, কিট নিৰ্মাণৰ পৰা অক্সিজেন উৎপাদনকাৰী উদ্যোগ স্থাপন, ৰেমদিছিভি ঔষধ উৎপাদন উদ্যোগ আদি অসমত স্থাপন কৰাৰ বাবে চৰকাৰে সঁহাৰি আগবঢ়াইছে৷ ৰাজ্যৰ বিদ্যুৎখণ্ডক ন-কৈ গঢ়াৰ বাবে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী বিমল বড়াই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰাটো এক গুৰুত্বপূৰ্ণ দিশ বুলি অভিহিত কৰিব পাৰি৷ কিয়নো বিদ্যুৎখণ্ড যদি শক্তিশালী নহয় তেন্তে ক্ষুদ্ৰ, মজলীয়া, বৃহৎ কোনো উদ্যোগেই স্থাপনৰ পথ প্ৰশস্ত নহয়৷ ৰাজহুৱা খণ্ডৰ এক ৰাজ্যিক প্ৰতিষ্ঠানৰূপে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙাবাছৰ মোহ অসমৰ ৰাইজে কাহানিও ত্যাগ কৰিব নোৱাৰে৷ কুৰি শতিকাৰ শেহৰফালে পৰিবহণ নিগমৰ অৱস্থা শোচনীয় হৈ পৰিছিল যদিও তৰুণ গগৈ চৰকাৰৰ সময়ত পৰিবহণ মন্ত্ৰী অঞ্জন দত্তই বিভিন্ন ন-ন পদক্ষেপৰে নিগমক এক নতুন জীৱন প্ৰদান কৰিলে৷ অৱশ্যে ধাৰাবাহিকতা নথকাৰ বাবে পুনৰ পৰিবহণ নিগমৰ অধোগতি আৰম্ভ হ’ল৷ শেহতীয়াকৈ সদ্য প্ৰাক্তন পৰিবহণ নিগমৰ সঞ্চালকে পৰিবহণ মন্ত্ৰীৰ অগোচৰে নিগমৰ অধীনস্থ বহু কোটি টকীয়া মাটি মুষ্টিমেয় ব্যৱসায়ীক আবণ্টন দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ পৰিবহণ নিগমৰ মাটি আনলৈ হস্তান্তৰিত কৰাৰ কথা স্বয়ং পৰিবহণ মন্ত্ৰীয়েই যদি নাজানে তেন্তে কি ব্যৱস্থাৰে নিগম চলিছে সেই বিষয়ে দোহৰাৰ প্ৰয়োজন নাই৷ বাস্তৱমুখী পৰিকল্পনা, সুন্দৰ পৰিচালন পদ্ধতিৰে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা, দিল্লী আদিৰ ৰাজ্যই পৰিবহণ বিভাগটোক এক লাভজনক প্ৰতিষ্ঠানলৈ পৰিণত কৰিছে৷ কৰ্ণাটকৰ পৰিবহণ নিগমত ৩০ হেজাৰ লোকে সংস্থান পোৱাৰ লগতে নিগমৰ লগত সংযুক্ত চাবছিদিয়েৰী প্ৰতিষ্ঠানসমূহৰ যোগেদি নিগমে বহু লাভ অৰ্জন কৰিছে৷ সদিচ্ছা, নিষ্ঠা, দায়বদ্ধতা থাকিলে অসমৰ উদ্যোগ খণ্ডতো বহু পৰিৱৰ্তন আনিব পাৰি৷ এটা সৰু উদ্যোগে বহু লোকৰ নিয়োগৰ বাট মোকলায়৷ চাকৰিৰ মহঙা দিনত ৰাজ্যৰ ভৱিষ্যতৰ স্বাৰ্থতে উদ্যোগীকৰণক অগ্ৰাধিকাৰ দিয়ক চৰকাৰে!