অলিম্পিকলৈ ভাৰতৰ প্ৰস্তুতি
ক’ভিডৰ প্ৰতিকূল পৰিৱেশৰ মাজতে ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব বিশ্ব ক্ৰীডা.ৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিক৷ প্ৰতিবাৰেই অলিম্পিকৰ পূৰ্বে ভাৰতীয় দলটোক লৈ বহু আশা কৰা হয়৷ এইবাৰো ভাৰতীয় অলিম্পিক সংস্থাই দহটাতকৈ অধিক পদক আশা কৰিছে৷ কিন্তু প্ৰশ্ন হয়– ভাৰতীয় দলটোৱে এই প্ৰত্যাশাৰ মান ৰাখিব পাৰিবনে? অলিম্পিকত ভাৰতে এতিয়ালৈকে পাইছে মুঠতে ২৬টা পদক, য’ত আছে ৯টা স্বৰ্ণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক৷ অলিম্পিকত ভাৰতে লাভ কৰা ৯টা স্বৰ্ণপদকৰ আঠটাই আহিছে হকীত৷ আনটো স্বৰ্ণ পদক ২০০৮ চনৰ বেইজিং অলিম্পিকত লাভ কৰিছিল শ্বুটাৰ অভিনৱ বিন্দ্ৰাই৷ অলিম্পিকত এতিয়ালৈকে ব্যক্তিগতভাৱে স্বৰ্ণপদক লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈজন হৈছে বিন্দ্ৰা৷ ব্ৰাজিলৰ ৰিঅ’ চহৰত অনুষ্ঠিত ২০১৬ চনৰ অলিম্পিকৰ পূৰ্বেও ভাৰতে অন্ততঃ দহটা পদক লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হৈছিল দলটো৷ এইবাৰো অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোৰ পৰা অধিক পদক আশা কৰা হৈছে৷ মূলতঃ আৰ্চাৰী, বেডমিণ্টন, বক্সিং, হকী, শ্বুটিং, মল্লযুঁজ, টেনিছ আৰু টেব্ল টেনিছত ভাৰতে পদক লাভ কৰিব বুলি আশা কৰা হৈছে৷
উল্লেখ্য, কৰ’নাৰ সংক্ৰমণৰ বাবে যোৱা বছৰ হ’বলগীয়া অলিম্পিক এবছৰ পিছুৱাই দিয়া হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে যোৱা বছৰৰ অধিক সময়েই খেলুৱৈসকল অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল৷ এই সমস্যা কেৱল ভাৰতীয় খেলুৱৈৰ ক্ষেত্ৰতে হোৱা নাই, ক’ভিডৰ বাবে আন দেশবোৰতো ব্যাহত হৈছিল খেলৰ গতিবিধি৷ এইবাৰ ক’ভিডৰ দ্বিতীয়টো ঢৌৱে ভাৰতক অধিক ক্ষতিগ্ৰস্ত কৰিছে আৰু তাৰ মাজতে ভাৰতে প্ৰস্তুতি চলাইছে অলিম্পিকৰ বাবে৷ ভাৰতীয় অলিম্পিক সংস্থাই জনোৱা মতে, টকিঅ’ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোত থাকিব ১২৫-১৩৫গৰাকী খেলুৱৈ৷
অলিম্পিকৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় শ্বুটাৰ আৰু বক্সাৰৰ বাবে বিদেশত অনুশীলনৰ ব্যৱস্থা কৰা হৈছে৷ ২০১৬ চনৰ অলিম্পিকৰ পাছত ক্ৰীড়া মন্ত্ৰণালয়ে টকিঅ’ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে ১১৬৯.৬৫ কোটি টকা খৰচ কৰিছে৷ ভাৰতীয় অলিম্পিক সংস্থাই আশা কৰা মতে, টকিঅ’ত যদি ভাৰতে দহ বা ততোধিক পদক লাভ কৰিবলৈ সক্ষম হয়, তেন্তে সেয়া হ’ব এটা অভিলেখ৷ পদকৰ হিচাপত অলিম্পিকত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০১২ চনত৷ লণ্ডনত অনুষ্ঠিত সেইবাৰৰ অলিম্পিকত ভাৰতে পাইছিল ছটা পদক, য’ত আছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন ক্ৰমাৎ উন্নত হৈছে৷ বিশেষকৈ বক্সিং, মল্লযুঁজ, শ্বুটিং, বেডমিণ্টন, টেনিছ আদি ইভেণ্টত ভাৰতীয় খেলুৱৈ এতিয়া বিশ্বৰ আন দেশৰ খেলুৱৈক প্ৰত্যাহ্বান জনাবলৈ সক্ষম৷ ক্ৰিকেটেই যিখন দেশৰ সৰ্বাধিক জনপ্ৰিয় খেল, সেই দেশখনৰ ক্ৰীড়াপ্ৰেমীৰ মাজত এতিয়া আন খেলৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাইছে৷ নিঃসন্দেহে এয়া উৎসাহৰ বিষয়৷ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে চৰকাৰৰ লগতে ক্ৰীড়া ফেডাৰেশ্বনবোৰৰো নিঃস্বাৰ্থভাৱে কাম কৰাৰ মনোভাব থাকিব লাগিব৷ উল্লেখ্য, ২০০৪ চনৰ অলিম্পিকত ৩২টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদকেৰে চীন আছিল পদকৰ তালিকাত দ্বিতীয় স্থানত৷ কিন্তু চাৰি বছৰ পাছত আয়োজক হিচাপে বেইজিং অলিম্পিকত আমেৰিকাক পিছ পেলাই ৫১টা স্বৰ্ণ, ২১টা ৰূপ আৰু ২৮টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ শীৰ্ষস্থানত উপনীত হ’ল চীন৷ চীনৰ এই উত্তৰণৰ মূলতে আছিল অলিম্পিকৰ বাবে দেশখনৰ দীৰ্ঘম্যাদী আৰু প্ৰণালীবদ্ধ পৰিকল্পনা৷ এনেধৰণৰ পদক্ষেপ ল’ব পাৰিলে ভাৰতেও যে সফলতা লাভ কৰিব পাৰিব, তাত সন্দেহ নাই৷ ক্ৰিকেটৰ দৰে ভাৰতত শেহতীয়াভাৱে আন খেলবোৰতো পেছাদাৰিত্বৰ প্ৰভাৱ পৰিছে৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনবোৰো খেলুৱৈক সঠিক দিশত আগবঢ়াই নিয়াত সচেষ্ট হোৱা উচিত৷ যিকেইটা ইভেণ্টত ভাৰতীয় খেলুৱৈৰ পদক লাভৰ সম্ভাৱনা থাকে, সেই ইভেণ্টকেইটা বাছি লৈ খেলুৱৈসকলৰ বাবে উপযুক্ত সা-সুবিধাৰ ব্যৱস্থা কৰিবপাৰিলে সুফল নোপোৱাৰ কাৰণ নাই৷ টকিঅ’ অলিম্পিকত পদকৰ ক্ষেত্ৰত ভাৰতে ভংগ কৰক পূৰ্বৰ অভিলেখ– এই আশাতে থাকিব দেশখনৰ ক্ৰীড়াপ্ৰেমী৷






