Logo
image

শৈক্ষিক অনিশ্চয়তা

বিহাৰত মাধ্যমিক শিক্ষা ব’ৰ্ডে ফেব্ৰুৱাৰীতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ  পাতি শেষ কৰাই নহয় ইতিমধ্যে ফলাফলো ঘোষণা কৰিছে৷ তাৰবাবে অক্টোবৰৰ পৰাই আগতীয়া প্ৰস্তুতি চলোৱা হৈছিল৷ আগৰ হিচাপত অসমতো ফেব্ৰুৱাৰী, মাৰ্চতে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ’ব লাগিছিল৷ সেই সময়ত কৰ’নাৰ বিশেষ প্ৰভাৱ নাছিল, পৰীক্ষা পাতিব পৰা পৰিৱেশ আছিল৷ জনামতে ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদো পৰীক্ষা পতাৰ বাবে সাজু আছিল৷ পিছে, কেৱল ৰাজনৈতিক অংকতে, নিৰ্বাচনক অধিক গুৰুত্ব দি গুৰুত্বপূৰ্ণ পৰীক্ষাকেইটা বিভিন্ন কৌশল খটুৱাই নিৰ্বাচন আৰু ব’হাগ বিহুৰ পিছলৈ ঠেলি দিয়া হয়৷ এইক্ষেত্ৰত তদানীন্তন শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু ভূমিকাই আছিল সিদ্ধান্তৰ লেখীয়া৷ নিৰ্বাচন শেষ হোৱাৰ পাছতো পাতল কথাৰে পৰীক্ষাৰ বিষয়টো অনিশ্চয়তালৈ ঠেলি দিয়া হ’ল৷ পৰীক্ষাৰ সিদ্ধান্ত নতুন চৰকাৰে ল’ব বুলি কৈ একধৰণৰ সস্তীয়া ৰাজনীতি কৰা হ’ল৷ তাৰ ফলত আজি সৃষ্টি হ’ল অভূতপূৰ্ব পৰিস্থিতিৰ৷ চৰকাৰ গঠন হোৱাৰ পাছত কেৱল পাকলগা কথা আৰু ৰাজনীতিমিশ্ৰিত আলোচনাৰ নামত এমাহ নষ্ট কৰা হ’ল আৰু শেষ মুহূৰ্তত সিদ্ধান্ত লোৱা হ’ল এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত নহয় আৰু বিশেষ পদ্ধতিত ছাত্ৰ-ছাত্ৰীক নম্বৰ প্ৰদান কৰা হ’ব৷

পৰীক্ষা হ’ব-নহ’ব এইধৰণৰ কথাক লৈ যথেষ্ট আলোচনা-বিলোচনা হোৱাৰ পাছত স্বাস্থ্য আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক কেবিনেটে পৰামৰ্শ দিয়ে যে বৰ্তমান পৰিস্থিতিত আগৰ দৰে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পতাৰ পৰিৱেশ নাই৷ চূড়ান্ত সিদ্ধান্তৰ বাবে শিক্ষাবিদ, পৰীক্ষা বিষাৰদ আৰু শিক্ষকসকলক একাষৰীয়াকৈ থৈ সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু মিচিং অটোনমাছ কাউঞ্চিলক ১৮ জুনত সভা আকাৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈ কোৱা হয়, য’ত উপস্থিত থাকে কেইবাটাও চৰকাৰী বিভাগৰ মুৰব্বী৷ আশা কৰা ধৰণে সভাত পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়৷ লগতে সিদ্ধান্ত লোৱা হয় পিছদিনাই শিক্ষাবিদক লৈ দুখন কমিটী গঠনৰ যি কমিটীয়ে পৰীক্ষা অবিহনে ছাত্ৰ-ছাত্ৰীক কি পদ্ধতিত  মূল্যায়ন কৰা যায় সেই বিষয়ে সাত দিনৰ ভিতৰত পৰামৰ্শ দিব৷ 

ইতিমধ্যে একোজন উপাচাৰ্যৰ নেতৃত্বত মূল্যায়নৰ পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কাৰণে দুখন ৯জনীয়া কমিটী গঠন কৰা হৈছে৷ তাৰপাছতো সাত লাখৰ অধিক পৰীক্ষাৰ্থী থকা পৰীক্ষা দুটাক লৈ অনি(য়তা আঁতৰি যোৱা নাই; কাৰণ আভ্যন্তৰীণ পৰীক্ষাৰ ব্যৱস্থা নাই, একাদশ শ্ৰেণীৰ পৰীক্ষা পাতিব পৰা নগ’ল আৰু সকলো শিক্ষানুষ্ঠানতে বাছনি পৰীক্ষা হোৱাৰ খবৰ নাই৷ ইয়াৰ মাজতে কোৱা হৈছে ৩১ জুলাইৰ ভিতৰত পৰীক্ষাৰ ফলাফল অৰ্থাৎ নম্বৰ তালিকা দিয়া হ’ব৷ যথেষ্ট প্ৰত্যাহ্বান থকা কামটো কিদৰে সম্পন্ন কৰা হয় সেইটো লক্ষণীয় হ’ব৷

প্ৰসংগক্ৰমে লক্ষণীয় দিশ এটা হ’ল– ৰাজপথ এৰি ছাত্ৰ সন্থাৰ নেতাসকলে ছেবা, কাউঞ্চিলৰ কাৰ্যালয় আৰু জনতা ভৱনত চৰকাৰী বিষয়া তথা মন্ত্ৰীসকলৰ লগত চাহ-জলপান খাই মিটিং কৰি ফুৰিছে, যিটো কথাই এক পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ চৰকাৰৰ স’তে মিটিং কৰি সময় নষ্ট কৰাতকৈ পৰীক্ষা হ’লে কিদৰে হ’ব আৰু পৰীক্ষা নহ’লে কিদৰে মূল্যায়ন কৰা হ’ব পৰামৰ্শ দিবলৈ দুখন কমিটী গঠনৰ পৰামৰ্শটো দুমাহ আগতেই দিব পৰা গ’লহেঁতেন! এতিয়াও সংশ্লিষ্ট প্ৰতিটো পক্ষই ৩১ জুলাইৰ ভিতৰত ফলাফল দিয়া কামটো চেলেঞ্জ হিচাপে গ্ৰহণ কৰিব লাগিব৷ খৰধৰ কৰি পদ্ধতি আৱিষ্কাৰ কৰি চৰকাৰক সন্তুষ্ট কৰিবলৈ দৌৰাদৌৰিকৈ ফলাফল দিবলৈ গ’লে নম্বৰ তালিকাত অজস্ৰ ভুল থাকিব পাৰে আৰু সেইটোৱে আন এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব৷ এই দিশত সকলোৱে যথেষ্ট সতৰ্ক হ’ব লাগিব৷