Logo
image

ভয়াৱহ দিনৰ আশংকা

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ সময়তে অসমকে ধৰি কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উপৰি কুম্ভমেলাকে ধৰি নানা অনুষ্ঠান পাতি জনসমাগম বৃদ্ধি কৰাৰ ফলতে ভাৰতত দ্ৰুতগতিত কৰ’না ভাইৰাছৰ দ্বিতীয়টো সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই দেশৰ জনসাধাৰণে সময়মতে কৰ’না ভেক্‌চিন লাভ কৰাত ব্যৰ্থ হোৱাত কৰ’নাৰ দ্বিতীয়টো ঢৌৱে মৃত্যু বিভীষিকাৰ সৃষ্টি কৰে৷ চিকিৎসালয়ত আই চি ইউ বেডৰ অভাৱ, ৰোগীক দিবলৈ অক্সিজেনৰ অভাৱৰ বাবেই কৰ’নাৰ দ্বিতীয় ঢৌত দেশৰ বুজনসংখ্যক লোকে মৃত্যুক আঁকোৱালি লয়৷ এটা সময়ত দেশত দৈনিক কেইবা লাখ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত সম্প্ৰতি এই সংক্ৰমণ ৫০ হাজাৰতকৈ কমিছে যদিও দেশত কৰ’না বিভীষিকাৰ ক’লা ডাৱৰ আঁতৰা নাই৷ অৱশ্যে, নেচনেল ছুপাৰ মডেল কমিটীৰ তথ্য অনুসৰি পহিলা জুলাইৰ পৰা দেশত কৰ’না সংক্ৰমনৰ হাৰ দিনে পোন্ধৰ হাজাৰতকৈও কম হ’ব আৰু কমেও তিনি-চাৰি মাহ পাছতহে কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা আছে৷ কিন্তু দেশত ইতিমধ্যে কৰ’নাৰ নতুন প্ৰজাতি ডেল্টা প্লাছ ভাইৰাছৰ উপস্থিতি ধৰা পৰাত তৃতীয় ঢৌ যে আহি আছে, সেই কথা সহজেই অনুমেয়৷ ইতিমধ্যে দেশৰ তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কেৰালাৰ ২২জন লোক এই নতুন ভাইৰাছত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে উক্ত তিনিওখন ৰাজ্যক এই নতুন ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷

উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক ক’ভিড প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত যিধৰণে ব্যৱস্থা ল’ব লাগিছিল, সেইধৰণে ব্যৱস্থা নোলোৱাৰ বাবে এতিয়াও ভাৰতৰ বুজনসংখ্যক লোকে ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ তথ্য অনুসৰি, ভাৰতত ২১ জুনপৰ্যন্ত মুঠ জনসংখ্যাৰ ৩.৭ শতাংশ লোকেহে কৰ’না প্ৰতিষেধকৰ দুয়োপালি ভেক্‌চিন লৈছে৷ অৱশ্যে মুঠ জনসংখ্যাৰ আৰু ১৭ শতাংশই প্ৰথম পালি ভেক্‌চিন লৈছে যদিও দেশৰ গৰিষ্ঠসংখ্যক লোকেই এতিয়াও ভেক্‌চিন লাভৰ পৰা বঞ্চিত হৈ আছে৷ বিশেষকৈ ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰৰ মাত্ৰ কিছুসংখ্যকেহে ভেক্‌চিন পাইছে৷ তদুপৰি ১৮ অনূধবৰ্ লোকে এতিয়াও লাভ কৰা নাই ভেক্‌চিন৷ দেশৰ মুঠ জনসংখ্যাৰ বুজন অংশ ২৫ অনূধবৰ্ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা ক’ব পাৰি যে যদিহে কৰ’নাৰ তৃতীয়টো ঢৌ আহে, তেন্তে ভেক্‌চিন নোলোৱা এইসকল লোক সহজতে আক্ৰান্ত নহ’বনে? ইতিমধ্যে দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌ আহিব বুলি এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই মন্তব্য কৰিছে৷ গুলেৰিয়াৰ মতে, ৬-৮ সপ্তাহৰ ভিতৰত দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৱে আঘাত হানিব৷ অৱশ্যে কৰ’নাৰ তৃতীয় ঢৌ সন্দৰ্ভত ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে যদিও এই কথা নিশ্চিত যে কৰ’নাৰ তৃতীয় ঢৌ আহি আছে৷ উল্লেখ্য, ভাৰতত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ সময়ত B.1.617.2 নামৰ ডেল্টা প্ৰজাতিয়ে ব্যাপক হাৰত সংক্ৰমণ ঘটাইছিল৷ সম্প্ৰতি কৰ’না ভাইৰাছৰ উৎপৰিৱৰ্তন ঘটি K417N নামৰ ডেল্টা প্লাছ প্ৰজাতিৰ সৃষ্টি হোৱা বুলি বিশেষজ্ঞসকলে কৈছে৷ এই নতুন প্ৰজাতিৰ ভাইৰাছবিধ পূৰ্বৰ ভাইৰাছতকৈও অধিক শক্তিশালী৷ আনকি ভাৰতত ইতিমধ্যে টিকাকৰণ কৰোৱা ক’ভাক্সিন আৰু ক’ভিশ্বিল্ডেও এই ভাইৰাছক প্ৰতিৰোধ কৰিব নোৱাৰিব বুলিও বিভিন্নজনে মন্তব্য কৰিছে৷ অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ মতে, ভাৰতৰ এই দুয়োবিধ ভেক্‌চিনৰে নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে৷ উল্লেখ্য, ভাৰতকে ধৰি বিশ্বৰ ৯খন দেশত ডেল্টা প্লাছ প্ৰজাতিৰ নতুন কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এই নতুন প্ৰজাতিৰ ভাইৰাছটোৰ সংক্ৰমণ ক্ষমতা অধিক হোৱাৰ উপৰি ই দেহত প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু হাঁওফাঁওৰ কোষক আক্ৰমণ কৰে৷ কৰ’নাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পাছতে চৰকাৰে ক’ভিড বিধিত কিছু শিথিলতা কৰিলেও জনসাধাৰণে যদিহে সতৰ্ক হৈ নাথাকে, তেন্তে অচিৰেই হয়তো কৰ’নাৰ তৃতীয়টো ঢৌৱে পুনৰ এক বিভীষিকাৰ সৃষ্টি কৰিব৷ সেয়ে প্ৰতিজন লোকে যিমান সম্ভৱ সিমান সোনকালে ভেক্‌চিন লোৱাৰ উপৰি মাস্ক পৰিধান কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থকা, ছেনিটাইজ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ববিধি মানি চলাটো অতি জৰুৰী৷ যদিহে দেশত পুনৰ কৰ’নাৰ তৃতীয়টো ঢৌ আহে আৰু স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হয়, তেন্তে দেশত মহামাৰীত মৃত্যু হোৱাতকৈ খাদ্যৰ অভাৱত অধিকসংখ্যক লোকৰ মৃত্যু হ’ব আৰু সমাজত চুৰি-ডকাইতি আৰু দেহ ব্যৱসায়ৰ প্ৰসাৰ ঘটি সামাজিক পৰিৱেশ কলুষিত কৰিব৷